ETV Bharat / politics

UCC Bill 2024: মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ বাবে লাভবান হ’ব ইউনিফৰ্ম চিভিল কোড

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 8:55 PM IST

UCC Bill 2024: বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনত উত্থাপন হ’ল ইউনিফৰ্ম চিভিল কোড ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সদনৰ মজিয়াত মজিয়াত ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2024 উত্থাপন কৰে ৷

Etv BharatUCC Bill 2024
UCC Bill 2024: মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ বাবে লাভবান হ’ব ইউনিফৰ্ম চিভিল কোড

নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী : ইউনিফৰ্ম চিভিল কোডক লৈ সমগ্ৰ দেশতে বিতৰ্ক অব্যাহত আছে । এক দেশ এক আইনৰ লক্ষ্যৰে মোডী চৰকাৰে ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত জোৰ দিছে । উত্তৰাখণ্ড আৰু সমগ্ৰ দেশবাসীৰ উৎকণ্ঠা সামৰি অৱশেষত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত ইউনিফৰ্ম চিভিল কোড বিধেয়ক 2024 উত্থাপন কৰে ৷ ইতিমধ্যে এই বিলখনৰ সন্দৰ্ভত সদনত আলোচনা অব্যাহত আছে । এই বিধেয়ক উত্থাপনৰ লগে লগে সদনৰ ভিতৰত জয় শ্ৰীৰাম, বন্দে মাতৰম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে চাৰিওফালে হাত চাপৰি বজায় ৷

এই বিধেয়ক মুছলমান সম্প্ৰদায়ৰ যুৱতীসকলৰ বাবে হ’ব সুৰক্ষা কবচ : ইউনিফৰ্ম চিভিল কোডত কন্যাসকলৰ সুৰক্ষাৰ বিশেষভাৱে যত্ন লোৱা হৈছে । ইয়াৰ অধীনত হিন্দু আৰু মুছলমানকে ধৰি সকলো ধৰ্মৰ ছোৱালীৰ বিবাহৰ নিম্নতম বয়স 18 বছৰ ৰখা হৈছে । এই বিধেয়কৰ অধীনত সকলো ধৰ্মৰ যুৱতীয়ে তেওঁলোকৰ ভাতৃৰ দৰে পিতৃৰ সম্পত্তিৰ প্ৰাপ্ত কৰাৰ অধিকাৰ লাভ কৰিব । ইয়াৰ বাহিৰেও, পাৰ্চী সম্প্ৰদায়ত প্ৰথম বিবাহ বিচ্ছেদৰ পিচত দিয়া সময় আছিল 2 বছৰ, কিন্তু এতিয়া সেই ম্যাদ 6 মাহলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ উপৰিও এই বিধেয়কৰ অধীনত বিবাহ বিচ্ছেদৰ পিচত মুছলমান সম্প্ৰদায়ৰ মহিলাসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অন্তভুৰ্ক্ত আছিল ইউনিফৰ্ম চিভিল কোড বিধেয়ক : উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাটো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা হৈছিল । 2022 চনৰ 23 মাৰ্চত ধামী চৰকাৰ গঠনৰ পিচত অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত ইউনিফৰ্ম চিভিল কোড বিধেয়ক কাৰ্যকৰীকৰণত অনুমোদন জনোৱা হৈছিল । লগতে, কেবিনেটে ইউচিচিৰ খচৰা প্ৰস্তুত কৰাৰ বাবে এক বিশেষজ্ঞ সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছিল । ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ গঠন কৰা বিশেষজ্ঞ সমিতিত পাঁচজন সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল ৷

লগতে পঢ়ক: Uniform Civil Code : ইউনিফৰ্ম চিভিল কোডক লৈ তৎপৰ কেন্দ্ৰীয় চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.