ETV Bharat / politics

মাজুলীত তৎপৰ শাসক-বিৰোধী : বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তিনি মন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 5:09 PM IST

JORHAT BJP CANDIDATE
মাজুলীত মন্ত্ৰী অতুল বৰা

BJP Election campaign Majuli : তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত তিনি মন্ত্ৰী ৷ ৰাইজ উন্নয়নৰ লগত আছে গতিকে তপন কুমাৰ গগৈ জয়ী হ’ব বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত তিনি মন্ত্ৰী

মাজুলী, 5 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপিছে সিমানেই তৎপৰতা বাঢিছে ৰাজনৈতিক দলসমূহৰ ৷ মাজুলীতো ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সৰ্বস্ব উজাৰি প্ৰচাৰ চলাইছে শাসক-বিৰোধী উভয়ে ৷ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দুদিন মাজুলীত প্ৰচাৰ চলোৱাৰ পাচত শুকুৰবাৰে বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় ৰাজ্যৰ তিনিগৰাকী মন্ত্ৰী ৷ বিশেষ ফেৰীৰে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় অজন্তা নেওগ, অতুল বৰা আৰু কেশৱ মহন্ত ৷

তিনিওগৰাকীয়ে মন্ত্ৰীয়ে আজি মাজুলীৰ বিভিন্ন স্থানত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই নামনি মাজুলীত এখন সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে অজন্তা নেওগে মাজুলীত তিনিখন সভাত অংশগ্ৰহণ কৰিব ৷

মাজুলীত উপস্থিত হৈ সাংবাদিকৰ আগত মন্ত্ৰী অতুল বৰাই কয় যে, আজিৰ তাৰিখত অসমত মোদীৰ ঢৌ চলিছে ৷ ৰাইজ উন্নয়নৰ লগত আছে গতিকে তপন কুমাৰ গগৈ জয়ী হ’ব ৷ অতুল বৰাই কয় যে, দিনক দিনে ৰাইজ বিজেপি দলৰ প্ৰতি অধিক আকৃষ্ট হৈছে ৷ গতিকে ফলাফল যথেষ্ট ভাল হ’ব ৷ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী দুজন জয়লাভ কৰিব বুলিও দাবী কৰে অতুল বৰাই ৷

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই পুনৰ কয় যে, এতিয়া বিৰোধী বুলি একো নাই ৷ নিৰ্বাচন একপক্ষীয়ৰ নিচিনা হ’ব ৷ লগতে এইবাৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি মিত্ৰজোঁটে 14 খন আসন পাব বুলি দাবী কৰে তেওঁ ৷

লগতে পঢ়ক : যোৰহাটত যথেষ্ট আকৰ্ষণীয় হ'ব দুই 'গগৈ'ৰ যুঁজ; প্ৰচাৰত নামিছে ৰথী-মহাৰথী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.