ETV Bharat / politics

চৰ্চাত থাকিও নাপালে ভোট : কি আশা কৰি কি পালে এইসকল প্ৰাৰ্থীয়ে ? - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 8:32 PM IST

LS Polls Results: সদায় চৰ্চাত থকা কেইখনমান মুখ, এইবাৰ নামিছিল লোকসভা নিৰ্বাচনৰ যুদ্ধক্ষেত্ৰত ৷ কিন্তু তেওঁলোক বাৰুকৈয়ে বিফলতাৰ মুখামুখি হয় ৷ কোন কোন এইসকল প্ৰাৰ্থী ? পঢ়ক সবিশেষ...

Lok Sabha Election 2024 results
LS Polls Results (ETV Bharat Assam)

গুৱাহাটী, ৬ জুন: লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে চৰ্চালৈ আহিছে এটা বিশেষ প্ৰসংগ । বহু জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ অৱসান ঘটাই নিৰ্বাচনী ফলাফল ঘোষণা হ'ল আৰু লগে লগে জয়-পৰাজয়ৰ ছবিখনো স্পষ্ট হ'ল । কিন্তু ইয়াৰ মাজতে এটা প্ৰসংগ বিশেষভাৱে চৰ্চিত হৈছে । সেয়া হৈছে এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কিছুসংখ্যক প্ৰাৰ্থী । যিসকল প্ৰাৰ্থী কিবা নহয় কিবা প্ৰকাৰে প্ৰায়ে চৰ্চাত থাকে । অৱশ্যে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবেই এওঁলোক চৰ্চিত নহয় ।

পূৰ্বৰে পৰাই কিবা নহয় কিবা কাৰণত তেওঁলোক প্ৰায়ে চৰ্চাত থাকে । নিৰ্বাচন খেলাৰ বাবে আৰু অধিক চৰ্চিত হৈছিল তেওঁলোক । নিজকে খুব জনপ্ৰিয় বুলি ভবা এইসকলৰ জনপ্ৰিয়তাৰ ছবিখন নিৰ্বাচনী ফলাফলত স্পষ্ট হৈ পৰিল । সমাজ জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চিত হৈ এইসকল লোকে ভোটৰ ৰাজনীতিত কি পালে তাৰেই আভাস দিয়াৰ বাবে এই প্ৰতিবেদন । এই প্ৰতিবেদনত ৰাজনৈতিক আৰু অৰাজনৈতিকভাৱে চৰ্চাত থকা কেইগৰাকীমান প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিলে তাৰ বিষয়ে দাঙি ধৰা হৈছে ।

লগতে পঢ়ক: বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024

দুলু আহমেদ: সমষ্টি বৰপেটা

ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষ উত্থান নহ'লেও প্ৰায়ে চৰ্চাত থকা এজন ৰাজনীতিক হৈছে দুলু আহমেদ । প্ৰায়ে বিতৰ্কিত আৰু দলৰ বিৰুদ্ধে মন্তব্য কৰি তেওঁ চৰ্চাত থাকে । কংগ্ৰেছত থকা সময়ত টিকট নাপাই অসম জাতীয় পৰিষদত যোগদান কৰিছিল দুলু আহমেদে । কিন্তু এই লোকসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ পৰা টিকট নাপাই তেওঁ বিসম্বাদ কৰি বৰপেটা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয় । ঐশ্বৰ্যশালী দুলু আহমেদে আনকি নিৰ্বাচনী প্ৰচাৰৰ বাবে নামী-দামী তাৰকাৰো সমাৱেশ ঘটাইছিল । জনসমৰ্থম পাম বুলি দৃঢ় বিশ্বাসী আছিল তেওঁ । কিন্তু ফলাফলত এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল । তেওঁ লাভ কৰিলে মাত্ৰ ৯৩৩৮ টা ভোট । আনকি নোটাতকৈ কম ভোট লাভ কৰিলে দুলু আহমেদে । বৰপেটা সমষ্টিত নোটাত ভোট পৰিছিল ১৭,১১৭ টা । সমষ্টিটোৰ পৰা ১৪ জনে নিৰ্বাচন খেলিছিল । কিন্তু নোটাৰ স্থান আছিল চতুৰ্থ । এয়া আছিল দুলু আহমেদৰ বৰপেটা সমষ্টিত জনপ্ৰিয়তা ।

শুকুৰ আলী: ধুবুৰী সমষ্টি

এজন অন্যতম চৰ্চিত প্ৰাৰ্থী শুকুৰ আলী । সামাজিক মাধ্যমত শুকুৰ আলী বিশেষভাৱে চৰ্চিত । অৱশ্যে শুকুৰ আলীৰ চৰ্চাৰ প্ৰসংগত আমি বিশেষ একো ক'বলৈ নাযাও । কাৰণ তেওঁৰ চৰ্চাৰ বিষয়ে সকলোৱে কম-বেছি পৰিমাণে জ্ঞাত । আনকি মুখ্যমন্ত্ৰীৰ মুখতো মাজে মাজে সময়ে উচ্চাৰিত হয় শুকুৰ আলীৰ নাম । অদ্ভূত কথনশৈলী আৰু ভংগীমাৰ বাবে শুকুৰ আলী প্ৰায়ে চৰ্চাত থাকে । নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পাচত যথেষ্ট চৰ্চালৈ আহিছিল । সংখ্যালঘু লোকৰ মাজত বিশেষ পৰিচয় থকা শুকুৰ আলীয়ে ধুবুৰীত সংখ্যালঘু ভোটেৰে সংসদীয় ৰাজনীতিলৈ যোৱাৰ সপোন দেখিছিল । কিন্তু বাস্তৱত শুকুৰ আলীয়ে লাভ কৰিলে মাত্ৰ ৪৭৯২ টা ভোট । যিটো সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰিলে । ধুবুৰী সমষ্টিৰ ১৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছিল । আনহাতে ধুবুৰী সমষ্টিত নোটাত ভোট পৰিছিল ১৫,০১৫ টা । শুকুৰ আলী নোটাৰ পৰাও বহু আঁতৰত থাকিল । সমষ্টিটোৰ ১০ গৰাকী প্ৰাৰ্থীয়ে নোটাতকৈ কম ভোট লাভ কৰিলে ।

লগতে পঢ়ক: ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024

বিশ্বজিত ৰায়: ধুবুৰী সমষ্টি

কোচ ৰাজবংশী জনগোষ্ঠিৰ জাতীয় সংগঠনক দীঘলীয়া সময় নেতৃত্ব দিয়া বিশ্বজিত ৰায় সকলোৰে পৰিচিত এজন নেতা । দীঘলীয়া সময় অৰাজনৈতিকভাৱে সংগ্ৰাম কৰা বিশ্বজিত ৰায়ে আক্ৰাছুক নেতৃত্ব দি আহিছিল । পৃথক কমতাপুৰৰ দাবীত দীঘলীয়া সংগ্ৰাম কৰা বিশ্বজিত ৰায়ে হঠাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বিষয়টো বিশেষভাৱে চৰ্চালৈ অহা নাছিল । অৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ অহাৰ বাবে তেওঁ ধুবুৰী সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছিল । জাতীয় সংগঠনৰ নেতা হিচাপে বিশেষ পৰিচিত বিশ্বজিত ৰায়ে কিন্তু ভোটৰ ৰাজনীতিত এক প্ৰকাৰ জিৰ' হৈ পৰিল । তেওঁ লাভ কৰিলে মাত্ৰ ৭৭০৩ টা । আনকি নোট‍াত ইয়াতকৈ বেছি ১৫০১৫ টা ভোট পৰিছিল ।

শিখা শৰ্মা: নগাঁও সমষ্টি

বিতৰ্কৰ মাজেৰে প্ৰায়ে চৰ্চাত থাকে শিখা শৰ্মা । এগৰাকী বিতৰ্কিত লেখিকা হিচাপেও তেওঁ চৰ্চিত । তেওঁৰ বিতৰ্ক ইমানে ঊৰ্দ্ধত যে তেওঁ ইয়াৰ বাবে কাৰাগাৰলৈয়ো যাবলগীয়া হৈছিল । বিশেষকৈ চৰকাৰৰ বিৰুদ্ধে প্ৰায়ে সৰৱ হোৱা শিখা শৰ্মাক সংখ্যালঘু সম্প্ৰদায়ৰ ত্ৰাণকৰ্তা হিচাপে দেখা যায় । সংখ্যালঘুৰ পক্ষত সদায়ে মাতি মাতি চৰ্চাত থকা শিখা শৰ্মাই সেই জনপ্ৰিয়তাৰে নিৰ্বাচনী বৈতৰণী পাৰ হ'ব বুলি ভাবিছিল । কিন্তু নহ'ল, নগাঁও সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা শিখা শৰ্মাই লাভ কৰিলে ৬৬২০ টা ভোট । ইয়াৰ বিপৰীতে ন'টাত পৰিছিল ১১,৯৯৫ টা ভোট । সমষ্টিটোৰ পৰা ১৩ গৰাকীয়ে প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছিল ।

লগতে পঢ়ক: ফলাফল ভাল হ’লেও অসমত কংগ্ৰেছতকৈ ভোটৰ হাৰ কমিল বিজেপিৰ - Lok Sabha Election results 2024

আমিনুল ইছলাম: নগাঁও সমষ্টি

এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম ৰাজনীতিৰ ক্ষেত্ৰখনৰ এজন পৰিচিত নেতা । দীঘলীয়া সময় ৰাজনীতিৰ ক্ষেত্ৰখনত থকা আমিনুল ইছলামো প্ৰায়ে চৰ্চাত থাকে । বিতৰ্কিত মন্তব্য কৰাৰ ক্ষেত্ৰত আমিনুল ইছলামৰ নামো ৰাজনীতিকৰ শীৰ্ষত আছে । ৰাজ্যৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ যোৱাৰ মানসেৰে নগাঁও সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু নগাঁৱত কংগ্ৰেছ আৰু বিজেপিৰ যুঁজত তেওঁ তিষ্ঠি থাকিব নোৱাৰিলে । তেওঁ লাভ কৰিলে ১৩৭৩৪০ টা ভোট ।

পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ: কোকৰাঝাৰ সমষ্টি

বিশেষভাৱে চৰ্চিত এজন যুৱ নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ । তৃতীয় বড়ো শান্তি চুক্তিৰ মাধ্যস্থতাকাৰী হিচাপে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ এক সুকীয়া পৰিচয় আছে । আনহাতে তেওঁ এন ডি এফ বি আৰু চৰকাৰৰ শান্তি আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা বুলিও দাবী কৰে । বিদেশত উচ্চশিক্ষা গ্ৰহণ কৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ বড়োমূলৰ যদিও নিজকে ৰাজপৰিয়ালৰ বংশধৰ বুলি দাবী কৰে । কম সময়তে বিশেষ পৰিচয় লাভ কৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ এটা সময়ত ইউ পি পি এলৰ সাধাৰণ সম্পাদক পদত আছিল যদিও তেওঁক দলৰ পৰা নিলম্বন কৰা হৈছিল । লোকসভা নিৰ্বাচনত তেওঁ বি পি এফৰ হৈ কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছিল । কিন্তু বিপিএফৰ পৰা টিকট নাপাই তেওঁ নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হয় । জয়ী হ'ম বুলি সদৰী কৰা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে লাভ কৰে ৩৩৭৩৭ টা ভোট ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচন: বাঘা বাঘা নেতা কিয় পৰিল ৰ'ণত ? - DEFEATED HEAVYWEIGHT LS CANDIDATES IN ASSAM

দিলোৱাৰা বেগম চৌধুৰী : কাজিৰঙা সমষ্টি

কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দিলৱাৰা বেগম চৌধুৰী চৰ্চালৈ আহিছিল বিশাল সম্পত্তিৰ গৰাকী হোৱাৰ বাবে । শপতনামাত দাখিল কৰা সম্পত্তিৰ পৰিমাণৰ বাবেই তেওঁ চৰ্চালৈ আহে । শপতনামাত দিয়া তথ্য মতে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৭.৫৮ কোটি টকা । কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা অন্যতম ধনী প্ৰাৰ্থী আছিল দিলোৱাৰা বেগম চৌধুৰী । ধনবান হ'লেও তেওঁ লাভ কৰিলে মাত্ৰ ১১৭৪৩ টা ভোট । আনহাতে কাজিৰঙা সমষ্টিত নোটাত ভোট পৰিছিল ২৪৪৩১ টা ।

ৰাধেশ্যাম বিশ্বাস : শিলচৰ সমষ্টি

ৰাজনীতিৰ ক্ষেত্ৰখনত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট ৰাধেশ্যাম বিশ্বাসে এইবাৰ তৃণমূল কংগ্ৰেছৰ হৈ শিলচৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ২০১৪ চনত এ আই ইউ ডি এফৰ হৈ কৰিমগঞ্জৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছিল । ২০১৯ চনত তেওঁ পৰাজিত হৈছিল । এইবাৰ তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও প্ৰাক্তন সাংসদ হিচাপে লাভ কৰিলে মাত্ৰ ২০৪৯৩ টা ভোট ।

লগতে পঢ়ক: অসমৰ ১৪ টা সমষ্টিৰ ফলাফলৰ ৰূপৰেখা: শেষ হাঁহি মাৰি কোন কোন দিল্লীলৈ: জানক এটা ক্লিকত... - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.