ETV Bharat / politics

কংগ্ৰেছৰ শাসনত ভাৰতবৰ্ষ পিছুৱাই গৈছিল : সৰ্বানন্দ সোণোৱাল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 3:25 PM IST

কংগ্ৰেছৰ শাসনত ভাৰতবৰ্ষ পিছুৱাই গৈছিল বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷ লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ১২ খন বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলিও মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৷

SARBANANDA SONOWAL
বাক্সাৰ থমনাত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

বাক্সা, ৩০ এপ্ৰিল: মঙলবাৰে বাক্সাৰ থমনাত নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ভাষণ প্ৰসংগত কংগ্ৰছ দলক তীব্ৰ সমালোচনা কৰে সৰ্বানন্দ সোণোৱালে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ ফলত ভাৰতবৰ্ষ পিছুৱাই গৈছিল ৷ নৰেন্দ্ৰ মোদীৰ দিনত ভাৰত আগুৱাই যোৱা বুলি কয় সোণোৱালে ৷ বিজেপি চৰকাৰে জনসাধাৰণৰ দুখ বুজি পাই বিভিন্ন আঁচনিৰে সহায় কৰিছে বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

সাংবাদিকৰে হোৱা বাৰ্তালাপত কেইবাটাও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, কোকৰাঝাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে জয়লাভ কৰাটো নিশ্চিত হৈ পৰিছে । কোকৰাঝাৰৰ ৰাইজে ট্ৰেক্টৰৰ ছবিত ভোট দি জয়ন্ত বসুমতাৰীক জয়ী কৰিব বুলি দাবী কৰে সৰ্বানন্দ সোণোৱালে ৷ ৰাজ্যখনৰ ১৪ খন আসনৰ ১২ খন আসন মিত্ৰজোঁটে লাভ কৰিব উল্লেখ কৰি ডিব্ৰুগড়ত তেওঁৰ জয়লাভ নিশ্চিত বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ভাষণ প্ৰসংগত সোণোৱালে কয় যে, পূৰ্বৰ চৰকাৰসমূহে শৌচালয় নিৰ্মাণত গুৰুত্ব দিয়া নাছিল ৷ কিন্তু বিজেপি চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে সেই কাম কৰি বহু পৰিয়ালৰ মান-সন্মান বৃদ্ধি কৰাৰ শক্তিশালী সিদ্ধান্ত ল’লে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিজেপি বিধায়ক মানৱ ডেকা, ৰূপজ্যোতি কুৰ্মী, বি টি চিৰ কাৰ্যবাহী সদস্য গৌতম দাস, ৰাকেশ ব্ৰহ্ম, পাৰিষদ মণ্টু বড়ো, মানাহ বিধানসভা সমষ্টিৰ প্ৰভাৰী ধীৰাজ দেউৰী, বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক: ভুৱা ভিভিঅ’ বনাই অপপ্ৰচাৰত লিপ্ত হৈছে কংগ্ৰেছ : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.