ETV Bharat / politics

মোদী চৰকাৰৰ দিনত নতুন ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিনৰ ৰূপ পাইছে গুৱাহাটীয়ে: সোণোৱাল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 10:40 PM IST

LS polls
Sarbananda Sonowal (ETV Bharat Assam)

Sarbananda Sonowal: মহানগৰীত বিজুলী কলিতা মেধিৰ হৈ দুখনকৈ নিৰ্বাচনী সভা সম্বোধন কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ । মোদী চৰকাৰৰ স্মাৰ্ট চিটি পদক্ষেপৰ অধীনত দক্ষিণ-পূব এছিয়াৰ অগ্ৰণী প্ৰাণকেন্দ্ৰ হিচাপে গুৱাহাটী উজলি উঠিবলৈ ধৰিছে । মোদীৰ দিনত হোৱা অভূতপূর্ব বিনিয়োগে গুৱাহাটীক নতুন ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ইঞ্জিন হিচাপে বিকশিত কৰিছে । বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান সোণোৱালৰ ।

সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

গুৱাহাটী, ৩ মে': তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণত নামিছে সকলো ৰথী-মহাৰথী । বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত শাসকীয় দল বিজেপিৰ প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে । শুকুৰবাৰে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে । গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে আজি চন্দ্ৰপুৰৰ সমীপৰ পানীখাইতি আৰু হেঙেৰাবাৰী অঞ্চলত দুখন জনসভা সম্বোধন কৰে ।

ভাষণত শান্তি, সমৃদ্ধি আৰু বিকাশৰ জয়যাত্ৰাক অটুট ৰখাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবলৈ সোণোৱালে উপস্থিত ৰাইজক আহ্বান জনায় । জনসভাত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, "গুৱাহাটী হৈছে দক্ষিণ-পূব এছিয়াত ভাৰতৰ প্ৰৱেশদ্বাৰ । এই গুৰুত্বৰ কথা উপলব্ধি কৰিয়েই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত গুৱাহাটীয়ে উন্নয়নৰ এক নতুন দিগন্তত উপনীত হৈছে ৷"

দীৰ্ঘদিন ধৰি মা কামাখ্যাৰ পুণ্যভূমি গুৱাহাটীৰ তাৎপৰ্য কংগ্ৰেছ চৰকাৰে স্বীকাৰ কৰা নাছিল বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বাকী অংশৰ তুলনাত দূৰৱৰ্তী আৰু পিছপৰা অঞ্চল হিচাপে উপেক্ষা কৰিছিল । গুৱাহাটী চহৰখনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ অংশ কৰি তুলিবলৈ আৰু ভাৰতৰ বিকাশ যাত্ৰাত ইয়াৰ জনসাধাৰণৰ সক্রিয় অংশগ্রহণ নিশ্চিত কৰি তুলিবলৈ কোনো আন্তৰিক প্ৰয়াস কৰা হোৱা নাছিল ।

তাৰ বিপৰীতে মোদীয়ে গুৱাহাটী আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলক নতুন ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানৰ বিকাশ ইঞ্জিন হিচাপে পৰিণত কৰিবলৈ গুৱাহাটীক সামৰি গুৰুত্বপূৰ্ণ 'এক্ট ইষ্ট' নীতি ৰূপায়ণ কৰিছে বুলি সদৰী কৰে সোণোৱালে । তেওঁ কয় যে সমগ্ৰ উত্তৰ-পূবৰ বিকাশৰ অনুঘটক হিচাপে কাম কৰি গুৱাহাটীয়ে অভূতপূর্ব বিনিয়োগ লাভ কৰি আহিছে । ইয়াৰ যোগেদি গুৱাহাটীৰ বহু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হৈছে ৷

গুৱাহাটীয়ে এতিয়া দক্ষিণ এছিয়াৰ এক অগ্ৰণী বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপে গুৰুত্ব লাভ কৰিছে । এন ডি এ চৰকাৰৰ গুৰুত্বপূৰ্ণ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীৰ স্বাস্থ্যসেৱাত বৃহৎ বিনিয়োগৰ জৰিয়তে চহৰখনে কেৱল অঞ্চলটোৰ বাসিন্দাসকলৰ বাবেই নহয় বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু নেপালকে ধৰি বৃহত্তৰ দক্ষিণ এছিয়া অঞ্চলৰ বাবেও মুখ্য স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে কাম কৰি আছে ।

নৱনিৰ্মিত এইমছ, কর্কট চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ সম্প্ৰসাৰণ, পঞ্চকৰ্মা খণ্ডৰ নির্মাণকে ধৰি অন্যান্য স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে চহৰখনৰ গুণগত স্বাস্থ্যসেৱা কেন্দ্ৰৰ ধাৰণাটোক ত্বৰান্বিত কৰা হৈছে ।

একেদৰে চহৰখনৰ আন্তঃগাঁথনি ক্ষমতা বৃদ্ধি কৰাৰ বাবেও কেতবোৰ পদক্ষেপ লোৱা হৈছে ৷ ব্ৰহ্মপুত্ৰ নদীৰ সমীপত উন্নয়ন, অমৃত উদ্যান, দলং নিৰ্মাণ, নদী প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ দৰে ব্যৱস্থাই চহৰখনৰ মান উন্নত কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মানো উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি তেওঁ কয় ।

আনহাতে তেওঁ লগতে কয় যে ২০৮ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে । ব্রহ্মপুত্র অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনৰেখা স্বৰূপ । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে 'এক্ট ইষ্ট নীতি'ক ত্বৰান্বিত কৰি এই ৰাষ্ট্ৰীয় জলপথ-২ৰ বিকাশ তথা বিভিন্ন প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়ণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । ইয়াৰ বাবে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে কাম কৰি আছে । ইয়াৰ ফলত গুৱাহাটীবাসী উপকৃত হ'ব বুলি তেওঁ কয় ।

নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্রীগৰাকীক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক অমিয় কুমাৰ ভূঞা, বিধায়ক নৱ কুমাৰ দলেকে ধৰি ভালে সংখ্যক দলীয় নেতাই সংগ দিয়ে ।

লগতে পঢ়ক: বড়োলেণ্ডত এতিয়া বন্দুকৰ বাহাদুৰি নাই : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.