ETV Bharat / politics

শক্তিশালী স্থিতিত আছে ইণ্ডি মিত্ৰজোঁট: শচীন পাইলট

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:46 PM IST

INDIA Block: বিৰোধী মিত্ৰজোঁট ইণ্ডিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শচীন পাইলটৰ । এতিয়াও বিৰোধী মিত্ৰজোঁট শক্তিশালী স্থিতিত আছে । এন ডি এৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিব ইণ্ডিয়াই ।

INDIA Block
শক্তিশালী স্থিতিত আছে মিত্ৰজোঁট ইণ্ডিয়া

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী : বিৰোধী মিত্ৰজোঁট 'ইণ্ডি'ৰ একাংশ অংশীদাৰ এনডিএত অন্তৰ্ভুক্ত হৈছে । তাৰ মাজতে ছত্তীশগড় কংগ্ৰেছৰ দায়িত্বত থকা শচীন পাইলটৰ গুৰুত্বপূৰ্ণ মন্তব্য । পাইলটৰ মতে 'ইণ্ডিয়া' ব্লক শক্তিশালী হৈ আছে । পাইলটে লগতে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জী মিত্ৰজোঁট 'ইণ্ডি'ৰ অংশ আৰু তেওঁলোকৰ প্ৰাথমিক লক্ষ্য হৈছে বিজেপিক পৰাজিত কৰা । শচীন পাইলটে কোৱা মতে তেওঁৰ সৈতে আসন ভাগ-বটোৱাৰা বিষয়ক লৈ আলোচনা চলি আছে আৰু পৰৱৰ্তী আলোচনাত ইয়াৰ সমাধান কৰা হ'ব ।

এনডিএয়ে ৪০০তকৈও অধিক আসনত জয়ী হোৱাৰ দাবী কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাইলটে কয় যে এয়া অহংকাৰী মন্তব্য । তেওঁৰ মতে এয়া ভূমি স্তৰ আৰু ব্যৱহাৰিক মূল্যায়নৰ বাহিৰত । ন্যায় যাত্ৰা যি স্থানেৰে পাৰ হৈছে তাত বিৰূপ প্ৰভাৱ পৰিছে বুলি হোৱা বিতৰ্কও খাৰিজ কৰে পাইলটে ।

শচীন পাইলটৰ মতে মল্লিকাৰ্জুন খাৰ্গে আসন সন্দৰ্ভত আলোচনা কৰি আছে । তেওঁ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত সকলো দলৰ নেতাৰ সৈতে কথা পাতি আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

শচীন পাইলটৰ মতে বিৰোধীৰ লক্ষ্য হৈছে ঐক্যবদ্ধভাৱে যুঁজ দিয়াটো নিশ্চিত কৰা । তেওঁৰ মতে একাংশ লোকে মিত্ৰতা ত্যাগ কৰিছে, কিন্তু যথেষ্ট পৰিমাণে মিত্ৰতা অটুট আছে আৰু অতি সোনকালেই আসন ভাগ-বটোৱাৰা আৰু ভৱিষ্যতৰ ৰোডমেপ ঘোষণা কৰা হ'ব ।

শচীন পাইলটে লগতে কয় যে 'ইণ্ডিয়া' ব্লকৰ সপক্ষে এক নিৰন্তৰ পৰিৱেশ আছে । নীতিশ কুমাৰে এন ডি এত যোগদান কৰাৰ লগে লগে তেওঁৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে । ই ইণ্ডিয়া ব্লকক প্ৰভাৱিত নকৰে বুলিও তেওঁ দাবী কৰে । শচীন পাইলটে কয় যে প্ৰতিটো অংশীদাৰৰ সংবেদনশীলতাৰ প্ৰতি সতৰ্ক থাকিব লাগিব । এই মিত্ৰতাৰ উদ্দেশ্য হৈছে দেশক একত্ৰিত কৰা আৰু মোদী চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা । 'ইণ্ডিয়া' ব্লকে এন ডি এৰ বাবে এক কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বুলিও পাইলটে দাবী কৰে ।

লগতে পঢ়ক :ন্যায় যাত্রাৰ প্ৰভাৱ: সোমবাৰে যোৰহাট থানাত অকলেই হাজিৰ হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.