ETV Bharat / politics

মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিভ্ৰান্তি দূৰ কৰিবলৈ আহ্বান আৰ জে ডিৰ

Chief Minister Nitish Kumar: বিহাৰৰ ৰাজনীতি উত্তাল হৈ পৰাৰ মাজতেই লালু-তেজস্বীৰ এগৰাকী ঘনিষ্ঠ নেতা মনোজ ঝাই নীতিশ কুমাৰক সন্ধিয়ালৈকে বিভ্ৰান্তি আঁতৰাবলৈ আহ্বান জনাইছে । প্ৰয়াত কৰপুৰী ঠাকুৰক "ভাৰত ৰত্ন" দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ৰাজহুৱাভাৱে ধন্যবাদ আৰু প্ৰশংসা কৰাৰ পিচতে আৰম্ভ হৈছে সংঘাত ।

Chief Minister Nitish Kumar
নীতিশ কুমাৰক বিভ্ৰান্তি দূৰ কৰিবলৈ আহ্বান আৰ জে ডিৰ
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 9:12 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৬ জানুৱাৰী : পুনৰ উত্তাল হৈ পৰিছে বিহাৰৰ ৰাজনীতি । বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি-ইউৰ সভাপতি নীতিশ কুমাৰ আৰু লালুপ্ৰসাদ যাদৱৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে পুনৰ নীতিশ কুমাৰে লুটি বাগৰ মৰাৰ ইংগিত দিছে । নীতিশ কুমাৰে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পথ গ্ৰহণ কৰি বিৰোধী মিত্ৰজোঁটৰ পৰা আঁতৰি যাব পাৰে বুলি চৰ্চা হৈ থকাক লৈ আৰম্ভ হৈছে বাকযুদ্ধ । ইয়াৰ মাজতেই নীতিশ কুমাৰক মিত্ৰতাত সৃষ্টি হোৱা বিভ্ৰান্তি আঁতৰাবলৈ আহ্বান জনাইছে আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই ।

নীতিশ কুমাৰে মহাজোঁটৰ পৰা লুটিবাগৰ মাৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হোৱাৰ সময়তে বিহাৰৰ ৰাজনীতিৰ দৃশ্য়পট মুহূৰ্তত সলনি হ'বলৈ ধৰিছে । মহাজোঁট অটুট ৰাখিবলৈ সৰৱ হৈ থকা আৰ জে ডি নেতাসকলে হঠাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিভ্ৰান্তি দূৰ কৰিবলৈ আহ্বান জনাইছে । সূত্ৰ অনুসৰি,যোৱা ২৪ জানুৱাৰীত জে ডি-ইউৰ মুৰব্বীগৰাকীয়ে দেশৰ শীৰ্ষ অসামৰিক বঁটা "ভাৰত ৰত্ন" প্ৰখ্যাত ৰাজ্যিক নেতা প্ৰয়াত কৰপুৰী ঠাকুৰক দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ৰাজহুৱাভাৱে ধন্যবাদ আৰু প্ৰশংসা কৰাৰ পিছত নীতিশ কুমাৰক লৈ আৰম্ভ হয় চৰ্চা ।

বিহাৰত ৰাজনৈতিক আলোড়নৰ মাজতে আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই এক বিবৃতিত নীতিশ কুমাৰক এই মিত্ৰতাত সৃষ্টি হোৱা বিভ্ৰান্তি আঁতৰাবলৈ আহ্বান জনাইছে । আজি সন্ধিয়াৰ ভিতৰত পৰিস্থিতি স্পষ্ট কৰিবলৈ তেওঁ আহ্বান জনাইছে । তেওঁ কয় যে সাধাৰণ ৰাইজৰ মাজত এই লৈ বিভ্ৰান্তিৰ সৃষ্টি আছে।

আৰ জে ডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই কয় যে ২০২২ চনৰ ৯ আগষ্টত এই মিত্ৰতা গঠন কৰা হৈছিল । ইয়াৰ ভেটি লালু যাদৱ, নীতিশ কুমাৰ আৰু তেজস্বী যাদৱে স্থাপন কৰিছিল । আমি বিজেপিৰ দমন আৰু ঘৃণাৰ ৰাজনীতিৰ অন্ত পেলাবলৈ এই মহাজোঁট গঠন কৰা হৈছিল । মুখ্যমন্ত্ৰীয়ে (নীতিশ কুমাৰ) দূৰদৰ্শনত অনুষ্ঠান চাই আছে আৰু মই নিশ্চিত যে তেওঁলোকে সন্ধিয়াৰ ভিতৰত ইয়াক খণ্ডন কৰিব ।"

পাটনাৰ পৰা দিল্লীলৈ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সময়তেই মনোজ ঝাই এই বিবৃতিত এনে বক্তব্য আগবঢ়াইছে । এইক্ষেত্ৰত লালুপ্ৰসাদ যাদৱ নিজেই সক্ৰিয় হৈ পৰিছে । নেতাসকলৰ সৈতে অনুষ্ঠিত কৰিছে বৈঠক । যেতিয়া মনোজ ঝাক সোধা হৈছিল যে আপুনি 'খেলিব' নেকি আৰু তেওঁ পোনছাতেই প্ৰসংগতো নাকচ কৰে ।

ইপিনে,তেজস্বী যাদৱে তেওঁৰ বিধায়কসকলক ৰাজভৱনলৈ মাতি পঠিয়াইছে । ৰাজভৱনতো বিশৃংখলতাৰ পৰিৱেশ সৃষ্টি হৈছে । এক সূত্ৰ অনুসৰি নীতিশ কুমাৰ হাই টিত যোগদান কৰিবলৈ আহিছে । ৭২ বছৰীয়া নীতিশ কুমাৰ পুনৰ বিজেপিলৈ ঘূৰি অহাৰ সম্বাৱনা নুই কৰিব নোৱাৰি । কিয়নো দলটোৰ শীৰ্ষ নেতৃত্বই বিহাৰৰ মুখ্যমন্ত্ৰী উভতি অহা সন্দৰ্ভত যোৱা কেইদিনমানত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে ৷

বিহাৰত প্ৰৱল জোকাৰণি ! বিজেপিত যোগদানৰ সম্ভাৱনা নীতিশ কুমাৰৰ