ETV Bharat / politics

ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দ্বিভাষিক হ'ব বিজ্ঞান-গণিতৰ পাঠ্যপুথি : শিক্ষা মন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:03 PM IST

English medium text controversy
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু

English medium text controversy: মাতৃভাষা আৰু ইংৰাজী ভাষাত পাঠ্যপুথি হ'ব বুলি সদনত ঘোষণা কৰিলে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি ইংৰাজী কৰাৰ বিষয়টো উত্থাপন কৰাত শিক্ষা মন্ত্রীয়ে এই বিষয়ে সদৰী কৰে ।

গুৱাহাটী,২৩ ফেব্ৰুৱাৰীঃ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি দ্বিভাষিক হ'ব । পাঠ্যপুথিৰ এটা পৃষ্ঠাত থাকিব মাতৃভাষা আৰু এটা পৃষ্ঠাত থাকিব ইংৰাজী । শুকুৰবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত এই কথা সদৰি কৰে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে । উল্লেখ্য যে আজি সদনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পাঠ্যপুথি ইংৰাজী কৰাৰ বিষয়টো উত্থাপন কৰিছিল । বিৰোধী দলপতিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰসংগৰে মাতৃভাষাৰ মাধ্যমৰ গুৰুত্ব উল্লেখ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ উত্তৰত সদনত শিক্ষা মন্ত্রীয়ে কয়,"আমি 'সৱকা সাথ, সৱকা বিকাশ' নীতিত বিশ্বাস কৰো । যাৰ বাবে সকলো পক্ষৰ কথা শুনাৰ পাছত, সাহিত্য সভা সমূহৰ লগত আলোচনা কৰাৰ পাছত সিদ্ধান্ত লোৱা হয় যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি দ্বি-ভাষিক হ'ব । অৰ্থাৎ মাতৃভাষা আৰু ইংৰাজী ভাষাত পাঠ্যপুথি হ'ব । পাঠ্যপুথিৰ এটা পৃষ্ঠাত ইংৰাজী থাকিব আৰু আনটো পৃষ্ঠাত অসমীয়া থাকিব ।" আগন্তুক শৈক্ষিক বৰ্ষৰ বাবে এই পাঠ্যপুথি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি সদনত পাঠ্যপুথিৰ নমুনা দেখুৱাই তেওঁ কয় যে শিক্ষাৰ্থী সকলে নিজৰ সুবিধা অনুসৰি দুয়োটা ভাষাতে পঢ়িব পাৰিব । শিক্ষাৰ্থী সকলৰ ওপৰত কোনো ধৰণৰ হেঁচা নাথাকিব বুলি সদৰি কৰি তেওঁ কয় যে শিক্ষাৰ্থী সকলে নিজৰ ইচ্ছা অনুসৰি অধ্যয়ন কৰিব পাৰিব ।

সেইদৰে পাঠ্যপুথিৰ দৰে প্ৰশ্নকাকতো দ্বি-ভাষিক হ'ব বুলি সদৰী কৰি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষাৰ্থীৰ সম্পূৰ্ণ স্বাধীনতা থাকিব । মাতৃভাষাৰ আঠটা মাধ্যমত বিদ্যালয় পৰিচালনা কৰা হয় বুলি প্ৰকাশ কৰি তেওঁ কয় যে এইবাৰ অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ পাঠ্যপুথি দ্বি-ভাষিক হ'ব । তেওঁ লগতে কয়,"মাতৃভাষাক লৈ আমাৰ কোনো বিতৰ্ক নাই । বৰং এইখন চৰকাৰে সৰু সৰু জনগোষ্ঠীৰ উপেক্ষিত হৈ থকা মাতৃভাষাৰ যোগেদি শিক্ষাদানৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এইখন চৰকাৰে মাতৃভাষাক প্ৰাধান্য দি শিক্ষা ব্যৱস্থাক আগুৱাই লৈ গৈছে । "

তেওঁ লগতে কয়," চৰকাৰে মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ কৰিব বিচাৰিছে বুলি অপপ্ৰচাৰ চলোৱা হয় । চৰকাৰে কতো শিক্ষানুষ্ঠান বন্ধ কৰা নাই বৰঞ্চ নতুন নতুন মাতৃভাষা মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে। বিগত বৰ্ষত ১১৮খন চাহ বাগিছা আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু ১০০খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে । " চৰকাৰে এটা ভাষাতে শিক্ষা ব্যৱস্থাটো কৰিব বিচৰা নাই বুলি সদৰি কৰি তেওঁ কয় যে মাতৃভাষাৰ লগতে যাতে ইংৰাজী ভাষাটোও শিকিব পাৰে তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক:অৱসৰৰ পিচত ৰাজনীতিলৈ আহিব নেকি মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.