ETV Bharat / politics

শাৰীৰিক অসুস্থতাৰ বাবে যোৰহাট থানাত হাজিৰ হ'ব নোৱাৰিলে ৰাণা গোস্বামী

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 4:23 PM IST

Rana Goswami
ৰাণা গোস্বামী

Rana Goswami: যোৰহাট আৰক্ষী থানাত ভূপেন বৰা হাজিৰ হ’ল যদিও ৰাণা গোস্বামী নহ’ল ৷ ইয়াৰ কাৰণ দৰ্শালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অজানিতে ভুল হৈ যোৱা বুলিও স্বীকাৰ কৰিলে ৰাণা গোস্বামীয়ে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

গুৱাহাটী, ৩১ জানুৱাৰী: যোৰহাট আৰক্ষীয়ে জাৰি কৰা চমন অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আজি যোৰহাট থানাত হাজিৰ হ'ল যদিও হাজিৰ নহ'ল কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী । অৱশ্যে থানাত হাজিৰ নোহোৱাৰ কাৰণ দাঙি ধৰিলে ৰাণা গোস্বামীয়ে । শাৰীৰিক অসুস্থতাৰ বাবে আজি থানাত হাজিৰ হ'ব নোৱাৰিলে বুলি ৰাণা গোস্বামীয়ে জনায় ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে যোৰহাট আৰক্ষীয়ে পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বুধবাৰে থানাত হাজিৰ হোৱাৰ বাবে তলব কৰিছিল । সেই অনুসৰি আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা নিৰ্ভীকভাৱে, সৎ সাহেসেৰে যোৰহাট থানাত উপস্থিত হয় । তেওঁ কয় যে কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে দলৰ গুৰুত্বপূৰ্ণ সভাতো তেওঁ উপস্থিত থাকিব পৰা নাই ।

দলৰ নিৰ্বাচনী সমিতিৰ সভাতো তেওঁ উপস্থিত থাকিব পৰা নাছিল । শাৰীৰিক অসুস্থতাৰ বাবে থানাত উপস্থিত থাকিব নোৱৰাৰ কথা সদৰী কৰি কিছু সময় বিচাৰি আৰক্ষীৰ ওচৰত আগতেই তেওঁ আবেদন জনাইছিল বুলি ৰাণা গোস্বামীয়ে জানিবলৈ দিয়ে । এই সময়ত ভূপেন বৰাৰ লগত থাকিব নোৱৰাৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে ।

অনাগত দিনত একেলগে থাকি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি তেওঁ দলৰ নেতা-কৰ্মীসকলক উদ্দেশ্যি কয় যে প্ৰত্যাহ্বান আহিছে আৰু আহি থাকিব যদিও আমি বিচলিত নহৈ একেলগে দলটোক শক্তিশালী কৰিব লাগিব । যোৰহাটৰ ঘটনা সন্দৰ্ভত তেওঁ কয় যে ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত ব্যাপক জন সমাগম হৈছিল ।

ৰাণা গোস্বামীয়ে কয়, ‘‘ সেই যাত্ৰাৰ বাবে জিলা প্ৰশাসনে দিয়া পথ নিৰ্দেশনা সিদিনা অবাঞ্ছিতভাৱে যিকোনো কাৰণতে ভুল হৈ গৈছিল । সেইটো আমি আৰু আমাৰ দলে বিচৰা নাছিলোঁ৷ সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৰহাট আৰক্ষীয়ে পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।’’

উল্লেখ্য যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত পথ নিৰ্দেশনা উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । সেই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে ভূপেন বৰাৰ বিৰুদ্ধে আঠটাকৈ ধাৰাত গোচৰ ৰুজু কৰিছিল । IPC 120(B), 115(II), 143,147, 188, 283, 323, 353 আৰু PDPP আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে । যাৰ বাবে বুধবাৰে ভূপেন বৰাক থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰা হৈছিল । লগতে আন সকলকো হাজিৰ হোৱাৰ বাবে তলব কৰা হৈছিল ।

লগতে পঢ়ক: যোৰহাট সদৰ থানাত উপস্থিত APCC ৰ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.