ডিব্ৰুগড়ত একেখন আসনত শাসক-বিৰোধী !
INDI alliance in Assam: ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সৈতে একেখন আসনত প্ৰবীণ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ । সমাগত লোকসভা নিৰ্বাচনত বিজেপি দলেই জয়ী হ’ব বুলি দাবী ঘাটোৱাৰৰ ৷

Published : March 17, 2024 at 1:53 PM IST
গুৱাহাটী, 17 মাৰ্চ : "মই জানো সৰ্বানন্দই হ’বলগীয়া নতুন চৰকাৰত গুৰুত্বপূৰ্ণ স্থান পাব " বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্দৰ্ভত শনিবাৰে এই ভৱিষ্যদ্বাণী কৰে প্ৰবীণ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে । আনকি জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিঙ ঘাটোৱাৰে 2024 ৰ লোকসভা নিৰ্বাচনত পুনৰ বিজেপিৰেই জয় হ’ব বুলি দাবী কৰে ।
ডিব্ৰুগড়ত শনিবাৰৰ নিশা বিজেপি নেতা তথা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাষত এক অনুষ্ঠানত দেখা গ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰক । বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ দল বাগৰা কাণ্ডই সম্প্ৰতি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ৰাজনীতিতো লাভ কৰি আহিছে বিশেষ চৰ্চা । কিন্তু লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ দিনাই বিজেপি নেতা সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা কৰাৰ লগতে পুনৰবাৰ কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ’ব বুলি এগৰাকী প্ৰবীণ কংগ্ৰেছী নেতাই আগবঢ়োৱা মন্তব্যই সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত লাভ কৰা পৰিলক্ষিত হৈছে সৰৱ চৰ্চা ৷
প্ৰবীণ কংগ্ৰেছী নেতাগৰাকীয়ে ইয়াৰোপৰি কয়,"মই জানো সৰ্বানন্দই হ’বলগীয়া নতুন চৰকাৰখনত গুৰুত্বপূৰ্ণ স্থান পাব ৷"
উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চই সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক ৷ ইয়াৰ মাজতে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে বিজেপি চৰকাৰ গঠন হ’ব তথা সৰ্বানন্দ সোণোৱালে গুৰুত্বপূৰ্ণ পদবী লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰাটোৱে বৰ্তমানৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ৷
ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছে যে জ্যেষ্ঠ কংগ্ৰেছীগৰাকী তথা তেওঁৰ শিবিৰে বিৰোধী ঐক্যমঞ্চৰ প্ৰক্ষেপিত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ প্ৰতি সমৰ্থন আগবঢ়াব নেকি ?
লগতে পঢ়ক: লুৰীণজ্যোতি গগৈক প্ৰশংসাৰে উপচালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে

