ETV Bharat / politics

সমাগত নিৰ্বাচন; আবিৰৰ ৰঙেৰে ৰাঙলী হৈ নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলালে একাংশ ৰাজনৈতিক নেতাই - Lok sabha Elections

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 8:33 AM IST

Lok sabha Elections 2024: চৌদিশে আবিৰ উৎসৱৰ উচাহ । ইয়াৰ মাজতে একাংশ ৰাজনৈতিক নেতাই অঘোষিতভাবে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল ৷ মংগলবাৰৰ দিনটোত কোন কোন ৰাজনৈতিক নেতাই মনোনয়ন দাখিলৰ লগতে নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ ল’লে চাওঁ আহক--

Political leaders of Assam campaign for LS Election 2024 amidst the joy of Holi
সমাগত নিৰ্বাচন; নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলালে একাংশ ৰাজনৈতিক নেতাই

তেজপুৰ, 27 মাৰ্চ: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ শাসক-বিৰোধী প্ৰতিগৰাকী নেতা-কৰ্মীয়ে প্ৰচাৰ অভিযান তুংগত কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত ফল্গু উৎসৱ ফাকুৱাৰ উছাহ-উদ্দীপনা চলি থকাৰ সময়তে মংগলবাৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে শাসক-বিৰোধী উভয়ে ।

দৌল উৎসৱ ৰাজ্যবাসীয়ে উদযাপন কৰাৰ সময়তে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ মনোৰঞ্জন কৰা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক নেতাসকলক । ইয়াৰ অংশ হিচাবে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক মংগলবাৰৰ নিশা দেখা পোৱা গৈছে তেজপুৰৰ ৰাইজৰ মাজত হোলী নৃত্য প্ৰদৰ্শন কৰা । তেজপুৰ চ’ক বজাৰৰ সমীপত মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত হোলী নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ লগত হোলী খেলে নেতাগৰাকীয়ে ।

গুঞ্জুয়ে আদিবাসী ধুতি-কামিজ আৰু এটা আদিবাসী লোকৰ পৰম্পৰাগত কোট পৰিধান কৰাৰ লগতে হোলীৰ বাবে মূৰত ৰাজস্থানী টুপী পিন্ধা দেখা গৈছিল । আনহাতে, তেজপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই কালি হোলীৰ মাজতে বিভিন্ন জ্যেষ্ঠ নাগৰিকৰ মাজত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ দত্তই আজি অৰ্থাৎ বুধবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিব ।

সমান্তৰালভাবে, মংগলবাৰে কংগ্ৰেছৰ যোৰহাট সমষ্টিৰ হেভিৱেট প্ৰাৰ্থী গৌৰৱ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মুখত ৰং সানি ৰাইজৰ সৈতে পদযাত্ৰা কৰে । গাত বগা কামিজ, ডিঙিত গামোচা, দুগালত ৰং আৰু এটা হাঁহিৰে ৰাইজৰ মাজত দেখা পোৱা যায় কংগ্ৰেছ নেতাগৰাকীক । গৌৰৱ গগৈয়েও হোলীৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

মংগলবাৰে মনোনয়ন পত্ৰ দাখিল কৰা ডিব্ৰুগড় সমষ্টিৰ হেভিৱেট প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন সভাপতি সৰ্বানন্দ সোণোৱালকো মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকক্ষণত এটা ধর্মীয় অনুষ্ঠানত প্ৰতিপক্ষ লুৰীণজ্যোতি গগৈৰ সৈতে একেলগে দেখা গৈছিল ।

বিশেষ কোনো নিৰ্বাচনী প্ৰচাৰৰ আয়োজন নকৰাকৈ হোলীৰ আনন্দ-উল্লাসৰ মাজতে জনসমাগমৰ মাজত ব্যক্তিগত প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল এইসকল ৰাজনৈতিক নেতাক ।

লগতে পঢ়ক: পিতৃ-মাতৃক সেৱা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে লুৰীণজ্যোতি গগৈয়ে - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.