ETV Bharat / politics

পাটনাৰ গুৰুদ্বাৰৰ লংগৰত প্ৰধানমন্ত্ৰীৰ সেৱা - PM Modi At Patna Sahib Gurudwara

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 1:53 PM IST

PM Modi At Patna Sahib Gurudwara: নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাটনা চহৰৰ শ্ৰী হৰমন্দিৰজী চাহিব পৰিদৰ্শন কৰে । লংগৰত ৰুটি প্ৰস্তুত কৰাৰ লগতে একাংশ ভক্তক খাদ্য পৰিৱেশনো কৰে ।

PM Modi At Patna Sahib Gurudwara
পাটনাৰ গুৰুদ্বাৰৰ লংগৰত প্ৰধানমন্ত্ৰীৰ সেৱা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৩ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ ভ্ৰমণৰ সোমবাৰে অৰ্থাৎ আজি দ্বিতীয়টো দিন । ভ্ৰমণৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে তেওঁ পাটনাত এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰে আৰু তাৰ পাচতে সোমবাৰে তেওঁ তিনিখনকৈ নিৰ্বাচনী সভা সম্বোধন কৰিব । তাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে পাটনা চহৰৰ বিখ্যাত শ্ৰীশ্ৰী হৰমন্দিৰ চাহিব দৰ্শন কৰে আৰু গুৰুদ্বাৰত প্ৰণাম জনায় ।

পুৱা প্ৰধানমন্ত্ৰী মোদী গুৰুদ্বাৰত উপস্থিত হোৱাৰ লগে লগে প্ৰবন্ধক সমিতিয়ে তেওঁক উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখসকলৰ পৰম্পৰাগত পোছাক পৰিধান কৰি তখত শ্ৰী হৰমন্দিৰ চাহিবত উপস্থিত হয় । মূৰত শিখসকলৰ পাগুৰি পৰিধান কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰত প্ৰৱেশ কৰাত আনন্দিত হৈ পৰে ভক্তসকল ।

গুৰুদ্বাৰত প্ৰণাম জনোৱাৰ পিচত প্ৰধানমন্ত্ৰীয়ে দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে । তাৰ পিচত গুৰুজীৰ সৈতে সম্পৰ্কিত অস্ত্ৰ-শস্ত্ৰবোৰো পৰিদৰ্শন কৰে । ইয়াৰ পিচত প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰৰ পাকঘৰত উপস্থিত হয় আৰু ৰুটি প্ৰস্তুত কৰে ।

মোদীয়ে পাকঘৰত ৰুটি প্ৰস্তুত কৰাৰ লগতে লংগৰলৈ অহা লোকসকলক খাদ্য পৰিৱেশন কৰে । এই সময়ছোৱাত, লংগৰত জড়িত লোকসকলক অতি আনন্দিত দেখা গৈছিল আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীৰ ফটো তুলি ৰাখিছিল । ইয়াৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও লংগৰত আহাৰ গ্ৰহণ কৰে । হালৱাৰ সোৱাদ লোৱাৰ পিচত শিখ ভক্তসকলৰ সৈতে তেওঁ লংগৰ হলত সেৱা আগবঢ়ায় ।

প্ৰধানমন্ত্ৰীয়ে গুৰুদ্বাৰত উপস্থিত থকা একাংশ ভক্তৰ সৈতে বাৰ্তালাপো কৰে । মহিলাসকলে প্ৰধানমন্ত্ৰীক বিশেষ উপহাৰ দিয়াও দেখা যায় ।

লগতে পঢ়ক :স্বৈৰাচাৰী শক্তিৰ পৰা সংবিধানক ৰক্ষা কৰিবলৈ আহ্বান খাৰ্গেৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.