ETV Bharat / politics

বিধানসভাৰ বাজেট অধিৱেশন : বিৰোধীয়ে কিয় বৰ্জন কৰিলে ৰাজ্যপালৰ ভাষণ ?

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 3:57 PM IST

Assam Assembly Budget Session : বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে বৰ্জন কৰে ৰাজ্যপালৰ ভাষণ ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ৰাজ্যপালৰ ভাষণত অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সমস্যাৰাজি প্ৰতিফলিত হোৱা নাই ৷

Assam Assembly Budget Session
বিৰোধীয়ে বৰ্জন কৰে ৰাজ্যপালৰ ভাষণ
ৰাজ্যপালৰ ভাষণ বৰ্জন বিৰোধীৰ

গুৱাহাটী, 5 ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হয় আজিৰ অধিৱেশন ৷ বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধীয়ে বৰ্জন কৰিলে ৰাজ্যপালৰ ভাষণ ৷ প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰিলে বিৰোধীয়ে ৷ বিধানসভাৰ মজিয়াত বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিস্থিতিৰ ৷ বিৰোধীৰ প্ৰতিবাদত বাধ্য হৈ এক মিনিটতে ভাষণ সামৰিবলগীয়া হ'ল ৰাজ্যপালে ৷

45 মিনিটৰ বাবে অধ্যক্ষই স্থগিত ৰাখিলে সদনৰ কাম-কাজ ৷ সদনৰ বাহিৰতো বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী কংগ্ৰেছ দলৰ সদস্য সকলৰ লগতে আন বিৰোধী দলৰ সদস্য সকল ৷ সদনৰ বাহিৰত হাতত প্লে’-কাৰ্ড লৈ শ্ল’গানেৰে মুখৰ হৈ পৰে কংগ্ৰেছ নেতাসকল ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে ৰাজ্যপালৰ ভাষণত অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সমস্যাৰাজি প্ৰতিফলিত হোৱা নাই ৷ সেয়েহে ন্যায় বিচাৰি কংগ্ৰেছ দলে ৰাজ্যপালৰ ভাষণ বৰ্জন কৰে ৷

বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধীৰ দলপতি গৰাকী ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পৰা আৰম্ভ কৰি পুৰণি পেঞ্চন নিধি বাহাল ৰখালৈকে একাধিক বিষয় দাঙি ধৰে বিৰোধীয়ে ৷ 'SI জোনমণি ৰাভাক ন্যায় দিয়ক', 'অসম চুক্তিৰ প্ৰতি ন্যায় কৰক', 'ছয় জনগোষ্ঠীৰ ন্যায় দিয়ক', 'দামিনী প্ৰজাক ন্যায় দিয়ক', 'ভূমিহীন পৰিয়ালসমূহক ন্যায় দিয়ক', 'অসমৰ নিবনুৱাসকলৰ প্ৰতি ন্যায় দিয়ক', 'চৰকাৰী চাকৰিয়ালৰ প্ৰতি ন্যায় দিয়ক', 'অসমীয়া ভাষাৰ প্ৰতি অন্যায় আচৰণ বন্ধ কৰক', 'অসমীয়া মাধ্যমৰ প্ৰতি অন্যায় আচৰণ বন্ধ কৰক' আদি দাবীৰে বিধানসভা চৌহদ উত্তাল কৰি তোলে বিৰোধীয়ে ৷ লগতে অসমীয়া ভাষাক ন্যায় দিয়ক বুলি এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে কংগ্ৰেছৰ বিধায়িনী সদস্য সকলে ৷

উল্লেখ্য যে, অসমীয়া ভাষা ক’ব নোৱৰাকৈয়ে এপিএছচিৰ প্ৰশাসনীয় সেৱা সেৱাত ৰাজস্থানৰ এজন যুৱতী উত্তীৰ্ণ হোৱা বুলি শেহতীয়াভাৱে পোহৰলৈ আহিছে ৷ বাধ্যতামূলক অসমীয়া কাকতখন বৰ্তমানৰ চৰকাৰে উঠাই দিয়াত দেশৰ যিকোনো প্ৰান্তৰ লোকৰ বাবে মুকলি হৈছিল অসম প্ৰশাসনীয় সেৱাৰ দুৱাৰ ৷ এই লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই বিষয়টো লৈয়ো বিধানসভাৰ বাজেট অধিৱেশনখনৰ প্ৰথম দিনটোতে সৰৱ হৈ পৰিল বিৰোধী কংগ্ৰেছ দল ৷ ইয়াৰ উপৰিও মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাসকলক ন্যায় দিয়ক, নগাঁৱৰ মিকিৰ বামুনি গ্ৰাণ্টৰ ৰায়তসকলক ন্যায় দিয়ক আদি দাবীৰ লগতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলক ন্যায় দি পুৰণি পেঞ্চন নিধি বাহাল ৰাখিবলৈ বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত দাবী জনায় কংগ্ৰেছ দলে ৷

লগতে পঢ়ক : ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱাৰ অভিযোগ উত্থাপন কৰি সদন ত্যাগ বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.