ETV Bharat / politics

ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত শিলচৰৰ ভোটকেন্দ্ৰত নপৰিল এটাও ভোট - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:00 PM IST

Silchar Lok Sabha Constituency :শিলচৰ লোকসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত ৰাইজে নকৰিলে ভোটদান । ভোটাৰ ৰাইজে ভোটদান নকৰাৰ কাৰণ কি ?

Silchar Lok Sabha Constituency
ভোটকেন্দ্ৰত ৰাইজে নকৰিলে ভোটদান
ভোটকেন্দ্ৰত ৰাইজে নকৰিলে ভোটদান

শিলচৰ, ২৬ এপ্ৰিল : আজি বৰাক উপত্যকাৰ দুই লোকসভা সমষ্টি শিলচৰ আৰু কৰিমগঞ্জত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱাৰে পৰা আৰম্ভ হৈছে ৷ শিলচৰ লোকসভা সমষ্টিটো এইবাৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত অনুসূচীত লোকৰ বাবে সংৰক্ষিত কৰাত আৰম্ভণিৰে পৰাই চৰ্চাৰ মাজত আছিল । শিলচৰ সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । পিছে আজি এই সমষ্টিটোৰ এটা ভোটকেন্দ্ৰত দুপৰীয়ালৈ পৰা নাই এটাও ভোট । ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত ৰাইজে এইদৰে প্ৰতিবাদ সাব্য়স্ত কৰে ।

শিলচৰ লোকসভা সমষ্টিৰ ৭১০ নম্বৰ ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও দুপৰীয়ালৈকে ভোটকেন্দ্ৰটোত উপস্থিত নহ'ল এজনো ভোটাৰ ৷ ফলত ভোটকেন্দ্ৰটোত বহি ভোটাৰৰ বাবে বাট চাই থাকিব লগীয়া হয় বিষয়া-কৰ্মীসকলে । শিলচৰ লোকসভা সমষ্টিৰ স্বাধীন বজাৰ জি পিৰ তিনি নম্বৰ ৱাৰ্ডৰ ভোটাৰসকলে ভোট বৰ্জন কৰে । ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত এইবাৰৰ নিৰ্বাচনত অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰিব বুলি পূৰ্বৰে পৰাই সকীয়নি দি আহিছিল যদিও তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাত এইদৰে প্ৰতিবাদ সাব্য়স্ত কৰে ।

ভোটাৰ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে পুৰণি ভোটকেন্দ্ৰটো স্থানান্তৰ কৰি প্ৰায় পাঁচ কিলোমিটাৰ দূৰত স্বাধীন বজাৰ জি পিৰ তিনি নম্বৰ ৱাৰ্ডৰ ৭০০ ভোটাৰৰ বাবে দিয়া হৈছে এটা নতুন ভোটকেন্দ্ৰ । ইয়াৰ প্ৰতিবাদত আজি ভোট বৰ্জন কৰিছে স্বাধীন বজাৰ জি পিৰ তিনি নম্বৰ ৱাৰ্ডৰ ভোটাৰ ৰাইজে । তেওঁলোকে এই কেন্দ্ৰলৈ গৈ ভোটদান নকৰে বুলি ক্ষোভেৰে কয় ।

উল্লেখ্য় যে এইবাৰ এই লোকসভা সমষ্টিটোৰ প্ৰতিদ্বন্দ্বীসকল হৈছে বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ, তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস, নিৰ্দলীয় অনন্ত মোহন ৰায়, ৰাজু দাস, বেংগলী নৱ নিৰ্মাণ সেনাৰ বাৰিন্দ্ৰ কুমাৰ দাস, এছ ইউ চি আইৰ প্ৰভাস চন্দ্ৰ সৰকাৰ আৰু বহুজন মহা পাৰ্টীৰ ৰাজীৱ দাস ।

লগতে পঢ়ক:শিলচৰ লোকসভা সমষ্টিৰ ৰূপৰেখাৰ এক বিস্তৰ অৱলোকন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.