ETV Bharat / politics

বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি; মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 2:17 PM IST

Nitish kumar resigns : নীতিশ কুমাৰে পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত দাখিল কৰাৰ পাচতে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে । ৰাজ্যখনৰ বিজেপি বিধানসভা দলৰ নেতা হ’ব সম্ৰাট চৌধুৰী । বিধানসভাত এন ডি এৰ উপ-নেতা হ’ব বিজয় সিনহা । বিজেপিয়ে নীতিশ কুমাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ আনহাতে, উপ-মুখ্যমন্ত্ৰী হ’ব দুজন ৷

bihar political crisis
bihar political crisis

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী: বিহাৰত অন্ত পৰিল বিজেপি নেতাৰ বৈঠকৰ । বিজেপিয়ে নীতিশ কুমাৰৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাক উপ-মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । দেওবাৰে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে ।

নীতিশ কুমাৰে পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত দাখিল কৰাৰ পাচতে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ পিচতে বিজেপিৰ কাৰ্যালয়ত আৰম্ভ হৈছিল এখন বৈঠকৰ ৷ বৈঠকখনৰ অন্ত পৰাৰ পিচতে বিজেপি বিধানসভা দলৰ নেতা সম্ৰাট চৌধুৰী হ’ব বুলি ঘোষণা কৰিছে । বিধানসভাত এন ডি এৰ উপ-নেতা হ’ব বিজয় সিনহা ।

নীতিশ কুমাৰক আদৰিবলৈ সাজু হৈছে বিজেপি । অটল বিহাৰী বাজপেয়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত বিধানসভাৰ বৈঠকত সকলো বিধায়কৰ উপৰি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়, সঞ্জয় জয়ছোৱাল, মংগল পাণ্ডে, বিজয় সিনহা, হৰি সাহনী আৰু সম্ৰাট চৌধাৰী উপস্থিত থাকে ।

পাটনাত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকঃ "প্ৰথমে তেওঁলোকে পদত্যাগ কৰক, তেতিয়াহে সমৰ্থনৰ কথা হ’ব" বুলি বিজেপিয়ে জেডিইউৰ আগত পূৰ্বতে এটা চৰ্ত ৰাখিছিল ৷ সেই অনুসৰি নীতিশে প্ৰথমে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । এতিয়া বিজেপিয়ে কুমাৰক সমৰ্থন জনাব । দেওবাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে । বিয়লি 3 বজাৰ ভিতৰত পাটনাত উপস্থিত হ’ব জে পি নাড্ডা ।

মহাজোট ভাঙি যোৱাটো নিশ্চিত: ইয়াৰ পূৰ্বে শনিবাৰেও বিজেপি নেতাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ৷ য’ত বহু বিধায়ক, সাংসদ আৰু নেতাই অংশগ্ৰহণ কৰিছিল । এইটো নিশ্চিত যে বৰ্তমান সময়ত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নীতিশৰ প্ৰতি হাত আগবঢ়াইছে, কাৰণ বিজেপিয়ে জানে যে যদি বিহাৰত ভাৰতৰ মিত্ৰজোঁট একত্ৰিত হয়, তেন্তে 17 খন লোকসভাৰ আসনকো ৰক্ষা কৰাটো কঠিন হ’ব বিজেপিৰ পৰা ।

পৰিস্থিতি অতি সোনকালে স্পষ্ট হ’ব: প্ৰাক্তন মন্ত্ৰী শ্বাহনৱাজ হুছেইনে কয়, "আজি বতৰ ভাল আৰু কিবা এটা ভাল হ’বলৈ গৈ আছে, বিহাৰৰ ৰাইজে ভাল খবৰ পাব ।" আনহাতে বিধায়ক নীৰজ বাবলুৱে এতিয়া ভগৱান ৰাম আহিছে, সকলো ঠিকেই হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰামছুৰ ৰায়ে কয়, "তেজস্বী যাদৱে হয়তো লাখ লাখ বিজ্ঞাপন ছপা কৰিব পাৰে, কিন্তু যিজনে ভাল কাম কৰিব তাৰ নাম জনসাধাৰণৰ হৃদয়ত ছপা হ'ব । অলপ সময়ৰ পিচতে সকলো স্পষ্ট হৈ পৰিব ৷ "

বিহাৰৰ সৰ্ববৃহৎ দল আৰজেডিঃ 243 খন আসনৰ ভিতৰত বিহাৰ বিধানসভাত সৰ্বাধিক ৭৯ জন বিধায়ক আছে আৰজেডিত । আনহাতে ৰাজ্যখনত বিজেপিৰ 78 খন, জেডিইউৰ 45 খন, কংগ্ৰেছৰ 19 খন, হিন্দুস্তানী আৱাম মৰ্চাৰ 4 খন, চিপিআই এমএলৰ 12 খন, চিপিআই এম আৰু চিপিআইৰ 2 খন আসন আৰু এআইএমআইএমৰ 1 খন আসন আছে । লগতে আছে এজন নিৰ্দলীয় বিধায়ক ।

লগতে পঢ়ক: ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.