ETV Bharat / politics

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ নীতিশ কুমাৰৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:14 PM IST

Nitish Kumar Oath Ceremony: বিহাৰত পুনৰ ক্ষমতালৈ ঘূৰি আহিছে এন ডি এ চৰকাৰ । অভিলেখ নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে । তেওঁৰ লগতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাকে ধৰি ৮ জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ।

Nitish Kumar Oath Ceremony
বিহাৰত পুনৰ ক্ষমতালৈ এন ডি এ চৰকাৰ
নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ নীতিশ কুমাৰৰ

নিউজ ডেস্ক, 28 জানুৱাৰী : বিহাৰৰ ৰাজভৱনৰ ৰাজেন্দ্ৰ মণ্ডপত দেওবাৰে মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে নীতিশ কুমাৰে ৷ পুৱা পদত্যাগ কৰা নীতিশ কুমাৰ পুনৰবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে ৷ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই ৷ নীতিশৰ উপৰিও 8 জন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ৷ সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা হ’ব ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ৷ শপত গ্ৰহণৰ সময়ত সমৰ্থকৰ শ্ল’গানত উত্তাল পৰে অনুষ্ঠান ৷ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে ৷

নীতিশৰ লগতে শপত গ্ৰহণ কৰে 8 জন মন্ত্ৰীয়ে : নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই উপ-মুখ্যমন্ত্ৰী হিচাবে শপত লয় ৷ শপত গ্ৰহণ কৰাসকলৰ ভিতৰত আছে জেডিইউৰ পৰা বিজয় চৌধুৰী, বিজেন্দ্ৰ যাদৱ, বিজেপিৰ পৰা প্ৰেম কুমাৰ আৰু জেডিইউৰ পৰা শ্ৰৱণ কুমাৰ ৷ হিন্দুস্তানী আৱাম মৰ্চাৰ সভাপতি সন্তোষ কুমাৰ সুমনেও মন্ত্ৰী হিচাবে শপত লয় ৷ ইয়াৰ উপৰিও জেডিইউৰ কোটাৰ পৰা নিৰ্দলীয় বিধায়ক সুমিত কুমাৰ সিঙকো কেবিনেটত স্থান দিয়া হৈছে ৷

আজিৰ পৰা বিহাৰত এন ডি এৰ চৰকাৰ : 2020 চনত নীতিশ কুমাৰৰ নেতৃত্বত মুঠ 30 জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছিল ৷ চৰ্চা চলিছে যে 2020 চনৰ সূত্ৰ এইবাৰো কাৰ্যকৰী হ’ব, য’ত বিজেপিৰ 16 জন, জেডিইউৰ 12 জন, হিন্দুস্তানী আৱাম মৰ্চাৰ এজন আৰু নিৰ্দলীয় এজনক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৷ আজি 8 জন মন্ত্ৰীৰ শপত গ্ৰহণৰ অন্তত কেইদিনমানৰ ভিতৰতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ’ব ৷

শপতগ্ৰহণ অনুষ্ঠানত জে পি নড্ডা উপস্থিত: নীতিশ কুমাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা, পৃষ্ঠপোষক জিতন ৰাম মাঝি, এল জে পি আৰৰ মুৰব্বী চিৰাগ পাছৱান, আৰ এল জে ডিৰ সভাপতি উপেন্দ্ৰ কুশৱাহাকে ধৰি এন ডি এৰ সকলো ডাঙৰ নেতা ৷

নীতিশ কুমাৰক 128 জন বিধায়কৰ সমৰ্থন : 243 জনীয়া বিহাৰ বিধানসভাত এন ডি এৰ 128 জন বিধায়ক ৷ ইয়াৰ ভিতৰত আছে জেডিইউৰ 45 জন, বিজেপিৰ 78 জন, হিন্দুস্তানী আৱাম মৰ্চাৰ এজন আৰু এজন নিৰ্দলীয় বিধায়ক ৷

লগতে পঢ়ক : কোন কোন থাকিব নীতিশ কুমাৰৰ নতুন মন্ত্ৰীসভাত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.