ETV Bharat / politics

অসম বিজেপিক ধিক্কাৰ নাগালেণ্ড কংগ্ৰেছৰ

author img

By ANI

Published : Jan 23, 2024, 8:41 AM IST

Updated : Jan 23, 2024, 12:11 PM IST

NPCC CONDEMNED bharat jodo nyay yatra attack in assam :নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে কোহিমাৰ কংগ্ৰেছ ভৱনত প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰি অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয়ৰ বিৰুদ্ধে চলি থকা হিংসাত্মক কাৰ্যক গৰিহণা দিয়ে ।

BJNY attack in assam
নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটী

নেশ্যনেল ডেস্ক, 23 জানুৱাৰী: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অসমত সংঘটিত হোৱা হিংসাত্মক কাৰ্যক গৰিহণা দিয়ে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে হিংসাত্মক কাৰ্যকলাপত জড়িতসকলক গৰিহণা প্ৰদান কৰি সোমবাৰে কোহিমাৰ কংগ্ৰেছ ভৱনত প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰে ।

নাগালেণ্ড কংগ্ৰেছে এক প্ৰেছ বিবৃতিযোগে কয়, "নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত আজি কোহিমাৰ কংগ্ৰেছ ভৱনত বিগত তিনিদিন ধৰি অসমত বিজেপি কৰ্মীসকলে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয়ত বাৰে বাৰে কৰা আক্ৰমণক গৰিহণা দি প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰে ।"

বিবৃতি অনুসৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে, এই যাত্ৰাৰ জৰিয়তে মহিলা, যুৱক-যুৱতী আৰু সমাজৰ অন্যান্য প্ৰান্তীয় শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময়ত ভাগ লৈছে ৷ মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ তিনিখন ৰাজ্যত শান্তিপূৰ্ণভাবে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ অভিযান চলাই গৈছে ৷

কংগ্ৰেছ কমিটীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এই যাত্ৰা বন্ধ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই । এই সন্দৰ্ভত তেওঁলোকে কয়, "এয়া দুখৰ বিষয় যে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যাত্ৰা বন্ধ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে ৷ পোষ্টাৰ আৰু বেনাৰ ভাঙি পেলোৱাৰ পৰা আৰম্ভ কৰি কনভয়ত একাধিক পৰিকল্পিত আক্ৰমণ সংঘটিত কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ ফলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহু কৰ্মকৰ্তাৰ মাজত মাজত হতাহতি হোৱা পৰিলক্ষিত হৈছে ৷"

NPCC য়ে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে ৰাজ্যই অনুমোদন প্ৰদান কৰা হিংসাত্মক কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে ইয়ে যাত্ৰাৰ সফলতাৰ প্ৰতি কৰ্মকৰ্তাসকলৰ সম্পূৰ্ণ সমৰ্থন আৰু দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত যোৱাৰ উদ্দেশ্যৰে নগাঁৱত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ অৱশ্যে 2 ঘণ্টা পৰ্যন্ত বাটত আৱদ্ধ কৰি থোৱাৰ পিচতো কংগ্ৰেছ নেতাজনক থানখনত প্ৰৱেশৰ অনুমতি প্ৰদানত অস্বীকাৰ কৰে থান কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

Last Updated : Jan 23, 2024, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.