ETV Bharat / politics

মুছলমান বিবাহ আইন খাৰিজ কৰাক লৈ মনে মনে থাকিবলৈ আহ্বান আজমলৰ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:24 PM IST

Updated : Feb 24, 2024, 7:41 PM IST

Repeals Muslim Marriage Act
ক্ষুন্ন এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল

Muslim Marriage Act Repealment : অসম মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন খাৰিজ কৰাক লৈ ক্ষুন্ন এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল ৷ বিজেপি চৰকাৰে মুছলিম বিৰোধী যিমান কাম কৰিব পাৰি কৰিছে বুলি কয় বদৰুদ্দিন আজমলে ৷

মুছলমান বিবাহ আইন খাৰিজ কৰাক লৈ প্ৰতিক্ৰিয়া আজমলৰ

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : অসম চৰকাৰে কেবিনেটত অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন (1935) খাৰিজ কৰাক লৈ ক্ষুন্ন এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল ৷ এই আইন খাৰিজ কৰাৰ বাবে বিজেপি চৰকাৰক মুছলমান বিৰোধী আখ্যা দিলে আজমলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শনিবাৰে দিছপুৰত সাংবাদিকৰ প্ৰশ্নত অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন খাৰিজক লৈ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মনে মনে থকাৰ পোষকতা কৰিছে আজমলে ৷ বদৰুদ্দিন আজমলে কয় যে বিজেপি চৰকাৰে মুছলিম বিৰোধী যিমান কাম কৰিব পাৰি কৰিছে ৷ কেৱল বিবাহ নহয়; তালাক, নামাজৰ ওপৰতো টাৰ্গেট কৰি আহিছে বিজেপিয়ে ৷ অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন খাৰিজ প্ৰসংগত মুছলমান নেতাক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফ প্ৰধান গৰাকীয়ে ৷

আজমলে কয়- “তেওঁলোকে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো বিচাৰিছে ৷ আমি সহায় কৰিছো বুলি বহুতে ক'ব বিচাৰে ৷ সেয়েহে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি নিৰ্বাচনৰ পিচলৈ অপেক্ষা কৰিম ৷” বহু মুছলমান মহিলাই এই আইন খাৰিজ কৰা সিদ্ধান্তক সমৰ্থন জনাইছে বুলি সাংবাদিকে কৰা প্ৰশ্নত আজেলে কয় যে নাটক কৰি সমৰ্থন কৰা দেখুৱাইছে মুছলমান মহিলাক ৷ বিজেপিয়ে হিন্দু মহিলাক বোৰ্খা পিন্ধাই চৰকাৰক সমৰ্থন কৰা দেখুৱাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আজমলে ৷

আনহাতে কাজী সকলক চৰকাৰে দুই লাখ টকাৰ সাহাৰ্য দিয়াৰ সিদ্ধান্তৰ প্ৰসংগতো আজমলে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংসদ গৰাকীয়ে কয়-“কাজী সকলক ভিক্ষা হিচাপে দুই লাখ টকা দিব নেকি ? কাজীয়ে ল'ব নালাগে দুই লাখ টকা, ভিক্ষা ল'ব নালাগে ৷" অৱশ্যে অসম চৰকাৰৰ এই সিদ্ধান্তই লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে আজমলে ৷ এইবাৰ মোদী হাৰিব, ইণ্ডি মিত্ৰজোঁট জিকিব বুলি দাবী কৰে আজমলে ৷ তেঁও কয় যে দেশৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ সৈতে হোৱা আসনৰ বুজাবুজিয়ে বিজেপিলৈ পৰাজয়ৰ বাতৰি লৈ আনিছে ৷

লগতে পঢ়ক : অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ'ব জমিয়ত উলেমা-ই-হিন্দ

Last Updated :Feb 24, 2024, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.