ETV Bharat / politics

দেওবাৰ-সোমবাৰ: বাজপেয়ী ভৱন-আমবাৰী হ’ব তোলপাৰ !

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 10:34 PM IST

Assam Congress: অসম কংগ্ৰেছৰ বাবে আকৌ আহিছে বেয়া খবৰ ৷ বিস্মিতা গগৈ আৰু অংকিতা দত্তয়ো কংগ্ৰেছ এৰি বিজেপিলৈ ঢাপলি মেলিবলৈ সাজু হৈছে ৷ কেৱল সিমানেই নহয়, দেওবাৰৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ হ’ব অসম কংগ্ৰেছৰ বাবে ৷

Bismita Gogoi
Ankita Dutta

নিউজ ডেস্ক, 26 জানুৱাৰী: যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই যেন কংগ্ৰেছৰ বেয়া সময় গাঢ় হৈছে ৷ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰতক জোৰা লগাবলৈ চেষ্টা কৰিলেও, ন্যায় যাত্ৰাৰ জৰিয়তে সকলোকে ন্যায় প্ৰদানৰ বাবে সমদল কৰিলেও দলটোৰ নিজৰ ক্ষেত্ৰত সেয়া হৈ উঠা নাই ৷

ভাৰত জোড়ো যাত্ৰা কৰিলেও দলটোৰ ভিতৰত অধিক ফাট মেলাহে পৰিলক্ষিত হৈছে ৷ ইফালে আন বহুতকে ন্যায় প্ৰদানৰ কথা কৈ থাকিলেও কংগ্ৰেছৰ ভিতৰচ’ৰাত ন্যায় লাভ নকৰাৰ অভিযোগ তুলি দলত্যাগ কৰিছে ইগৰাকীৰ পিচত সিগৰাকীকৈ নেতাই ৷

শুকুৰবাৰে অসম কংগ্ৰেছৰ বাবে আহিল একাধিক বেয়া খবৰ ৷ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি খবৰ ওলাইছে ৷ ইফালে ইতিমধ্যে দলৰ নেতৃত্বৰ প্ৰতি মুকলিকৈ বিষোদগাৰ প্ৰদৰ্শন কৰি থকা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অংকিতা দত্তয়ো কংগ্ৰেছ এৰি গেৰুৱা হোৱাৰ দিশে আগবাঢ়িছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ কেৱল ইমানেই নহয়, কংগ্ৰেছ দল এৰি পুনৰ বিজেপিমুখী হ’বলৈ সাজু হৈ আছে শংকৰ প্ৰসাদ ৰায় ৷ অৱশ্যে তেওঁ কেতিয়া গেৰুৱা দলটোত যোগদান কৰিব সেয়া নিশ্চিত হোৱা নাই ৷ এই সন্দৰ্ভত আজি শংকৰ প্ৰসাদ ৰায়ৰ সৈতে যোগাযোগ কৰাত তেওঁ ইটিভি ভাৰতক কয় ‘‘বৰ্তমান মই চেন্নাইত আছোঁ মাতৃৰ চিকিৎসাৰ বাবে ৷ হয়তো 29 জানুৱাৰী মানতহে গুৱাহাটী পামগৈ ৷ গতিকে এই পৰ্যন্ত বিজেপিত যোগদানৰ কোনো তাৰিখ মোৰ নিশ্চিত হোৱা নাই ৷ পৰৱৰ্তী সময়ত নিশ্চয় এক চূড়ান্ত সিদ্ধান্ত নিৰ্ণয় হ’ব ৷’’

বিস্মিতা গগৈয়ে দেওবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰিব বুলি এক সূত্ৰই জানিবলৈ দিছে ৷ জানিব পৰা মতে দেওবাৰৰ দিনটোত বিজেপিত যোগদান কৰিব পাৰে বিস্মিতা গগৈৰ উপৰিও প্ৰাক্তন আছু নেতা দীপাংক নাথ আৰু প্ৰকাশ দাসেও ৷ ইফালে অংকিতা দত্তয়ো দেওবাৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে যদিও এই পৰ্যন্ত সেয়া চূড়ান্ত হোৱা নাই ৷ আনহাতে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যয়ো দেওবাৰে আমবাৰীলৈ বুলি বাট বুলিব ৷

ইফালে প্ৰায় এবছৰ পূৰ্বে অসম জাতীয় পৰিষদ দল ত্যাগ কৰা প্ৰাক্তন আছু নেতা চিত্তৰঞ্জন বসুমতাৰীয়েও বিজেপিত যোগদান কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ইয়ো বোলে যাওঁ, সিয়ো বোলে যাওঁ : যাত্ৰা আগুৱাইছে, সংগীহে আঁতৰিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.