ETV Bharat / politics

বিধানসভাত নিজকে অভদ্ৰ মানুহ বুলি কিয়‌ ক'লে ৰূপজ্যোতি কুৰ্মীয়ে ?

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 6:11 PM IST

Assam Assembly Budget Session: বিধানসভাৰ বাজেট অধিৱেশনত কংগ্ৰেছৰ‌ বিৰুদ্ধে অগ্নিশৰ্মা হৈ পৰে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ নিজকে বহুত অভদ্ৰ মানুহ বুলি উল্লেখ কৰে বিধায়ক কুৰ্মীয়ে ৷

Assam Assembly Budget Session
সদনত বিৰোধীক তীব্ৰ কটাক্ষ বিধায়ক ৰূপজ্যোতিৰ

গুৱাহাটী, 7 ফেব্ৰুৱাৰী: বুধবাৰে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত বিৰোধী বিশেষকৈ কংগ্ৰেছৰ‌ বিৰুদ্ধে অগ্নিশৰ্মা হৈ পৰে এসময়ৰ কংগ্ৰেছৰে বিধায়ক তথা বৰ্তমান বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ উল্লেখ্য যে, বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন ৷ বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিজেপি বিধায়ক ৰূপক শৰ্মাই আগবঢ়োৱা ধন্যবাদ সূচক প্ৰস্তাৱৰ সমৰ্থন‌ত ব্যক্তব্য ৰাখি বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিশেষকৈ কংগ্ৰেছৰ‌ বিধায়কসকলক তীব্ৰ কটাক্ষ কৰে ৷

তেওঁ ভাষণ দি থকাৰ‌ সময়ত একাংশ‌ কংগ্ৰেছৰ বিধায়কে মাত মতাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে ৷ ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয়- "অধ্যক্ষ মহোদয় তেওঁলোকে ভাষণ দি থকাৰ‌ সময়ত কোনো‌ বাধা দিয়া‌ নাছিলো ৷ এতিয়া মই ভাষণ দিয়াৰ‌ সময়ত কিয় বাধা দিছে ৷ মই বহুত অভদ্ৰ মানুহ ৷ মই কথা ক'ব লাগিলে কোনোৱে কথা ক'ব নোৱাৰিব ৷ ভদ্ৰৰ লগত ভাল‌ আৰু অভদ্ৰৰ‌ লগত বহুত অভদ্ৰ ৷"

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, তদানীন্তন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙ অসমৰ সাংসদ হৈ থকাৰ সময়ত ৰাজ্যখনৰ কোনো উন্নয়নৰ নকৰিলে ৷ 10 বছৰ তেওঁ অসমক ৰাম ঠগন‌ দিলে ৷ এই‌ কথা কোৱাৰ বাবে কংগ্ৰেছৰ বিধায়কসকল জ্বলিছে ৷ ইয়াৰ‌ গোন্ধ তেওঁ পাইছে বুলি উল্লেখ কৰি কুৰ্মীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে ৷

লগতে গড় হত্যাৰ বাবে কংগ্ৰেছ দল‌ শেষ‌ হ'ল বুলি বিধায়ক কুৰ্মীয়ে মন্তব্য দিয়ে ৷ কুৰ্মীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু‌ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ‌ উন্নয়ন হৈছে,শান্তি প্ৰতিষ্ঠা হৈছে, সীমা‌ বিবাদৰ‌ সমস্যা সমাধান হৈছে ৷ উল্লেখযোগ্য যে বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিজেপি বিধায়ক ৰূপক শৰ্মাই আগবঢ়োৱা ধন্যবাদ সূচক প্ৰস্তাৱৰ সমৰ্থন‌ত আজি দলটোৰ বিধায়ক ভৱেশ কলিতা, সুমন‌ হৰিপ্ৰিয়া, অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বক্তব্য ৰাখে ৷‌‌

লগতে পঢ়ক : ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব পাঁচবাৰৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.