ETV Bharat / politics

ৰাহুল গান্ধীৰ পদাৰ্পণত ভয়ত ত্ৰস্তমান মুখ্যমন্ত্ৰী: ৰকিবুল হুছেইন

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 6:27 PM IST

Updated : Jan 23, 2024, 10:51 AM IST

Bharat Jodo Nyay Yatra: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ ৷ কংগ্ৰেছৰ সভালৈ ৰাইজক অহাত ৰাইজক বাধা দি মুখ্যমন্ত্ৰীৰ লাভ নহ'ব বুলি কয় তেওঁ ৷

Bharat Jodo Nyay Yatra
কলিয়াবৰত ভাৰত জোড়ো ন্যায় যাত্ৰা
হিমন্ত বিশ্ব শৰ্মাক সমালোচনা ৰকিবুল হুছেইনৰ

কলিয়াবৰ, 21 জানুৱাৰী : নগাঁও আৰু গুৱাহাটীত প্ৰচাৰ চলোৱা এখন বিশেষ ফটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ ৷ বিধায়ক ৰকিবুল হুছেইনৰ বিষয়ে এক প্ৰচাৰপত্ৰ গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমীপত আঁৰি দিয়াক লৈ কৰা এক প্ৰশ্নত জাঙুৰ খাই উঠে চামগুৰি সমষ্টিৰ বিধায়কজন ৷

কলিয়াবৰৰ নলতলীৰ আৰিমৰাস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত অনুষ্ঠিত হ’ব লগা জন সভাৰ প্ৰকক্ষণত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয় যে, ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ পূৰ্বে নিশা নগাঁও আৰু শোণিতপুৰ জিলা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত লগোৱা ৰাহুল গান্ধীৰ সকলো বেনাৰ, হৰ্ডিং আৰু দলীয় পতাকা কোনো দুস্কৃতিকাৰীয়ে আঁতৰাই দিয়ে ৷ ঠায়ে-ঠায়ে সভালৈ অহা মানুহক বাধা প্ৰদান কৰা হৈছে, সভালৈ অহা গাড়ীৰ পৰা মানুহ নমাই দিয়া হৈছে বুলিও অভিযোগ কৰে বিধায়ক ৰকিবুল হুছেইনে ৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, কংগ্ৰেছৰ সভাত ৰাইজক অহাত বাধা দি মুখ্যমন্ত্ৰীৰ লাভ নহ'ব ৷ খোজকাঢ়ি, সাঁতুৰি হ'লেও কংগ্ৰেছৰ সভালৈ মানুহ আহিব বুলি কয় বিধায়কজনে ৷ লগতে হুছেইনে কয় যে, ৰাহুল গান্ধীৰ পদাৰ্পণত মুখ্যমন্ত্ৰী ভয়ত ত্ৰস্তমান ৷ এইবিলাক পতনৰ ইংগিত ৷

উল্লেখ্য যে, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই কলিয়াবৰত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি চতুৰ্থ দিনত বিশাল সমৰ্থকক লগত নগাঁও জিলাৰ কলিয়াবৰত প্ৰৱেশ কৰিব সাংসদ ৰাহুল গান্ধী ৷ লগতে উপস্থিত থাকিব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাজুন খৰ্গে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিকে ধৰি দলীয় বিষয়ববীয়াসকল ৷ কলিয়াবৰৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে ৷ ইফালে এই সভাত আজি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

Last Updated : Jan 23, 2024, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.