ETV Bharat / politics

ডিব্ৰুগড়‌-বৰপেটাত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰায়‌ নিশ্চিত : মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 8:50 PM IST

Lok Sabha Seat Sharing : লোকসভা নিৰ্বাচনত আসন‌ বুজাবুজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ তালুকদাৰে কয় যে আসন‌ বুজাবুজিৰ‌ পথ এতিয়াও আপৰ লগত বন্ধ‌ হোৱা নাই, আলোচনা চলি আছে ৷

Opposition Unity Forum
বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰতিক্ৰিয়া

আসন‌ বুজাবুজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : অসমত লোকসভা নিৰ্বাচনত আসন‌ বুজাবুজিক লৈ আপৰ লগত আলোচনা চলি থকাৰ বাবে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আনুষ্ঠানিকভাবে ঘোষণা কৰা হোৱা নাই ৷ শুকুৰবাৰে বিধানসভাৰ‌ বাহিৰত এই কথা সদৰী কৰে চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ কয় যে দেশৰ সকলোতে বিৰোধী ঐক্যবদ্ধ হৈছে ৷ পঞ্জাৱ আৰু অসমত আপৰ লগত‌ আলোচনা চলি‌ আছে ৷ উল্লেখ্য যে আপে ডিব্ৰুগড়, গুৱাহাটী আৰু শোণিতপুৰত প্ৰাৰ্থী ঘোষণা কৰিছে ৷ এই সন্দৰ্ভত বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে আসন‌ বুজাবুজিৰ‌ পথ এতিয়াও আপৰ লগত বন্ধ‌ হোৱা নাই, আলোচনা চলি আছে ৷

বিধায়ক তালুকদাৰে কয় যে বিৰোধী ঐক্য মঞ্চৰ‌ হৈ ডিব্ৰুগড়ত অসম জাতীয় পৰিষদ আৰু বৰপেটাত চি পি আই এমৰ প্ৰাৰ্থী দিয়াৰ আলোচনা প্ৰায় চূড়ান্ত হৈছে ৷ এই সন্দৰ্ভত মাত্ৰ আনুষ্ঠানিক ভাবে ঘোষণা কৰিবলৈ বাকী আছে ৷ তেওঁ কয় যে, ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াতো প্ৰায়‌ নিশ্চিত ৷ বৰপেটাত তেওঁক প্ৰাৰ্থী দিলে আপত্তি কৰিবলগীয়া নাই বুলিও কয় তালুকদাৰে ৷

ইফালে তেওঁ কয় যে আজি সদনত কৃষিপথাৰত জলসিঞ্চন নিশ্চিত কৰাক লৈ অখিল গগৈয়ে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে ৷ বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱত ধ্বনি ভোটৰ আহ্বান জনায় ৷ কিন্তু বিৰোধীয়ে ভোটদানৰ দাবী কৰে‌ বুলি তেওঁ কয় ৷ বিধায়ক গৰাকীয়ে কয় যে ফলাফল অনুযায়ী শাসকীয় পক্ষৰ 39 টা আৰু বিৰোধীৰ 30 টা ভোটদান‌ কৰে ৷ তেওঁৰ মতে এইধৰণে প্ৰথমবাৰৰ বাবে সদনত বিৰোধী দল ঐক্যবদ্ধ হৈছে ৷ অসমৰ জনসাধাৰণে এয়া বিচাৰি আহিছিল ৷ এই ঘটনাই আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ হোৱাৰ‌ ইংগিত বহন কৰিছে বুলি তেওঁ কয় ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচন: মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব কংগ্ৰেছৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.