অখিল গগৈৰ দৰে ব্যক্তিয়ে কংগ্ৰেছক চলাই লৈ যোৱাৰ চিন্তা-চৰ্চা কৰিছে: দিগন্ত কলিতা
Akhil Gogoi Resolution Proposal: শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে অস্বস্তিত পৰে শাসকীয় দল । বিধায়ক অখিল গগৈৰ কৃষি পথাৰত জলসিঞ্চন ব্যৱস্থাক লৈ সংকল্প প্ৰস্তাৱৰ সময়ত উপস্থিত নাছিল শাসকীয় পক্ষৰ সৰহসংখ্যক সদস্য । এই ভোটদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই ।

Published : February 23, 2024 at 5:08 PM IST
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শুকুৰবাৰৰ দিনা সদনত বিধায়ক অখিল গগৈৰ সংকল্প প্ৰস্তাৱৰ ওপৰত ভোটদান হয় । এই ভোটদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাই । সংবাদ মাধ্যমৰ আগত বিধায়ক গৰাকীয়ে কয়," ভাল কথা যে বিৰোধী দলপতি থকাৰ পাচতো কংগ্ৰেছৰ বিধায়কসকলে অখিল গগৈৰ কথা মতে ভোট বিচাৰিলে । বিৰোধী দলপতিৰ কথা নুশুনি কংগ্ৰেছ বিধায়ক সকলে অখিল গগৈৰ কথা শুনি ঐক্যবদ্ধ হ'ল যদিও মুখথেকেচা খালে ।"
বিধায়ক দিগন্ত কলিতাই পুনৰ কয় যে কংগ্ৰেছে বিৰোধী দলপতিক কংগ্ৰেছ দলটোৰ মাজৰ পৰা নোহোৱা কৰাৰ চেষ্টা কৰিছে । আনহাতে, অখিল গগৈৰ দৰে ব্যক্তিয়ে কংগ্ৰেছ দলটোক চলাই লৈ যোৱাৰ চিন্তা-চৰ্চা কৰিছে । ইয়াতকৈ আৰু দুখজনক কথা হ'ব নোৱাৰে বুলি তেওঁ কটাক্ষ কৰে । তেওঁ লগতে কয় যে দুদিন পূৰ্বে দেৱব্ৰত শইকীয়াক ইমান বেয়াকৈ তুচ্ছ-তাচ্ছিল্য কৰা সেইজন অখিল গগৈৰ কথা মতে আজি দেৱব্ৰত শইকীয়াই উঠা-বহা কৰিছে ।
কংগ্ৰেছ এনেকৈয়ে থাকক বুলি শুভেচ্ছা জনাই তেওঁ কয় যে কংগ্ৰেছ দলটোৰ যে নিজৰ কোনো স্থিতি নাই সেই কথা আজি প্ৰমাণ হ'ল । আজিৰ কামটো কেৱল অখিল গগৈৰ মতেই হৈছে বুলি তেওঁ লগতে কয় । উল্লেখ্য যে বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ বাবে আজি বিধানসভাত সংকল্প প্ৰস্তাৱৰ ওপৰত ভোটদান প্ৰক্ৰিয়া হয় । অৱশ্যে শাসকপক্ষৰ সংখ্যা বেছি হোৱা বাবে বিৰোধীৰ প্ৰস্তাৱ নাকচ হয় । সদনত আজি বিধায়ক অখিল গগৈয়ে অসমৰ সকলো খেতিমাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে বুলি সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিল । অধ্যক্ষই মৌখিক ভিত্তিত ইয়াক নাকচ কৰিছিল যদিও অখিল গগৈকে ধৰি বিৰোধী বিধায়ক সকলে ভোটিঙৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।
বিৰোধীৰ প্ৰৱল দাবীত ভোটিং ব্যৱস্থাৰ বাবে অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে । ১০ মিনিটৰ পাচত বিৰোধীৰ দাবী অনুসৰি ভোটিঙৰ ব্যৱস্থা কৰা হয় । ভোটিঙত শাসকপক্ষৰ ৩৯টা ভোট আৰু বিৰোধীৰ ৩০টা ভোট পৰে । শাসকপক্ষৰ সংখ্যাৰ ভিত্তিত সংকল্প প্ৰস্তাৱ নাকচ হয় ।
লগতে পঢ়ক:সদনত উপস্থিত নাথাকে শাসক পক্ষৰ অধিকাংশ বিধায়ক: বিৰোধীৰ সংকল্প প্ৰস্তাৱত ভোটদান

