ETV Bharat / politics

গৌৰৱ গগৈয়ে ধুবুৰীত নিৰ্বাচন খেলিলেও হাৰিব: ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:18 PM IST

Minister Ranjit Kumar Das
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Minister Ranjit Kumar Dass: অভয়াপুৰীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত নৱগঠিত অভয়াপুৰী সমষ্টিত আজি ভূমি পট্টা প্ৰদান কৰা হয় । এই অনুষ্ঠানত ২১২৪ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰে ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বঙাইগাঁও, ২৭ ফেব্ৰুৱাৰী: বঙাইগাঁৱত মঙলবাৰে ভূমি পট্টা প্ৰদান কৰা হয় । নৱগঠিত অভয়াপুৰী সমষ্টিত আজি বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত প্ৰদান কৰে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ ভূমি পট্টা । বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ২১২৪ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কেইবাটাও মন্তব্য আগবঢ়ায় । তেওঁ সংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়," গৌৰৱ গগৈয়ে ধুবুৰীত নিৰ্বাচন খেলিলেও হাৰিব ।" কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই দাবী কৰিছিল যে সমাগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে অসমৰ যিকোনো লোকসভা আসনত প্ৰতিদ্বন্দিতা কৰিলে তেওঁ বিজয়ী হ'ব । এই মন্তব্যৰ ওপৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়,"এ আই ইউ ডিএফ আৰু কংগ্ৰেছ ৰাইজৰ পদুলিতে নাই । বিজেপি মিত্ৰজোঁট ৰাইজৰ অন্তৰত আছে । গৌৰৱ গগৈ ডিব্ৰুগড়লৈ আহক, যোৰহাটলৈ আহক, লখিমপুৰ লৈ আহক । বিজেপি চৰকাৰৰ সকলোধৰণৰ আচনিয়ে সংখ্যালঘু লোকক সামৰি লৈছে । সেয়ে সংখ্যালঘু লোকে কংগ্ৰেছক এতিয়া সমৰ্থন নকৰে । গৌৰৱ গগৈয়ে ধুবুৰীত নিৰ্বাচন খেলিলেও হাৰিব ।"

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এ আই ইউ ডিএফৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তদুপৰি লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে এইবাৰ ১২ খন আসন পোৱাটো নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই এইবাৰ লোকসভাত চাৰে ১১ খন আসন পাব বুলি দাবী কৰাৰ সময়তে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ১২ খন পাব বুলি দাবী কৰে । সাংবাদিকে ১২ নম্বৰ আসনখন কোনখন হ'ব বুলি প্ৰশ্ন কৰাত এই ১২ নং আসনখনৰ নাম উল্লেখ কৰাৰ পৰা মন্ত্ৰীগৰাকী বিৰত থাকে যদিও এই আসনখন সংখ্যালঘুপ্ৰধান অঞ্চলৰ হ'ব বুলি দাবী কৰে ।

আজি উত্তৰ শালমাৰাৰ সদৰ অভয়াপুৰীৰ গান্ধীময়দানত অনুস্থিত ভূমি পট্টা বিতৰণ অনুষ্ঠানত ২১২৪ গৰাকী লোকক ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । এই ভূমি পট্টা প্ৰদান কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে সৈতে প্ৰাক্তন বিধায়ক ভূপেন ৰায়, জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস উপস্থিত থাকে ।

লগতে পঢ়ক:ঢকুৱাখনাত এঘাৰ হাজাৰৰো অধিক খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান অসমৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.