ETV Bharat / politics

তৃতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিব ৰামেশ্বৰ তেলীয়ে !

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 9:41 PM IST

Lok Sabha Election 2024 : তৃতীয়বাৰৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিব বুলি মন্তব্য ৰামেশ্বৰ তেলীৰ ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি উল্লেখ মন্ত্ৰীগৰাকীৰ ৷

Lok Sabha Election 2024
ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্ব বিচাৰিব ৰামেশ্বৰ তেলীয়ে

ডিব্ৰুগড়, 27 জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজ্যত ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপিৰ লগতে প্ৰতিটো বিৰোধী দল ৷ লগে লগে প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰতিজন নেতাই নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিছে ৷ ইয়াৰ মাজতেই দল সমূহৰ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিত নিৰ্বাচন খেলিব তাকো লৈ সৰৱ চৰ্চা চলিছে ৷

তাৰ মাজতেই লোকসভা নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ৷ তৃতীয়বাৰৰ বাবে বিজেপি দলৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আশা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিব বুলি মন্তব্য কৰে দুবাৰকৈ সাংসদ হিচাবে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে ৷

আজি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত মন্ত্ৰীজনে লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে, বিজেপি দলে বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা বুথ পৰ্যায়লৈকে দলৰ ভেটি শক্তিশালী কৰিছে ৷ নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'ব সেই কথা নিশ্চিত বুলি কয় তেওঁ ৷

লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব বিচৰাৰ কথছা উল্লেখ কৰি, দলীয় কৰ্মী সকলে ডিব্ৰুগড়ত দলীয় কাম-কাজ শক্তিশালীভাৱে আগুৱাই নিছে বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷ লোকসভাত ৰাজ্যৰ 14 খন আসনৰ 12 খনতে বিজেপি দলে জয়লাভ কৰাটো নিশ্চিত বুলিও কয় তেওঁ ৷

উল্লেখ্য যে, সমগ্ৰ ভাৰতবৰ্ষতে 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2024 ৷ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাত পৰিবহন বিভাগৰ উদ্যোগত তথা সন্মিলিত উজনি অসম বাছ মালিক সংস্থা ডিব্ৰুগড় আৰু এ এছ টি চিৰ সহযোগত চলিত মাহৰ 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2024 ৷

পথ সুৰক্ষা মাহ উপলক্ষে ডিব্ৰুগড় জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আজি জন বেৰী হোৱাইট বাছ ষ্টপৰ সমীপত পথ সুৰক্ষাৰ ওপৰত এক সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

লগতে পঢ়ক : Bismita Gogoi: পদুমৰ প্ৰেমত পৰি হাতক বাই বাই বিস্মিতা গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.