ETV Bharat / politics

জাভেদ ইছলাম ১ লাখ ভোটত বিজয়ী হ'ব : জয়ন্ত মল্লবৰুৱা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:55 PM IST

Dhubri Lok Sabha constituency : ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ চেঙাৰ পদ্মপাৰাত প্ৰচাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফ-ক সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Dhubri Lok Sabha constituency
বিজেপিৰ বিজয় সংকল্প সমাৱেশ
বিজেপিৰ বিজয় সংকল্প সমাৱেশ

বৰপেটা, ৩০ এপ্ৰিলঃ "কংগ্ৰেছৰ কটা হাতখন ৫০ ফুট দ' মাটিৰ তলত পোত গৈছে আৰু খান্দি উলিয়াওতে ৫০ বছৰ লাগিব"- এই মন্তব্য় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ সমৰ্থনত চেঙাৰ পদ্মপাৰাত বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।

ইখনৰ পিচত সিখন সভাৰে ধুবুৰীত জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফ-কো সমালোচনা কৰে । বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক বাহিৰৰ মানুহ বুলি উল্লেখ কৰি "আমাৰ নিজৰ মানুহ জাভেদ ইছলামক ভোট দিয়াৰ আহ্বান" জনায় ৷

চেঙাৰ পদ্মপাৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জাভেদ ইছলামৰ হৈ ভোট ভিক্ষা কৰি কয়, "ধুবুৰী চৰণীয়া পথাৰ নেকি যে যাৰে মন যায় সিয়ে আহিব" ৷ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ কয়, "মন্ত্ৰী হৈ থাকোতে প্ৰতিদিনে এটা-দুটা গঁড় হত্যা কৰি কাজিৰঙাৰ গঁড়েই শেষ কৰিছিল ৷ লাওখোৱা অভয়াৰণ্যৰ সকলো গছ কাটি তহিলং কৰা মানুহজনে এইবাৰ ধুবুৰীত শিল, বালি, মাছৰ ছিণ্ডিকেট চলাই লোকেল মুৰ্গী খোৱাৰ পাং পাতিছে" ৷

কংগ্ৰেছৰ কটা হাতখন ৫০ ফুট দ' মাটিৰ তলত পোত যোৱা বুলি উল্লেখ কৰি তেওঁ নগাঁৱৰ পৰা অহা ৰকিবুল হুছেইনক নিৰ্বাচনী যুঁজত হৰুৱাই বাংলাদেশলৈ পঠাই দিবলৈ ধুবুৰীবাসীক আহ্বান জনায় ৷ ধুবুৰীত জাভেদ ইছলাম এক লাখ ভোটত জয়ী হ'ব বুলিও দাবী কৰি জয়ন্ত মল্ল বৰুৱাই কয়, "এইবাৰ ধুবুৰী সমষ্টিৰ ৰাইজ ব্যতিক্ৰম ৷ ধুবুৰীৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো যিদৰে হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছে, তাৰপৰা নিশ্চিত যে এইবাৰ জাভেদ ইছলাম ১ লাখ ভোটত বিজয়ী হ'ব" ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিখনৰ চাৰিখন আসনেই লাভ কৰিব বুলিও কয় জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয়, "আমি সংখ্যালঘু মানুহক বিশ্বাস দিছো আৰু ঘৰ, পানী, উজলা, শৌচাগাৰ, অৰুণোদয় আদি আঁচনিৰ জৰিয়তে উন্নয়নৰ কাম কৰিছো ৷ সেয়ে সংখ্যালঘু মানুহক বিশ্বাস দি ভোট বিচাৰিছো, যাতে সংখ্যালঘু মানুহৰ পুনৰ উন্নয়ন কৰিব পাৰো" ৷

তেওঁ উন্নয়নশীল সংখ্যালঘু লোক, মহিলা আৰু যুৱকসকল এইবাৰ বিজেপিৰ লগত থকা বুলি দাবী কৰে । পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যালঘু ভোট লাভ নকৰাৰ বাবেই বিজেপিৰ সংখ্যালঘু মৰ্চা ভাঙি দিবলগীয়া হোৱাৰ কথা সাংবাদিকে সোঁৱৰাই দিয়াৰ পিচত মন্ত্ৰীগৰাকীয়ে কয়, "এইবাৰ আপোনালোক নিশ্চিত থাকক ৷ যিদিনা ধুবুৰীৰ ৰিজাল্ট ওলাব, সিদিনা আপোনালোকো আচৰিত হ'ব" ৷

লগতে পঢ়ক: সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছেহে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.