বিজুলী কলিতা মেধিক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান অজন্তা নেওগৰ - Lok Sabha election 2024
Guwahati Lok Sabha constituency: তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ লক্ষ্য় বৰপেটা, কোকৰাঝাৰ, ধুবুৰীৰ লগতে গুৱাহাটী সংসদীয় সমষ্টি । সেয়েহে সকলোৱে উবুৰি খাই পৰিছে এইকেইটা সমষ্টিত । আজি বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ প্ৰচাৰত নামি পৰিছে মন্ত্ৰী অজন্তা নেওগৰ লগতে কামাখ্যা প্ৰসাদ তাছা ।

Published : April 27, 2024 at 10:46 PM IST
গুৱাহাটী, ২৭ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সমাপ্তিৰ পিচত সমগ্ৰ দেশৰ লগতে অসমতো তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে । শাসকীয় বিজেপি মিত্ৰজোঁটে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । বিশেষকৈ মনোনিৱেশ কৰিছে গুৱাহাটী লোকলভা সমষ্টিত । গুৱাহাটী মহানগৰীৰ ভোটাৰক আকৃষ্ট কৰিবলৈ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী অজন্তা নেওগৰ লগতে কামাখ্যা প্ৰসাদ তাছাও । আজি বিত্তমন্ত্ৰী অজন্তা নেওগে এই প্ৰচাৰ অভিযানত চৰকাৰৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা চলায় ।
- " class="align-text-top noRightClick twitterSection" data="">
বিত্তমন্ত্ৰী অজন্তা নেওগে গাৰিগাঁও ঈদগাহ ময়দান, প্ৰাগজ্যোতিষ কলা-কৃষ্টি সংঘৰ খেলপথাৰ আৰু আদাবাৰীৰ জয়মতী নগৰ নতুন ক'লনীত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়," প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ এক মহাযজ্ঞৰ সূচনা হৈছে । এয়া অভূতপূৰ্ব । এই উন্নয়ন অব্যাহত ৰখাৰ দায়িত্ব অসমবাসীৰ । কেন্দ্ৰত একেৰাহে তৃতীয়বাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন নিশ্চিত কৰি অসমবাসীয়ে সেই দায়িত্ব পালন কৰিব লাগিব ।"
দেশ তথা ৰাজ্যত ইতিমধ্যে সম্পন্ন হোৱা দুয়োটা পৰ্যায়ৰ ভোটদানতে বিজেপি মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰি কয়," অসমৰ কল্যাণ আৰু উন্নয়ন অব্যাহত থকাটো বিচৰাসকলে মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত জয়যুক্ত কৰিব । "
মন্ত্ৰী অজন্তা নেওগে পুনৰ কয়,"কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ কল্যাণৰ বাবে পদক্ষেপ লৈছে । বিজেপিয়ে জনতাৰ কল্যাণৰ বাবে অবিৰত কাম কৰি যাব । " আজিৰ এই প্ৰচাৰ সভাত বিত্তমন্ত্ৰীগৰাকীৰ উপৰি সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলায় । উল্লেগযোগ্য যে তাছাই এইবাৰৰ নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । ৭ মে'ত বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লগতে গুৱাহাটী সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক:5 লাখ ভোটৰ ব্যৱধানত জিকিব বিজুলী কলিতা মেধি : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

