ETV Bharat / politics

২০২৪ৰ নিৰ্বাচনত জয়ী হ’বলৈ বিজেপিয়ে বিৰোধী নেতাক কাৰাগাৰত বন্দী কৰাৰ অভিযোগ মমতাৰ

Mamata Banerjee Accuses BJP : হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ কেৱল নিৰ্বাচনত জয়ী হ’বলৈ বিজেপিয়ে সকলোকে জেলত ভৰাইছে বুলি অভিযোগ মুখ্যমন্ত্ৰী গৰাকীৰ ৷

Mamata Banerjee Accuses BJP
মমতা বেনাৰ্জীৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:47 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক প্ৰৱৰ্তক সঞ্চলকালয়ে (ইডি) গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ আগন্তুক লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ গেৰুৱা দলে বিৰোধী নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিছে বুলি অভিযোগ উত্থাপন কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নাদিয়া জিলাত এক বিশেষ অনুষ্ঠানত মমতা বেনাৰ্জীয়ে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী নেতাসকলৰ ওপৰত দেশজুৰি চলি থকা দমনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁক জেলত ভৰোৱা হ’লেও তেওঁ ইয়াৰ পৰা ওলাই আহিব ৷

ছোৰেনৰ নাম নোলোৱাকৈয়ে তেওঁ কয় যে বিজেপিয়ে সকলোকে জেলত ভৰাইছে কেৱল নিৰ্বাচনত জয়ী হ’বলৈ ৷ তেওঁ লগতে কয় যে তৃণমূল কংগ্ৰেছে পশ্চিম বংগত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী আছিল যদিও কংগ্ৰেছে তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে- "আমি মিত্ৰতা কামনা কৰিছিলো, কিন্তু কংগ্ৰেছে সন্মতি দিয়া নাছিল ৷ নিৰ্বাচনত বিজেপিক সহায় কৰিবলৈ তেওঁলোকে চিপিআই (এম)ৰ সৈতে একত্ৰিত হৈছে ৷"

ইয়াৰ পূৰ্বে বিৰোধী দলসমূহে চি বি আই আৰু ইডিৰ দৰে সংস্থাৰ জৰিয়তে বিৰোধীৰ কণ্ঠ দমন কৰাৰ অভিযোগ উত্থাপন কৰি হেমন্ত ছোৰেনৰ সমৰ্থনত একত্ৰিত হৈছিল ৷ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ এদিন পিছতে বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

অৱশ্যে বিজেপি নেতাসকলে তেওঁক আইন অনুসৰি গ্ৰেপ্তাৰ কৰা বুলি কয় ৷ ইফালে ছোৰেনক গ্ৰেপ্তাৰ কৰাসন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সংসদ সদস্য সৌগত ৰয়ে কয়, "বিৰোধীক স্তব্ধ কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ ৷ বিৰোধীক স্তব্ধ কৰাৰ বাবে ইডি আৰু চিবিআই চৰকাৰৰ মূল বাহু ৷"

উল্লেখ্য যে গ্ৰেপ্তাৰৰ পূৰ্বে ছোৰেনে মুখ্যমন্ত্ৰীৰ পদ এৰিছিল আৰু ঝাৰখণ্ডৰ পৰিবহণ মন্ত্ৰী চম্পাই ছোৰেনক ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰিছিল ৷

​লগতে পঢ়ক : ইডিয়ে মোৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা কৰি আছে; হেমন্ত ছোৰেণ