ETV Bharat / politics

বিৰোধীয়ে কিয় ঘোষণা কৰা নাই প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ৰহস্য ফাদিল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 7:54 PM IST

Lok Sabha Election 2024: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত এনডিএৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰৰ মাজতে বিৰোধী ইণ্ডিয়া ব্লকক তীব্ৰ আক্ৰমণ কৰে মোদীয়ে । প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বক লৈ বিৰোধীৰ মাজত অচলাৱস্থা চলি থকাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ ।

Lok Sabha Election 2024
বিৰোধীয়ে কিয় ঘোষণা কৰা নাই প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ বাকযুদ্ধৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ইণ্ডিয়া ব্লকক তীব্ৰ আক্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰাৰ বাবে ইণ্ডিয়া ব্লকক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ । প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰা মতে ইয়াক লৈ তেওঁলোকৰ ভিতৰচ'ৰাত কাজিয়া হৈ আছে ।

বিহাৰৰ নৱাড়াত এক ৰাজহুৱা ৰেলীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইণ্ডিয়া ব্লকৰ নেতাসকলে কিয় প্ৰচাৰ চলাই থকা নাই সেই সন্দৰ্ভত তেওঁ সোধা-পোছা কৰিছিল । তেওঁলোক কিয় নিমাত হৈ গৈছে সেয়া জানিবলৈ তেওঁ আগ্ৰহী আছিল । তেওঁক কোৱা হৈছে যে যোৱা পষেকত ইণ্ডিয়া ব্লকৰ শীৰ্ষ নেতৃত্বত এক মতানৈক্য দেখা গৈছে ।

প্ৰধানমন্ত্ৰীৰ মতে তেওঁ জানিব পাৰিছে যে বিৰোধীৰ এগৰাকী নেতাই ঠেহ পাতি আছে । যেতিয়ালৈকে তেওঁৰ নাম ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নহয়, তেতিয়ালৈকে তেওঁ এটাও নিৰ্বাচনী জনসভাত উপস্থিত নাথাকে । এয়া তেওঁলোকৰ অৱস্থা বুলি প্ৰধানমন্ত্ৰীয়ে বিৰোধীক সমালোচনা কৰে ।

বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে একে দৃষ্টি ভঙ্গী বা নিৰ্ভৰযোগ্যতাৰ অভাৱ আছে । প্ৰধানমন্ত্ৰীৰ মতে দিল্লীত তেওঁলোক একেলগে থিয় হয় কিন্তু তেওঁলোকৰ ৰাজ্যত সেই নেতাসকলে ইজনে সিজনক গালি দিয়ে । বিহাৰত বিৰোধী মিত্ৰজোঁটে এজন প্ৰাৰ্থী মনোনীত কৰিছে আৰু আন কোনোবাই কয় যে তেওঁকো মনোনীত কৰা হৈছে । মিত্ৰজোঁট বাধ্যবাধকতাত একত্ৰিত হোৱা লোকৰ এটা গোট বুলি তেওঁ অভিযোগ কৰে । প্ৰধানমন্ত্ৰীৰ মতে বিৰোধীৰ নেতাসকলৰ বাধ্যবাধকতা হৈছে যে তেওঁলোক সকলোৱে ক্ষমতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে । তেওঁৰ অভিযোগ ইণ্ডিয়া ব্লক দুৰ্নীতিগ্ৰস্ত লোকৰ এক স্থান ।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তাত মুছলিম লীগৰ ছাপ আছে । ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে আন কেইবাটাও বিষয়ত কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰা দেখা যায় ।

লগতে পঢ়ক :স্বাধীনতাৰ পিচত উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা ৯ গৰাকী প্ৰধানমন্ত্ৰী - PM Elected From UP LS Seat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.