ETV Bharat / politics

৭ ডিচেম্বৰত আকৌ এবাৰ হোটেল লিলিত বৈঠক, পুনৰ একত্ৰিত হ’ব বিৰোধী দলসমূহ !

বিৰোধী পুনৰ এক হোৱা লক্ষ্যৰে ৭ ডিচেম্বৰত হোটেল লিলিত পুনৰ হ'ব সন্মিলিত মৰ্চাৰ সভা । বিৰোধী সন্মিলিত মৰ্চা পুনৰ গঠনক লৈ মন্তব্য লুৰীণজ্যোতি গগৈৰ ।

Lurinjyoti Gogoi reaction
ভুল স্বীকাৰ কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায়: লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 3, 2024 at 11:25 AM IST

3 Min Read
Choose ETV Bharat

মৰাণ: উপ-নিৰ্বাচনৰ পূৰ্বে একপ্ৰকাৰে ভংগ হৈ পৰিছিল বিজেপিৰ বিৰুদ্ধে গঠন হোৱা সন্মিলিত মৰ্চা । উপ-নিৰ্বাচনত আসন বুজাবুজিক লৈ সংঘাত সৃষ্টি হোৱাত সন্মিলিত মৰ্চা ভংগ হ'লেও পুনৰ সন্মিলিত মৰ্চা গঠনৰ চলিছে কুচকাৱাজ । বিৰোধী ৰাজনৈতিক দলসমূহ একত্ৰিত নোহোৱা বাবেই উপ-নিৰ্বাচনত বিৰোধী ৰাজনৈতিক দলসমূহৰ বিপৰ্যস্ত হোৱা বুলি অনুভৱ কৰি পুনৰ সন্মিলিত মৰ্চা গঠনৰ বাবে তৎপৰ হৈছে বিজেপি বিৰোধী দলসমূহ ।

সোমবাৰে নিশা মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰাংগনত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ সামৰণি মুকলি সভা অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্মিলিত মৰ্চা গঠনক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী সন্মিলিত মৰ্চাৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ।

ভুল স্বীকাৰ কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায়: লুৰীণজ্যোতি গগৈ (ETV Bharat Assam)

কংগ্ৰেছৰ ভুলৰ বাবেই উপ-নিৰ্বাচনত বিৰোধী মৰ্চা ভংগ হোৱাৰ ফলত বিজেপিয়ে উপ-নিৰ্বাচনত ভাল ফলাফল দেখুৱাব পাৰিলে বুলি কৈ লুৰীণজ্যোতি গগৈয়ে জানিবলৈ দিয়ে যে অহা ৭ ডিচেম্বৰত হোটেল লিলিত পুনৰ হ'ব সন্মিলিত মৰ্চাৰ সভা ।

হোটেল লিলিত বহি বিৰোধী নেতাই চাহ খাই সময় পাৰ কৰে বুলি শাসক দলে সমালোচনা কৰি অহা সময়ত পুনৰ হোটেল লিলিত সন্মিলিত মৰ্চাৰ সভা অনুষ্ঠিত কৰি বিৰোধী দলসমূহ একত্ৰিত হ'ব পাৰিব নে নাই সেয়া হে লক্ষ্যণীয় হ'ব ।

  • বিৰোধী সন্মিলিত মৰ্চা পুনৰ গঠনক লৈ কি কয় লুৰীণজ্যোতি গগৈয়ে :

এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, "উপ-নিৰ্বাচনৰ আগতেই আমি কৈছিলো যদি বিজেপিৰ দৰে মহা শক্তিমান দলৰ বিৰুদ্ধে জয়ৰ ৰণ কৌশল তৈয়াৰ কৰিব লাগে তেতিয়া হ'লে ইয়াৰ মূল আধাৰেই হ'ল একতা । কিন্তু একতা বিনষ্ট হোৱা বাবেই উপ-নিৰ্বাচনত বেয়াকৈ কংগ্ৰেছে মুখ থেকেচা খাইছে । চামগুৰি, বঙাইগাঁওৰ দৰে জয়ী হ'ব লগা সমষ্টিত কংগ্ৰেছ হাৰি থাকিল । এইবোৰৰ কাৰণ বিশ্লেষণ কৰাৰ সময় আহি পৰিল ।"

তেওঁ লগতে কয়, "জনতাৰ আহ্বান কংগ্ৰেছে শুনা নাই সেয়ে কংগ্ৰেছক ৰাইজে প্ৰত্যাখান কৰিছে । উপ-নিৰ্বাচনত পূৰ্বে মিত্ৰতা ভংগ কৰিছে কংগ্ৰেছ দলে । সেয়ে কংগ্ৰেছে উপলব্ধি কৰি সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব । লগতে বিৰোধী পুনৰ এক হোৱাৰ লক্ষ্যৰে অহা ৭ ডিচেম্বৰত লিলি হোটেলত পুনৰ সন্মিলিত মৰ্চাৰ সভা অনুষ্ঠিত হ'ব বুলিও কয় লুৰীণজ্যোতি গগৈয়ে ।"

  • কংগ্ৰেছ আৰু অখিল গগৈৰ বাকযুদ্ধক লৈ মন্তব্য লুৰীণজ্যোতি গগৈৰ:

ৰাজনৈতিক দলৰ ভিতৰত কথা একো নকওঁ বুলি কৈ অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, "বিজেপিক যদি হৰুৱাব লাগে তেতিয়া হ'লে একত্ৰিত হৈ যুঁজা । যি ভুল কৰিছিল নিজৰ আত্ম উপলব্ধি হ'ব লাগিব । ভুল স্বীকাৰ কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায় । অসমৰ মানুহৰ আগত কেতিয়াবা তল পৰিব লগা হ'লেও আমাৰ স্বাভিমান আৰু আত্মসন্মানত আঘাত লাগিলেও অসমৰ ভাল ভৱিষ্যতেৰ বাবে আমি যি ক'ব লগা আছে কম আৰু তেওঁলোকে কৰিব লগাখিনি কৰিব লাগিব ।"

লগতে পঢ়ক: অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?

বিহালীত ওলাইছে ছদ্মবেশী বিজেপি প্ৰাৰ্থী ! কোনে চলালে ষড়যন্ত্ৰ ?