ETV Bharat / politics

অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'লে নিৰ্বাচন নেখেলে অখিল গগৈয়ে । কিয় ক'লে এই কথা ?

Merge of Raijor Dal and AJP
ৰাইজৰ দল-অজাপ একত্ৰিত হোৱা সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2024 at 10:58 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুয়োটা ৰাজনৈতিক দল একেলগ হৈ এটা ৰাজনৈতিক দল হোৱাৰ পোষকতা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । দুয়োটা দল একেলগ হোৱাৰ স্বাৰ্থত প্ৰয়োজন হ'লে অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ নহয় ।

সোমবাৰে গুৱাহাটীত সাংবাদিকৰ আগত এই কথা সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । তেওঁ কয়, "ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দল একত্ৰিত হোৱাৰ দুখন কমিটী পৰ্যন্ত গঠন কৰা হৈছিল । দুয়োখন কমিটীয়ে দুয়োটা দল একত্ৰিত হোৱাত সহমতত উপনীত হৈছিল । আকৌ দুয়োটা দলৰ এই সন্দৰ্ভত চাৰিখনকৈ সভা অনুষ্ঠিত কৰা হৈছিল । কিন্তু জাতীয় পৰিষদে এই ক্ষেত্ৰত কোনো উত্তৰ দিয়া নাই ।"

ৰাইজৰ দল-অজাপ একত্ৰিত হোৱা সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

অখিল গগৈয়ে কয়, "এই সন্দৰ্ভত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক তিনিবাৰকৈ ফোন কৰা হৈছিল । এবাৰ বৈঠকতো বহিছিলোঁ । কিন্তু তেওঁ এইক্ষেত্ৰত কোনো সঁহাৰি দিয়া নাই ।"

শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, "শুনিবলৈ পোৱা‌ মতে দুয়োটা দল লগ হ'লে হেনো অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব । যদি তেনেকৈ ভাবিছে তেন্তে মই একত্ৰিত হোৱা দলটোৰ সভিপতি পদত নাথাকো । প্ৰয়োজন‌ হ'লে‌ নিৰ্বাচনতো অৱতীৰ্ণ ‌নহওঁ ।"

মাছখোৱাত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী

উল্লেখ্য যে সোমবাৰে মাছখোৱা আই টি এ কেন্দ্ৰত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অনুষ্ঠানৰ আঁত ধৰাৰ‌ লগতে দলৰ লক্ষ্য আৰু উদ্দেশ্য‌ ব্যাখ্যা কৰে ।‌ কাৰ্যসূচীত চৰাইদেউ জিলাৰ আপৰ জিলা‌ সভাপতি মুনীন গগৈ, আপৰ ৰাজ্যিক মিডিয়া‌ পেনেলিষ্ট হিমাংশু গগৈ, টি এম চিৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত কুমাৰ ৰয়ৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী সংগঠন, বিজেপি আৰু আমছুৰ লগতে বিভিন্ন দল-সংগঠনৰ ৩০০ গৰাকী সদস্যই ৰাইজৰ দলত যোগদান কৰা বুলি অখিল গগৈয়ে জনায় ।

লগতে পঢ়ক :দিবাং ভেলীৰ নদীবান্ধে ধ্বংসলীলা চলাব শদিয়াৰ পৰা কাজিৰঙালৈকে: অখিল গগৈ
লগতে পঢ়ক :চামগুৰিত বিজেপি-কংগ্ৰেছৰ তুমুল যুদ্ধ হ'ব: অখিল গগৈ