ETV Bharat / politics

প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো; কৃষক নেতা

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 1:57 PM IST

KMSS leader force to Bond sign : প্ৰয়োজনত মৃত্যুবৰণ কৰিম কিন্তু চুক্তিত চহী নকৰো বুলি বক্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ৷ ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ কৃষক নেতাগৰাকীক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ অভিযোগৰ প্ৰতিলিপি নোপোৱাকৈ কেনেদৰে চুক্তিত স্বাক্ষৰ কৰা সম্ভৱ বুলি অধিবক্তা ঋতুপল্লৱ শইকীয়া কয় ৷

কৃষক নেতা বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া
কৃষক নেতা বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া
কৃষক নেতা বিদ্যুৎ শইকীয়াৰ প্ৰতিক্ৰিয়া

গোলাঘাট, 23 জানুৱাৰী: অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত বে-আইনীভাবে অসম আৰক্ষীয়ে কৃষক নেতা বিদ্যুৎ শইকীয়াক আটক কৰাৰ অভিযোগ উঠিছিল ৷ ইয়াৰ পিচতে ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগৰ অভিযোগ উত্থাপন হৈছিল গোলাঘাট আৰক্ষী তথা জিলা দণ্ডাধীশৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়চোৱাত কা’ ৰ বিৰোধিতা, অসমীয়া যুৱকসকলক এনকাউণ্টাৰ কৰা বন্ধ কৰা, শিলসাঁকোৰ উচ্ছেদিত লোকসকলক বলিৰ পঠা সজোৱাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিয়েই আশংকা প্ৰকাশ কৰি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক কৰা বুলি অভিযোগ তুলিছিল সংগঠনটোৱে ৷

শনিবাৰৰ পুৱাই নিজ বাসগৃহৰ পৰাই নেতাগৰাকীক গোলাঘাট আৰক্ষীয়ে আটক কৰি নিশা মুকলি কৰাৰ সময়ত ভৱিষ্যতে আন্দোলন নকৰাৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ আৰক্ষীয়ে হেঁচা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কৃষক নেতাগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয়, "কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কণ্ঠ ৰোধ কৰিবলৈ ৰজাঘৰে যিমানেই যত্ন নকৰক কিয় কৃষক মুক্তিৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে ৷"

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকক এইদৰে BOND Sign ত স্বাক্ষৰ কৰা বিষয়টোৰ সন্দৰ্ভত অধিবক্তা ঋতুপল্লৱ শইকীয়াই কয় যে অভিযোগৰ প্ৰতিলিপি নোপোৱাকৈ কেনেদৰে চুক্তিত স্বাক্ষৰ কৰা সম্ভৱ ৷ আনহাতে যি পৰিস্থিতিয়েই সৃষ্টি হওক কোনো কাৰণতেই চুক্তিত স্বাক্ষৰ নকৰাৰ হুংকাৰ দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷

লগতে পঢ়ক: অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.