ETV Bharat / politics

জাবেদ ইছলামক এম পি বনাওক, মাটিৰ পট্টা লৈ যাওক : অগপৰ স্পষ্ট কথা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 8:30 PM IST

DHUBRI LOK SABHA CONSTITUENCY
জাবেদ ইছলামৰ হৈ অতুল বৰা-কেশৱ মহন্তৰ প্ৰচাৰ

ধুবুৰীত জাবেদ ইছলামক ভোট দি মাটিৰ পট্টা গ্ৰহণ কৰিবলৈ আহ্বান জনালে অগপ নেতৃত্বই ৷ সমষ্টিটোত এইবাৰ জৰা-ফুকাৰ ৰাজনীতি নচলে ৷ কংগ্ৰেছ-এ আই ইউ ডি এফে সদায় সংখ্যালঘূক ঠগি আহিছে ৷

জাবেদ ইছলামৰ হৈ অতুল বৰা-কেশৱ মহন্তৰ প্ৰচাৰ

বৰপেটা, 27 এপ্ৰিল: শনিবাৰে ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলালে অতুল বৰা আৰু কেশৱ মহন্তই ৷ কলগাছিয়াৰ বামুনটাৰী বি এড কলেজ খেলপথাৰৰ নিৰ্বাচনী সভাখনত হাজাৰ-হাজাৰ ধৰ্মীয় সংখ্যালঘূ ভোটাৰ সমবেত হোৱা দেখা যায় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত সভাখনত ভাষণ প্ৰদান কৰি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই ৰাইজক চৰকাৰৰ লগত থকাৰ আহ্বান জনোৱাৰ লগতে ধুবুৰীত এইবাৰ জৰা-ফুকাৰ ৰাজনীতি নচলে আৰু বেজালি কৰিবৰ বাবে এম পি বনাই লাভ নাই বুলি মন্তব্য কৰে । তদুপৰি বিজেপি নেতৃত্বাধীন চৰকাৰে দৰিদ্ৰ কৃষকৰ হৈ কাম কৰি আছে বুলি কয় অগপৰ সভাপতিগৰাকীয়ে ।

অগপ আৰু বিজেপিয়ে উন্নয়নৰ ৰাজনীতি কৰে বুলি উল্লেখ কৰি অতুল বৰাই কয় যে কংগ্ৰেছ আৰু এআইইউডিএফ দল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । বৰাই কয়, ‘‘এইবাৰ ধুবুৰীত আজমলৰ বেজালিয়ে কাম নিদিয়ে ।’’ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভোটাৰ ৰাইজক উদ্দেশ্য কৰি কয়, ‘‘চৰকাৰৰ ওচৰলৈ যাব পৰা প্ৰতিনিধি নিৰ্বাচন কৰক । জাবেদ ইছলামক এম পি বনাওক, মাটিৰ পট্টা লৈ যাওক । কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ থাকিব, অসমত হিমন্ত বিশ্বৰ চৰকাৰ থাকিব, এয়া খাটাং । এনে সময়ত নগাঁও-হোজাইৰ পৰা আমদানি কৰা প্ৰাৰ্থীক ভোট দি লাভ নাই ।’’

জাবেদ ইছলাম লোকেল প্ৰাৰ্থী বুলি উল্লেখ কৰি কেশৱ মহন্তই কয় যে জাবেদ ইছলামে ৰাইজৰ হৈ কাম কৰিব পাৰিব ৷ সেয়ে জাবেদ ইছলামক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ ভাষণ প্ৰসংগত আহ্বান জনায় কেশৱ মহন্তই । আয়োজক সমিতিৰ ফালৰ পৰা স্থানীয় অগপ নেতা আজগৰ আলী আহমেদেও এইবাৰ মুছলমান সমাজে জৰা-ফুকা ৰাজনীতি নকৰে আৰু সদায় সংখ্যালঘূক ঠগি অহা কংগ্ৰেছ প্ৰাৰ্থীক ভোট নিদিয়ে বুলি কৈ জাবেদ ইছলামক ভোট দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীৰ কথাত এতিয়া শক্তি নাই : মল্লিকাৰ্জুন খাৰ্গে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.