ETV Bharat / politics

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে নেকি অমৃতপালক ! - Lok Sabha Election 2024

author img

By ANI

Published : Apr 27, 2024, 10:39 AM IST

Updated : Apr 27, 2024, 11:27 AM IST

pro Khalistani Amritpal Singh
Lok Sabha Election 2024

Pro Khalistani Amritpal Singh: খাদূৰ চাহাব লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে । মাতৃয়ে প্ৰকাশ কৰিলে এই তথ্য ।

নিউজ ডেস্ক, ২৭ এপ্ৰিল: খালিস্তানী সমৰ্থক বিচ্ছিন্নতাবাদী তথা ৱাৰিছ পঞ্জাব ডি মুৰব্বী অমৃতপাল সিঙে খাদূৰ চাহাব লোকসভা আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি শনিবাৰে তেওঁৰ মাতৃ বলৱিন্দৰ কৌৰে প্ৰকাশ কৰে । নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ তেওঁৰ ওপৰত হেঁচা দিয়া হৈছে বুলিও দাবী কৰি সিঙৰ মাতৃয়ে কয় যে এতিয়া তেওঁ খদূৰ চাহাবৰ পৰা ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিব ৷

বৰ্তমান অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে খালিস্তানী সমৰ্থক নেতাগৰাকী । "নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অমৃতপাল সিঙৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু এতিয়া তেওঁ খদূৰ চাহাব লোকসভা সমষ্টিৰ পৰা ৰাজনৈতিক ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে । এই নিৰ্বাচন তেওঁ কোনো দলৰ মঞ্চত যুঁজিব নোৱাৰে । এই নিৰ্বাচন নিৰ্দলীয় হিচাপে যুঁজিব ।" সংবাদ মাধ্যমৰ আগত এইদৰে কয় বলৱিন্দৰ কৌৰে ।

অমৃতপালে পঞ্জাবৰ বিষয়সমূহ ভালদৰে জানে আৰু সেই বিষয়সমূহৰ ওপৰত এই নিৰ্বাচনত যুঁজ দিব বুলিও তেওঁ লগতে কয় ।

সিঙৰ পিতৃ তৰ্চেম সিঙে এতিয়ালৈকে একো নিশ্চিত হোৱা নাই আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত স্থানীয় লোকৰ হ’ব লাগে বুলি কয় । অমৃতপাল সিঙে ইচ্ছা কৰিলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈ লোকসভা নিৰ্বাচনত যুঁজ দিয়াৰ কথা নস্যাৎ কৰাৰ এদিন পিছতে এই তথ্য পোহৰলৈ আহিছে ।

"এয়া আমাৰ সিদ্ধান্ত হ'ব নোৱাৰে । স্থানীয় ৰাইজৰ সিদ্ধান্ত হ'ব লাগে । প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো ইচ্ছাশক্তি নাই যদিও ৰাইজে বিচাৰিলে কৰিব ।" বৃহস্পতিবাৰে ডিব্ৰুগড় কাৰাগাৰত পুত্ৰৰ সৈতে হোৱা চমু সাক্ষাৎকাৰৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তৰ্চেম সিঙে এইদৰে কয় ।

ইয়াৰ পূৰ্বে অমৃতপল সিঙৰ আইনী অধিবক্তা ৰাজদেৱ সিং খালছায়ো পঞ্জাবৰ খাদুৰ চাহাব সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দাবী কৰিছিল । যোৱা বছৰৰ এপ্ৰিল মাহত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰা হৈছিল । তেওঁ আৰু তেওঁৰ সহযোগী ৯ জন সম্প্ৰতি অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে । যোৱা মাহত চৰকাৰে অমৃতপাল আৰু তেওঁৰ ৯ জন সহযোগীৰ বিৰুদ্ধে এন এছ এৰ ম্যাদ বৃদ্ধি কৰিছিল ।

পঞ্জাব আৰক্ষীয়ে তেওঁৰ বাবে ব্যাপক মেনহাণ্ট আৰম্ভ কৰাৰ দিনাৰ পৰা বিগত বৰ্ষৰ ১৮ মাৰ্চৰ পৰা পলায়ন কৰি আছিল সিঙে । অমৃতপালৰ এজন সহায়ক লাভপ্ৰীত টুফানক মুকলি কৰি দিয়াৰ দাবীত অমৃতৰ সমৰ্থকে ২৩ ফেব্ৰুৱাৰীত অমৃতসৰৰ অজনলা আৰক্ষী থানাত তাণ্ডৱ সৃষ্টি কৰাৰ তিনি সপ্তাহৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক: নাকেৰে ইভিএম টিপি ভৰিৰ বুঢ়া আঙুলিত ভোটদানৰ চিয়াঁহী লগালে যুৱকে - Lok Sabha Election 2024

Last Updated :Apr 27, 2024, 11:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.