ETV Bharat / politics

লোকসভা নিৰ্বাচনত কোন সমষ্টিত কিদৰে প্ৰভাৱ পেলাব সংখ্যালঘু ভোটাৰে - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 8:29 PM IST

অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত এইবাৰ অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । কেইবাটাও লোকসভা সমষ্টিৰ জনগাঁথনিৰ ব্যাপক সাল-সলনি । পূৰ্বতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা কেইবাটাও সমষ্টিত এতিয়া সংখ্যাগুৰুৰ অধিপত্য ।

Politics of minority voters in Assam
সংখ্যালঘু ভোটাৰৰ ৰাজনীতি

গুৱাহাটী,২৭ মাৰ্চ: ৰাজ্যৰ সৰ্বত্র এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ব্যস্ততাৰ অন্ত নাই ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থী সকলৰ । প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন । অসমত তিনিটা পৰ্যায়ত অৰ্থাৎ ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে'ত ১৪ টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । এইবাৰৰ নিৰ্বাচন অসমত বিশেষভাৱে গুৰুত্বপূৰ্ণ তথা বিশেষ আকৰ্ষনীয় হ'ব । কাৰণ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত অনুষ্ঠিত হ'বলৈ গৈ আছে এই লোকসভা নিৰ্বাচন । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত সমষ্টিৰ সংখ্যা একেই আছে যদিও বহুকেইটা সমষ্টিৰ বিলুপ্তি ঘটাই নতুন সমষ্টি কৰা হৈছে । আনহাতে, লোকসভা আৰু বিধানসভা সমষ্টিৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন সাধন কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণত । বিশেষকৈ চাৰিটা লোকসভা সমষ্টিৰ জনগাঁথনিৰ ব্যাপক সাল-সলনি হৈছে। সেইকেইটা হৈছে ধুবুৰী, বৰপেটা, নগাঁও আৰু পূৰ্বৰ কলিয়াবৰ আৰু বৰ্ত্তমানৰ কাজিৰঙা। পূৰ্বতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা কেইবাটাও সমষ্টি এতিয়া সংখ্যাগুৰুৰ অধিপত্যত । মূলতঃ চাৰিটা লোকসভা সমষ্টিৰ ভোটাৰৰ ৰূপৰেখা সলনি হৈছে । যাৰ বাবেই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতৃত্বই ১৪ খনৰ ভিতৰত ১৩ খন আসন লাভ কৰিব বুলি ইতিমধ্যেই দাবী কৰিছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বিশেষভাৱে সংখ্যালঘু ভোটাৰৰ জনগাঁথনি সলনি হোৱা চাৰিটা সমষ্টিৰ ৰূপৰেখা এনেধৰণৰ-

  • " class="align-text-top noRightClick twitterSection" data="">

বৰপেটা লোকসভা সমষ্টি :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটা লোকসভা সমষ্টিত যথেষ্ট পৰিৱৰ্তন হৈছে । শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,৪৯,৮৭৩ গৰাকী। ইয়াৰে ৯,৮৮,৫৭০ জন পুৰুষ আৰু ৯,৬১,৩০৩ গৰাকী । আনহাতে ,২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১৬,৮৫,৯৩২ গৰাকী । ২০১৯ৰ নিৰ্বাচনত বৰপেটা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮৬.২ শতাংশ । সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা ২,৬৩,৯৪১ গৰাকীলৈ বৃদ্ধি পালে । বিগত নিৰ্বাচনী ফলাফলত কংগ্ৰেছৰ আব্দুল খালেকে লাভ কৰিছিল ৬,৪৫,১৭৩ টা ভোট । আব্দুল খালেকে লাভ কৰা ভোটৰ হাৰ আছিল ৪৪.২৩ শতাংশ । ইয়াৰ বিপৰীতে সমষ্টিটোত অগপৰ কুমাৰ দীপক দাসে লাভ কৰিছিল ৫,০৪,৮৬৬ টা ভোট । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৩৪.৬১ শতাংশ ।

আনহাতে, এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে লাভ কৰিছিল ২,৪৮,৬৬৭ টা ভোট আৰু ভোটৰ হাৰ আছিল ১৭.০৫ শতাংশ । কংগ্ৰেছৰ আব্দুল খালেকে ১.৪০ লাখ ভোটৰ ব্যৱধানত জয়ী হৈছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বৰপেটা সমষ্টিৰ ব্যাপক সালসলনি হৈছে । বিশেষকৈ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে । পূৰ্বতে সমষ্টিটোত সংখ্যালঘু ভোটাৰ ফেক্টৰ আছিল । নিৰ্ণায়ক ভূমিকা লৈছিল সংখ্যালঘু ভোটাৰে । সমষ্টিটোত পূৰ্বতে ৫৫.২ শতাংশ সংখ্যালঘু ভোটাৰ আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত বৰপেটাত সংখ্যালঘু ভোটাৰৰ হাৰ হ্ৰাস পাই ২৫ৰ পৰা ৩০ শতাংশ হৈছে ।

এইবাৰ বৰপেটাত সংখ্যালঘু ভোটাৰৰ অধিপত্য নাই । ২০১৯ চনত বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা আছিল ৯,৩১,৩৪৩ গৰাকী । সেইদৰে অনুসূচীত জাতিৰ ভোটাৰ আছিল ১,৩৩,১৮৯ গৰাকী (৭.৯ শতাংশ)। আনহাতে ,অনুসূচীত জনজাতিৰ ভোটাৰ আছিল ৫০,৫৭৮ গৰাকী (৩ শতাংশ)। সমষ্টিটো বেছিভাগ সময় কংগ্ৰেছৰ দখলত আছিল । ১১ বাৰকৈ কংগ্ৰেছে দখল কৰা বৰপেটা সমষ্টিত চি পি আই এম-এ দুবাৰ আৰু এ আই ইউ ডি এফ দলে এবাৰ জয়ী হ'বলৈ সক্ষম হৈছিল । সমষ্টিটোত ছয়গৰাকী সংখ্যালঘু নেতা আৰু তিনিগৰাকী হিন্দু নেতা সাংসদ হৈছে । পূৰ্বতে সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা আছিল বঙাইগাঁও, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, বৰপেট‍া, জনীয়া, বাঘবৰ, চেঙা, সৰুক্ষেত্রী, পাটাছাৰকুছি আৰু ধৰ্মপুৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তিনিটাকৈ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি বৰপেটাৰ পৰা কৰ্তন কৰা হয় । সেইকেইটা হৈছে জনীয়া, চেঙা আৰু বাঘবৰ সমষ্টি। আনহাতে নতুনকৈ অন্তৰ্ভুক্ত হৈছে নলাবাৰী, টিহু আৰু হাজো-শুৱালকুছি। যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ পূৰ্বৰ পৰিৱেশ নাই। অৰ্থাৎ এইবাৰ সংখ্যালঘু ভোটাৰ সমষ্টিটোত ফেক্টৰ নহয় । বৰপেটা সমষ্টিত বিজেপিৰ মিত্রদল অগপই বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে চি পি আই এম দলে বিধায়ক মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে। কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে দ্বীপ বায়নক। মিত্রতাত থাকিও কংগ্ৰেছ আৰু চি পি আই এম দলে পৃথকে পৃথকে প্ৰাৰ্থী দিয়াত বিজেপি মিত্রজোঁট লাভবান হ'ব বুলি ধাৰণা কৰা হৈছে । ইফালে, দুলু আহমেদেও সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে সাজু হৈছে । তেনেস্থলত ভোট বিভাজন হ'লে বিজেপি দলেই উপকৃত হ'ব । সমষ্টিটোত এইবাৰ সংখ্যাগুৰুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিব ।

ধুবুৰী লোকসভা সমষ্টি : ধুবুৰী সমষ্টিত পূৰ্বতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতো সমষ্টিটোত সংখ্যালঘু ভোটাৰৰে অধিপত্য আছে । যাৰ বাবেই সমষ্টিটো বিজেপিয়ে হিচাপত ৰখা নাই আৰু যিটো কথা মুখ্যমন্ত্রীয়ে মুকলিকৈ ব্যক্ত কৰে । আনকি মুখ্যমন্ত্রীয়ে ধুবুৰীত প্ৰচাৰ চলাবলৈয়ো নোযোৱাৰ কথা সদৰী কৰিছে। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬,৪৩,৪০৩ গৰাকী। ইয়াৰে ১৩,৫৩,৯৫২ জন পুৰুষ আৰু ১২,৮৯,৪৫১ গৰাকী মহিলা ভোটাৰ । ২০১৯ চনত সমষ্টিটোত মুঠ ভোটাৰ আছিল ১৮,৪৫,২২৬ গৰাকী । ২০১৯ৰ নিৰ্বাচনত ধুবুৰীত ভোটদানৰ হাৰ আছিল ৯০.৫ শতাংশ । আনহাতে সমষ্টিটোত ২০১৯ৰ তুলনাত ২০২৪ চনত ভোটাৰৰ সংখ্যা ৭,৯৮,১৭৭ গৰাকীলৈ বৃদ্ধি পালে । বিগত নিৰ্বাচনত এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল জয়ী হৈছিল আৰু লাভ কৰিছিল ৭,১৮,৭৬৪ টা ভোট । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৪২.৬৬ শতাংশ ।

আনহাতে, কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছিল ৪,৯২,৫০৬ টা ভোট (২৯.২৩ শতাংশ)। অগপৰ জাভেদ ইছলামে লাভ কৰিছিল ৩,৯৯,৭৩৩ টা ভোট (২৩.৭২ শতাংশ)। প্ৰায় ২.২৬ লাখ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমল জয়ী হৈছিল। ২০১৯ চনত ধুবুৰী সমষ্টিত সংখ্যালঘু ভোটাৰৰ হাৰ আছিল ৭২.৩ শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শেহতীয়া ভোটাৰ তালিকা অনুসৰি ধুবুৰী সমষ্টিত সংখ্যালঘু ভোটাৰৰ হাৰ ৮১ শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ মূলতে বৰপেটা সমষ্টিৰ পৰা কৰ্তন কৰা সংখ্যালঘু সমষ্টি ধুবুৰীত যোগ দিয়া হৈছে । ধুবুৰী সমষ্টিত জনীয়া আৰু নতুনকৈ হোৱা মন্দিয়া বিধানসভা সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে বঙাইগাঁও জিলাৰ নতুনকৈ গঠিত সৃজনগ্ৰাম সমষ্টি অন্তৰ্ভুক্ত হৈছে ধুবুৰীত। অধিকাংশ সংখ্যালঘু গাঁও সামৰি সৃজনগ্ৰাম বিধানসভা সমষ্টিটো কৰা হৈছে । পূৰ্বতে ধুবুৰী সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহ হৈছে মানকাচৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গৌৰীপুৰ, গোলকগঞ্জ পশ্চিম বিলাসীপাৰা, পূব বিলাসীপাৰা, পশ্চিম গোৱালপাৰা, পূব গোৱালপাৰা আৰু জলেশ্বৰ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং জাৰুৱা, বিলাসীপাৰা, ম‍ানকাচৰ, জলেশ্বৰ, পূব গোৱালপাৰা, সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে। ধুবুৰী সমষ্টিটো অধিক সময় কংগ্ৰেছৰ দখলত আছিল । দহ বাৰ কংগ্ৰেছৰ দখলত থকা ধুবুৰী সমষ্টিত তিনিবাৰ এ আই ইউ ডি এফ আৰু তিনিবাৰ পি এছ পিয়ে দখল কৰিছে । ২০০৯ চনৰ পৰা সমষ্টিটো এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দখলত আছে । এইবাৰ পুনৰ সাংসদ বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আনহাতে, সমষ্টিটোত কংগ্ৰেছে বিধায়ক ৰকিবুল হুছেইনক আৰু বিজেপি মিত্রদল অগপই জাভেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ধুবুৰীৰ যুঁজখন এইবাৰ যথেষ্ট লক্ষণীয় হ'ব ।

কলিয়াবৰৰ বিলুপ্তি ঘটি হ'ল কাজিৰঙা লোকসভা সমষ্টি :পূৰ্বতে কলিয়াবৰ সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈ আহিছিল যদিও এইবাৰ নতুনকৈ কৰা কাজিৰঙা সমষ্টিত সংখ্যালঘু ভোটাৰৰ অধিপত্য নাই । শেহতীয়া ভোটাৰ তালিকা অনুসৰি কাজিৰঙা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০,৩৩,৫৭২ গৰাকী । ইয়াৰে ১০,১৮,২০৫ জন পুৰুষ আৰু ১০,১৫,৩৬৭ গৰাকী মহিলা ভোটাৰ । ২০১৯ চনত কলিয়াবৰ সমষ্টিত মুঠ ভোটাৰ আছিল ১৭,১৩,৬৩৬ গৰাকী । আনহাতে, কলিয়াবৰত ভোটদানৰ হাৰ আছিল ৮২.১২ শতাংশ। বিগত নিৰ্বাচনত কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৮৬,০৯২ টা ভোট লাভ কৰি জয়ী হৈছিল । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৫৫.১৮ শতাংশ । আনহাতে অগপৰ মণিমাধৱ মহন্তই লাভ কৰিছিল ৫,৭৬,০৯৮ টা ভোট । কলিয়াবৰ সমষ্টিটো কংগ্ৰেছৰ দখলত ১২ বাৰ থকাৰ বিপৰীতে এবাৰ অগপৰ দখলত আছিল । এইবাৰ গৌৰৱ গগৈয়ে কলিয়াবৰৰ ঠাইত নতুনকৈ হোৱা কাজিৰঙা সমষ্টিৰ বিপৰীতে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ গঠন হোৱা কাজিৰঙা সমষ্টিত পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি কৰ্তন কৰা হৈছে । সেইকেইটা হৈছে চামগুৰি, ধিং, ৰূপহীহাট আৰু বটদ্ৰৱা সমষ্টি । কাঙিৰঙাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে বঢ়মপুৰ, হোজাই, লামডিং, বিন্নাকান্দি, কলিয়াবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ। প্ৰায় কেইটা সমষ্টিয়ে হৈছে সংখ্যাগুৰু অধ্যুষিত । নৱগঠিত কাজিৰঙা সমষ্টিত শাসকীয় দল বিজেপিয়ে ৰাজ্যসভাৰ বৰ্ত্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক আৰু কংগ্ৰেছ দলে প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

নগাঁও লোকসভা সমষ্টি :সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও সমষ্টিৰো জনগাঁথনিৰ ব্যাপক সালসলনি হৈছে । শেহতীয়া ভোটাৰ তালিকা অনুসৰি নগাঁও লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১৮,০৪,৪৭২ গৰাকী । ইয়াৰে ৯,০৮,৮৬০ জন পুৰুষ আৰু ৮,৯৫,৬১২ গৰাকী মহিলা ভোটাৰ । বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটাৰ আছিল ১৭,৭৭,৫৭৬ গৰাকী আৰু ভোটদানৰ হাৰ আছিল ৮৩.২২ শতাংশ । আনহাতে, বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪ টা ভোট লাভ কৰি জয়ী হৈছিল। তেওঁ ল‍াভ কৰা ভোটৰ হাৰ আছিল ৪৯.৫৩ শতাংশ । বিজেপিৰ ৰূপক শৰ্মাই লাভ কৰিছিল ৭,২২,৯৭২ টা ভোট ( ৪৮.৪০ শতাংশ)। বিগত নিৰ্বাচনত নগাঁৱত এ আই ইউ ডি এফে প্ৰাৰ্থী নিদিয়া বাবে সংখ্যালঘু ভোটৰ বিভাজন হোৱা নাছিল । যাৰ বাবে প্ৰদ্যুৎ বৰদলৈৰ জয় সহজ হৈছিল । পূৰ্বতে নগাঁও সমষ্টিত ৪৩ শতাংশ সংখ্যালঘু ভোটাৰ আছিল । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শেহতীয়াকৈ প্ৰকাশ কৰা ভোটাৰ তালিকা অনুসৰি নগাঁও সমষ্টিত সংখ্যালঘু ভোটাৰৰ হাৰ ৫৭.৫৭ শত‍ংশলৈ বৃদ্ধি পালে । সেই হিচাপত এইবাৰ সংখ্যালঘু ভোটাৰে সমষ্টিটোত বিশেষ প্ৰভাৱ পেলাব । ২০১৯ চনত সমষ্টিটোত ৭,৬৪,৭৫৬ গৰাকী সংখ্যালঘু ভোটাৰ আছিল । বৰ্ত্তমান সেই সংখ্যা হৈছে ৯,৮৮,১০১ গৰ‍কী ।

আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও সমষ্টিত কেইবাটাও সংখ্যালঘু অধ্যুষিত এলেকা অন্তৰ্ভুক্ত হৈছে । নগাঁৱৰ অন্তৰ্গত বৰ্তমানৰ বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে জাগীৰোড, লাহৰীঘাট, মৰিগাঁও, ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও আৰু ৰহা । নগাঁও সমষ্টিটো আঠবাৰ কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে চাৰিবাৰ বিজেপিৰ আৰু তিনিবাৰ অগপৰ দখলত আছিল । সমষ্টিটোত এইবাৰ সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে । সমষ্টিটোত কংগ্ৰেছ দলে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে সুৰেশ বৰাক আৰু এ আই ইউ ডি এফ দলে বিধায়ক আমিনুল ইছলামক প্ৰাৰ্থীত্ব দিছে । এনে প্ৰেক্ষাপটত নগাঁও সমষ্টিত সংখ্যালঘুৰ ভোট কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বিভাজন হ'লে লাভবান হ'ব বিজেপি । নগাঁৱত এইবাৰৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচনত কাক নিৰ্বাচিত কৰিব খোজে নৱপ্ৰজন্মৰ ভোটাৰে ? - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.