ETV Bharat / politics

বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:30 PM IST

Himanta Biswa Sarma: ব’হাগ বিহুৰ আগতে নিৰ্বাচন হোৱাটো বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন আয়োগক বিহুৰ আগতেই নিৰ্বাচন শেষ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Himanta Biswa Sarma
হিমন্ত বিশ্ব শৰ্মা
বিহুৰ পূৰ্বেই নিৰ্বাচনৰ পোষকতা হিমন্ত বিশ্ব শৰ্মাৰ

আমগুৰি, 24 জানুৱাৰী: ৰঙালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি লোকসভা নিৰ্বাচন 14 এপ্ৰিলৰ আগত সমাপ্ত কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ব’হাগ বিহু যাতে অসমৰ ৰাইজে সুন্দৰকৈ উদযাপন কৰিব পাৰে, তাৰ বাবে বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰ্বাচন আয়োগক আহ্বান জনাইছে ৷ বুধবাৰে নাজিৰাত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে এই মুহূৰ্ততো অসম বিজেপিৰ কোনোধৰণৰ অসুবিধা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰততে ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটত জয়লাভ কৰিব ৷ নিৰ্বাচনৰ পূৰ্বে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ প্ৰসংগত ড৹ শৰ্মাই কয়, ‘‘অৰুণোদয় আঁচনি ৰাজনীতিৰ লগত লিংক কৰা নাই ৷ কিন্তু প্ৰত্যেক বছৰেই অৰুণোদয়ত কিবা এটা নতুনত্ব আহে ৷ গতিকে এইবাৰৰ বাজেটতো ৰাইজে নতুনত্ব পাব ৷ কিন্তু নিৰ্বাচন বুলি অৰুণোদয়ৰ একো নকৰোঁ ৷ হিতাধিকাৰীক ৰাজনীতিকৰণ নিবিচাৰোঁ ৷’’

ৰাহুল গান্ধীৰ নেতৃত্বত অসমত অব্যাহত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে বটদ্ৰৱাত সোমাবলৈ তেওঁলোকে ইমান হুলস্থূল কৰিলে, কিন্তু ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত কিয় এক মিনিটো নৰ’ল ?

হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰাহুল গান্ধী কিয় নৰ’ল বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ বৰপেটা সত্ৰ, কামাখ্য মন্দিৰতো এক মিনিটো ৰাহুল গান্ধী নোৰোৱাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে সমগ্ৰ ঘটনা কেৱল সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ আৰু অসমখন অশান্ত কৰাৰ বাবেহে আছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তেখেতলোকৰ উদ্দেশ্য ‘আমি বিফল কৰিলোঁ’ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

‘ধুবুৰীত কি ন্যায় যাত্ৰা কৰে কৰি থাকক, তাত মোৰ কোনো আপত্তি নাই’ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ পিচতহে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হ’ব ৷ এতিয়া গ্ৰেপ্তাৰ কৰিলে মানুহে ৰাজনীতকৰণ হোৱা বুলি ক’ব বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাত হোৱা অপ্ৰীতিকৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলে কৰিব ৷

লগতে পঢ়ক: কি হ’ব পৰৱৰ্তী ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী, মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.