ETV Bharat / politics

প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী সম্পূৰ্ণ সাজু হৈছে আগন্তুক নিৰ্বাচনৰ বাবে

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:02 PM IST

Golaghat Ex MLA Roselina Tirkey: কংগ্ৰেছ নেত্ৰী ৰ’জলীনা তিৰ্কীয়ে আগন্তুক নিৰ্বাচন সন্দৰ্ভত প্ৰকাশ কৰিলে বহু কথা ৷ শুনক নেত্ৰীগৰাকীৰ মুখেৰেই-

Golaghat Ex MLA Roselina Tirkey
কংগ্ৰেছ নেত্ৰী ৰ’জলীনা তিৰ্কী

কংগ্ৰেছ সাজু আগন্তুক নিৰ্বাচনৰ বাবে

গোলাঘাট, 9 ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনত এঘৰী যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ ৷ কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কী সম্পূৰ্ণ সাজু হৈছে আগন্তুক নিৰ্বাচনৰ বাবে ৷

কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ কাজিৰঙা এতিয়া নিজৰ দখলত ৰাখিবলৈ সাঁজু হৈছে কংগ্ৰেছ ৷ বিস্মিতা গগৈৰ বিজেপিলৈ গমনৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী ৰ’জলীনা তিৰ্কীয়ে ৷

মূল্যবৃদ্ধি, নিবনুৱা সমস্যাকে প্ৰধান ইচ্ছু হিচাপে লৈ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ কাষলৈ যাব কংগ্ৰেছ দল ৷ পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিটো বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত আছে ৷ এইবছৰো তাৰ ব্যতিক্ৰম নহয় বুলি ঘোষণা কৰে প্ৰাক্তন বিধায়িকা ৰ’জনীলা তিৰ্কীয়ে ৷ কাজিৰঙা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰ’জনীলা তিৰ্কীয়ে ইতিমধ্যে কংগ্ৰেছৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে ৷ চৰকাৰ নাথাকিলেও ৰাইজৰ আস্থা আৰু বিশ্বাস এতিয়াও কংগ্ৰেছ দলৰ প্ৰতি আছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

আনহাতে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিস্মিতা গগৈ সন্দৰ্ভতো নেত্ৰীগৰাকীয়ে নিজৰ মত প্ৰকাশ কৰে ৷ তেওঁ উল্লেখ কৰে যে দল এটালৈ মানুহ অহা-যোৱা কৰিয়ে থাকে ৷ কোনোবা গ’লেও কংগ্ৰেছ দলৰ কোনো ক্ষতি নহয় ৷ খালী হৈ যোৱা স্থানত পুনৰ নতুন লোকক থিয় কৰাই সমষ্টিটোত কংগ্ৰেছ দল শক্তিশালী কৰি তোলা হ’ব বুলি উল্লেখ কৰে তেওঁ ৷ মুঠতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙা সমষ্টিত কংগ্ৰেছ দলে এঘড়ী যুঁজিবলৈ সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰে ৰ’জনীলা তিৰ্কীয়ে ৷

লগতে পঢ়ক : শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.