ETV Bharat / politics

মহিলাক লাখপতি কৰাৰ সপোন দেখুৱাই মাত্ৰ জাপে জাপে ফৰ্ম বিলালে বিজেপিয়ে: গৌৰৱ গগৈ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 9:40 PM IST

Gaurav Gogoi slams Assam CM: গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুধনৈত আজি কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈ আৰু লুৰীণ জ্যোতি গগৈয়ে । বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধৰ মূল্যবৃদ্ধিহে কৰিলে । চাকমা আৰু হাজংসকলক অসমত সংস্থাপনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কৈছে । এই অভিযোগ গৌৰৱ গগৈৰ ।

Gaurav Gogoi slams Assam CM
Lok Sabha Election 2024
দুধনৈত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ নিৰ্বাচনী প্ৰচাৰ

গোৱালপাৰা, ২৬ এপ্ৰিল: গোৱালপাৰাৰ দুধনৈত গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী ৰণডংকা । গুৱাহাটী লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ একেলগে প্ৰচাৰ দুই গগৈৰ । ধূপধৰাৰ পৰা এক বিশাল বাইক ৰেলী কৰি দুয়োকে আদৰি লৈ আনে যুৱ কংগ্ৰেছীসকলে । দুধনৈ ৰাজহুৱা খেলথাৰত কংগ্ৰেছৰ এখন জনসভাত মীৰা বৰঠাকুৰক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান দুই গগৈৰ ।

সভাত ভাষণ প্ৰদান কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে যে বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত কি কৰিলে ? আপোনাৰ গাঁৱৰ স্কুলখন বন্ধ কৰি মদৰ দোকান খুলিলে । নহৰুৰ মূল্য চাৰিশ টকা কৰিলে । মহিলাসকলক লাখপতি বনোৱাৰ সপোন দেখুৱাই মাথো জাপে জাপে ফৰ্ম বিলালে । ঔষধৰ মূল্য বৃদ্ধি কৰিলে ।

তেওঁ লগতে কয়, "মোৰ দেউতা তৰুণ গগৈ ১৫ বছৰৰ মুখ্যমন্ত্ৰী আছিল, তথাপি মোৰ নামত কোনো কোম্পানী নাই, মোৰ মাৰ নামত ক'তো মাটি নাই, কোনো আত্মীয়ৰ নামত সম্পত্তিৰ পাহাৰ‌‌‌ নাই ।" কংগ্ৰেছ চৰকাৰ হ'লে পুনৰ বন্ধ হোৱা স্কুল খুলি, মদৰ দোকান বন্ধ কৰাৰ প্ৰতিশ্ৰুতি গৌৰৱ গগৈৰ ।

ইফালে অৰুণাচলৰ হাজং আৰু চাকমাসকলক অসমত সংস্থাপন দিয়া সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু হিমন্ত বিশ্ব শৰ্মাক একেলগে প্ৰেছ কনফাৰেন্স পাতি স্পষ্টীকৰণ দিয়াৰ বাবে আহ্বান জনাই গৌৰৱ গগৈয়ে ।

সভাত অংশগ্ৰহণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে গুৱাহাটীৰ বৰ্তমানৰ সাংসদগৰাকীক নিমাতী কইনা বুলি অভিহিত কৰি মীৰা বৰঠাকুৰক ভোট প্ৰদান কৰি অসমৰ পৰা এগৰাকী অগ্নিকন্যা দিল্লীলৈ পঠিয়াবলৈ আহ্বান কৰে । তেওঁ কয় যে ৰোহিত শৰ্মা, বিৰাট কোহলীতকৈ ভাল খেলুৱৈ হিমন্ত-সৰ্বা ৷ মূল্যবৃদ্ধিত চেঞ্চুৰী মাৰিয়েই থাকে দুয়োৱে । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপি ইতিমধ্যে তচনচ হৈছে বুলি কয় নেতাগৰাকীয়ে ।

"সাম্প্ৰদায়িক, সংকীৰ্ণ, ভেদাভেদৰ আদৰ্শই অসমৰ শংকৰ আজানৰ আদৰ্শ শেষ কৰিছে । ভাতৃত্ববোধ, সাম্প্ৰদায়িকহীন, প্ৰেম, সমন্বয়ৰ আদৰ্শৰে আগবাঢ়িছোঁ ৷ এইবাৰৰ নিৰ্বাচনী যুঁজ এই দুটা আদৰ্শৰ মাজত হ’ব বা হৈছে । গুৱাহাটীৰ পৰা এইবাৰ নিমাতী কইনা নহয়, মীৰা বৰঠাকুৰ দৰে অগ্নিকন্যাক সংসদলৈ পঠিয়াওক ৰাইজে ।" বিজেপিৰ প্ৰতীক চিহ্নক সালোচনা কৰি কয় যে, বিজেপিৰ চিহ্ন পদুম ফুল এতিয়া এপ্ৰিল ফুল হৈ পৰিছে ।

লগতে পঢ়ক: ৰাজেন গোঁহাইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পোষকতা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.