ETV Bharat / politics

'ইণ্ডিয়া'ত বিসম্বাদ, জয়ৰাম ৰমেশক সমালোচনা চিপিআই (এম) নেতা চেলিমৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:38 PM IST

Salim Slams Ramesh: পশ্চিমবংগত কংগ্ৰেছ-চিপিআই(এম) মিত্ৰজোঁটত ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । জ্যেষ্ঠ বাঁওপন্থী নেতা মহম্মদ চেলিমে এইবাৰ কংগ্ৰেছ নেচা জয়ৰাম ৰমেশক তীব্ৰ আক্ৰমণ কৰিছে । টিএমচি তথা মমতা বেনাৰ্জীৰ বিৰুদ্ধে কংগ্ৰেছে নমনীয় স্থিতি গ্ৰহণ কৰাৰ অভিযোগ চেলিমৰ ।

Further Fissures in INDIA
জয়ৰাম ৰমেশক সমালোচনা চিপিআই (এম) নেতা চেলিমৰ

নেশ্যনেল ডেস্ক,৩ ফেব্ৰুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত বিহাৰ-পশ্চিমবংগ সীমান্তৰ ওচৰত হোৱা আক্ৰমণক লৈ উত্তেজনা অব্যাহত আছে । বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া' ভিতৰচ'ৰাতো কিছু অসন্তুষ্টি দেখা গৈছে । মিত্ৰজোঁট 'ইণ্ডিয়া'ত লাহে লাহে ফাঁট মেলিবলৈ আৰম্ভ কৰিছে !

ৰাহুল গান্ধীৰ বাহনত আক্ৰমণৰ সৈতে টিএমচিৰ কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে যদিও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে । কিন্তু বেনাৰ্জীৰ বিৰুদ্ধে কোনো কঠোৰ স্থিতি গ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰিছে চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশক শাসকীয় তৃণমূল কংগ্ৰেছৰ প্ৰতি নমনীয় স্থিতি লোৱাৰ বাবে চেলিমে সমালোচনা কৰিছে ।

কেৱল এয়াই নহয় তেওঁ অভিযোগ কৰিছে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েই নীতিশ কুমাৰক বিজেপিক উপহাৰ দিছে । কংগ্ৰেছে আশ্চৰ্যজনকভাৱে টিএমচি নেত্ৰীক প্ৰত্যাহ্বান জনোৱাৰ ভয়ত কোনো আগভাগ লোৱা নাই বুলিও তেওঁ সমালোচনা কৰিছে । জয়ৰাম ৰমেশ সম্পৰ্কত চেলিমে কয় যে এতিয়ালৈকে 'জয় শ্ৰী ৰাম'ৰ ধ্বনি শুনি থকা গৈছে । এতিয়া 'শ্ৰী'ক আঁতৰাওক আৰু কওঁক 'লোভী জয়ৰাম'। বংগৰ ভৱিষ্যত তাৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব । কোনেও জয় ৰাম বা জয় শ্ৰী ৰাম উচ্চাৰণ নকৰে বুলিও তেওঁ দাবী কৰে ।

চিপিআই (এম) নেতা চেলিমে জনোৱা মতে তেওঁ বীৰভূমত ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল আৰু তেওঁৰ যাত্ৰাক আদৰণি জনাইছিল । তেওঁ অসমত বাধাৰ সন্মুখীন হোৱা যাত্ৰাটোৰ কথা বুজি পাই কাৰণ অসমৰ মুখ্যমন্ত্ৰী এগৰাকী প্ৰাক্তন কংগ্ৰেছী । কিন্তু তেওঁ কেতিয়াও পশ্চিমবংগত তাৰ পুনৰাবৃত্তি আশা কৰা নাছিল । চেলিমৰ মতে মমতা বেনাৰ্জীয়ে তেওঁৰ ভতিজাক অভিষেক বেনাৰ্জীক ৰক্ষা কৰিবলৈ অগণতান্ত্ৰিক উপায়ৰ আশ্ৰয় লৈছে । নেতাগৰাকীৰ মতে মহাত্মা গান্ধীয়ে ব্ৰিটিছসকলৰ সৈতে সহযোগিতা কৰা নাছিল কিন্তু এতিয়া মমতাই বিজেপিৰ নিৰ্দেশত যাত্ৰাৰ প্ৰতি উদাসীন হৈ পৰিছে ।

টিএমচি আৰু মমতা বেনাৰ্জীক আক্ৰমণ কৰি চেলিমে প্ৰশ্ন কৰে মমতা বেনাৰ্জী দিল্লীৰ বৈঠকত কিয় উপস্থিত নাছিল ? কিয়নো ই বিজেপিৰ বিৰুদ্ধে এখন মঞ্চ আছিল । শেহতীয়াকৈ ভাৰ্চুৱেল বৈঠকতো তেওঁ উপস্থিত নাছিল । চেলিমৰ মতে তেওঁলোকে নীতিৰ ওপৰত গুৰুত্ব দি আছে, কিন্তু মমতা বেনাৰ্জীয়ে নামৰ প্ৰতি অধিক আগ্ৰহী । নীতিশ কুমাৰেই 'ইণ্ডিয়া'ৰ আহ্বায়ক হ'ব বুলি ধাৰণা কৰা হৈছিল, কিন্তু তেওঁহে মল্লিকাৰ্জুন খাৰ্গেৰ নামৰ পৰামৰ্শ দিছিল । অৰ্থাৎ মমতাইহে নীতিশক বিজেপিক উপহাৰ দিছে যেনেদৰে তেওঁ গুজৰাটক নেনো উপহাৰ দিছিল ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই প্ৰৱেশ কৰিলে গোড্ডাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.