ETV Bharat / politics

গেৰুৱা টুপী পিন্ধিয়েই বিজেপিৰ ছত্রছাঁয়াত জাতিৰ সুৰক্ষা বিচাৰি পালে দীপাংক নাথে

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:53 PM IST

Ex AASU president joins BJP: বিজেপিৰ বাহিৰে আন কোনো দলৰ অস্তিত্ব থকাটো নিবিচাৰে আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে । বিজেপিৰ ছত্রছাঁয়াতে সুৰক্ষিত হ'ব জাতি । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক অদ্বিতীয় মুখ্যমন্ত্রী আখ্যা আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ । বিজেপি চৰকাৰৰ ছত্রছায়াত অসমীয়া জাতি সুৰক্ষিত অনুভৱ কৰি বিজেপিত যোগদান ।

Ex AASU president joins BJP
বিজেপিত যোগদান আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ
বিজেপিক প্ৰশংসাৰে উপচালে দুই প্ৰাক্তন আছু নেতাই

গুৱাহাটী, 28 জানুৱাৰী : কেইবাটাও দশকৰ ছাত্ৰ ৰাজনীতি ত্যাগ কৰি সক্ৰিয় ৰাজনীতিলৈ আহিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ ৷ দেওবাৰে আনুষ্ঠানিকভাৱে শাসকীয় দল বিজেপিত যোগদান কৰিলে দীপাংক কুমাৰ নাথৰ লগতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসকে ধৰি কেইবাজনো প্ৰাক্তন নেতাই ৷ ৰাজ্যিক বিজেপিৰ গুৱাহাটী স্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত আছুৰ প্ৰাক্তন নেতা কেইজনে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে ৷

বিজেপিত যোগদান কৰিয়েই দলটোক প্ৰশংসাৰে উপচাই পেলাই দীপাংক নাথে ৷ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ ভূয়সী প্ৰশংসা কৰে ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যপন্থা আৰু পদক্ষেপ অনুধাৱন কৰি তথা অধ্যয়ন কৰি দলটোৰ যোগেদি সক্ৰিয় ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দলে দিয়া যিকোনো দায়িত্ব আখৰে আখৰে পালন কৰাৰ অংগীকাৰবদ্ধ হৈ তেওঁ সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷

তেওঁ লগতে কয় ছাত্ৰ সংগঠনত থকাৰ সময়ত কৰা ৰাজপথৰ সংগ্ৰামৰ বহু বিষয় এইখন চৰকাৰে সমাধান কৰিছে ৷ অসমৰ জনসাধাৰণ সুৰক্ষিত ভৱিষ্যতৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাটো সকলোৰে দাবী আছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া কৰি দেখুৱালে ৷ এইখন চৰকাৰে জাতিৰ কাঠামো মজবুত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি বিক্ৰী হৈছিল ৷

কিন্তু এইক্ষেত্ৰত বিজেপি চৰকাৰে এক সুস্থ বাতাবৰণ গঢ় দিবলৈ সক্ষম হ'ল ৷ নিকাভাৱে চৰকাৰখনে এক লাখ চাকৰি দিবলৈ সক্ষম হৈছে ৷ চৰকাৰখনৰ এনে কাম-কাজ দেখি আকৃষ্ট হৈ তেওঁ বিজেপিত যোগদান কৰা বুলি সদৰী কৰে ৷

ছাত্ৰ সন্থাই উত্থাপন কৰি অহা বহু দাবী বিজেপি চৰকাৰে পূৰণ কৰা বুলি সদৰী কৰি তেওঁ কয় যে বিজেপিৰ বাহিৰে আন কোনো দলৰ অস্তিত্ব থকাটো তেওঁ নিবিচাৰে ৷ বিজেপিক ভূৰি ভূৰি প্ৰশংসা কৰি তেওঁ কয় যে বিজেপিৰ ছত্ৰছায়াতে জাতি সুৰক্ষিত হ'ব ৷ আনহাতে আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে দিনটো তেওঁৰ বাবে বিশেষ দিন ৷ সুদীৰ্ঘ বহু বছৰ ছাত্ৰ সন্থাত থকাৰ পিছত আজি বিজেপিত যোগদান কৰিলে ৷ দলৰ নীতি-আদৰ্শ সৰোগত কৰি সাধাৰণ কৰ্মীৰ দৰে কাম কৰি যোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে বিভিন্নজনে তেওঁলোকক কৰা সমালোচনাক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিব ৷

জাতিৰ স্বাৰ্থত বিজেপিলৈ অহা বুলি সদৰী কৰি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অদ্বিতীয় মুখ্যমন্ত্ৰী আখ্যা দিয়ে ৷ তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ ছত্ৰছাঁয়াত অসমীয়া জাতি সুৰক্ষিত অনুভৱ কৰি তেওঁ বিজেপিত যোগদান কৰিছে ৷ লক্ষণীয় বিষয় যে 'কা' আন্দোলনৰ সময়চোৱাত উদাত্ত প্ৰতিবাদী কণ্ঠ হৈ গৰজি উঠিছিল আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ ৷ সেই আন্দোলনৰ অন্যতম প্ৰতিবাদী কণ্ঠস্বৰূপ নেতাগৰাকী এতিয়া ৰাষ্ট্ৰীয় দল বিজেপিৰ সদস্য ৷ যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 'কা'ৰ বিৰোধিতা কৰা নেতাজনে বিজেপিত যোগদান কৰাৰ লগে লগে বিজেপিৰ নীতি-আদৰ্শ মানি 'কা'ৰ সমৰ্থন কৰাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই ৷

লগতে পঢ়ক : গেৰুৱা টুপী পিন্ধিলে প্ৰাক্তন ছাত্র নেতাৰ লগতে কংগ্ৰেছৰ দুই নেত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.