ETV Bharat / politics

নিৰ্বাচনৰ প্ৰাকক্ষণত মাজনিশা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক লাইভ: কিহৰ বাবে ক্ষুব্ধ হ’ল নেতাগৰাকী - PRADYUT BORDOLOI FB LIVE

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 8:50 AM IST

PRADYUT BORDOLOI FB LIVE
প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক লাইভ

নিশা প্ৰায় দুই বজাত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক লাইভ ৷ জাগীৰোড আৰক্ষীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি বৰদলৈয়ে ফেচবুক লাইভ দিয়ে ৷ কিন্তু কংগ্ৰেছ নেতাগৰাকী হঠাতে আৰক্ষীৰ বিৰুদ্ধে কিয় খৰ্গহস্ত হৈ পৰে, সেয়া জানিবলৈ চাওক এই প্ৰতিবেদন ৷

নিউজ ডেস্ক, 26 এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ কেইঘণ্টামান বাকী থকা অৱস্থাত কংগ্ৰেছ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক লাইভ ৷ কেইবাজনো সমৰ্থকৰ উপস্থিতিত জাগীৰোড থানা চৌহদৰ পৰা নিশা প্ৰায় 2 বজাত ফেচবুক লাইভ কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, কংগ্ৰেছৰ অনূসূচিত জাতিৰ অধ্যক্ষাৰ দায়িত্বত থকা কৃষ্ণা দাসক কোনো অভিযোগ অবিহনে আটক কৰে আৰক্ষীয়ে ৷ নিশা দাসে নিজ বাহনৰে ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত প্ৰথমে আৰক্ষীয়ে তেওঁৰ বাহনখন ৰখাই সোধ-পোচ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক আটক কৰি থানালৈ আনে ৷ প্ৰায় 3 ঘণ্টা ধৰি আৰক্ষীয়ে কংগ্ৰেছৰ মহিলা নেত্ৰীগৰাকীক মুকলি কৰি নিদিয়াত ফেচবুক লাইভ দিবলৈ বাধ্য হয় বৰদলৈ ৷

বৰদলৈয়ে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, জাগীৰোড সমষ্টিটো কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাৰ সমষ্টি ৷ হাজৰীকাৰ নিৰ্দেশতে বৰ্তমান জাগীৰোড আৰক্ষীয়ে মইমতালি দেখুওৱা আৰম্ভ কৰিছে ৷ প্ৰকৃতাৰ্থত নিৰ্বাচনৰ আগমুহুৰ্তত কংগ্ৰেছ কৰ্মীসকলৰ মনোবল হ্ৰাস কৰাৰ স্বাৰ্থতে আৰক্ষীয়ে এনে কাৰ্য কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে ৷

তেওঁ লগতে এইবুলিও আৰক্ষীক সোঁৱৰাই দিয়ে যে, উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি সন্ধিয়া 6 বজাৰ পিছত কোনো মহিলাক এনেধৰণে ৰাজপথৰ পৰা আৰক্ষীয়ে আটক কৰিব নোৱাৰে ৷ অথচ নিৰ্বাচনৰ পূৰ্বে পীযুষ হাজৰীকাৰ নিৰ্দেশত আৰক্ষীয়ে হিতাহিত জ্ঞান হেৰুৱাই অন্যায় আৰু অবৈধভাৱে কোনো কাৰণ নোহোৱাকৈ কংগ্ৰেছ নেত্ৰীগৰাকীক আটক কৰিছে ৷

এই সম্পৰ্কে শনিবাৰে পুৱা তেওঁ উচ্চতম ন্যায়ালয়ক অৱগত কৰাৰো হুংকাৰ প্ৰদান কৰে ৷ কিয়নো মৰিগাঁৱৰ জাগীৰোড আৰক্ষীয়ে কৰা এই কাৰ্যই উচ্চতম ন্যায়ালয়ৰ প্ৰতি কৰা অৱমাননাকে সূচাইছে বুলি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে সদৰী কৰে ৷

লগতে চাওক: নিশা নগাঁও আৰক্ষী থানাত কি কৰিছে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইনে ? - PRADYUT ROCKYBUL AT POLICE STATION

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.