ধুবুৰীত প্ৰত্যেকবাৰে কংগ্ৰেছে চালানী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ে : ৰছুল হক - Lok Sabha elections 2024
Dhubri Lok Sabha constituency : ধুবুৰীৰ ৰাইজে বিচৰা বাবে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বুলি ক'লে প্ৰাক্তন বিধায়ক ৰছুল হকে । ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ ৰছুল হক ।

Published : April 7, 2024 at 10:21 PM IST
গুৱাহাটী, ৭ এপ্ৰিল: ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এইবাৰ নিৰ্বাচনৰ যাত্ৰা যে কঠিন হৈ পৰিছে সেয়া ধুবুৰীৰ কংগ্ৰেছৰ নেতৃত্বৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতে স্পষ্ট কৰিছে । দলটোৰ বহুকেগৰাকী জ্য়েষ্ঠ নেতাই দল ত্যাগ কৰাৰ লগতে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে এতিয়া ৰকিবুল হুছেইনৰ বিজয়ত কিছু বাধা হৈ পৰিছে । ইয়াৰ মাজতেই দেওবাৰে গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাৱত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন বিধায়ক ৰছুল হক ।
প্ৰাক্তন বিধায়ক ৰছুল হকে কয়," ১৯৪৭ৰ পৰা আজিলৈকে ধুবুৰীৰ স্থানীয় এজনো লোক সাংসদ হোৱা নাই । প্ৰত্যেকবাৰে কংগ্ৰেছে চালানী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়ে । ৰকিবুল হুছেইনো এজন চালানী প্ৰাৰ্থী । ধুবুৰী কংগ্ৰেছৰ অৱস্থা ভাল আছিল, কিন্তু চালানী ৰকিবুল হুছেইন যোৱা কাৰণে বেয়া হৈছে ।" তেওঁ লগতে কয়," মই কংগ্ৰেছৰ প্ৰাৰ্থীৰ দাবীদাৰ আছিলো । এতিয়া ধুবুৰীৰ ৰাইজে বিচৰা বাবে মই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিম ।"
ইপিনে,প্ৰাক্তন বিধায়ক ৰছুল হকে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ কয়," ধুবুৰী জিলা পৰিষদত ১৫০ কোটি টকাৰ কেলেংকাৰী হৈছিল ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী হৈ থকাৰ সময়ত ।"
আনহাতে, ঘোচ দি কংগ্ৰেছত টিকট লাভ কৰা প্ৰসংগত পুনৰ বিস্ফোৰণ ঘটাই কয়,"ঘোচ দিলেহে লাভ কৰে কংগ্ৰেছৰ টিকট । পূৰ্বৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা থকাৰ সময়ত ১২ লাখ টকা লৈছিল জিলা পৰিষদৰ টিকটৰ নামত ।" ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীলৈ ভয় কৰি দিল্লী লৈ যাব বিচাৰিছে বুলিও সংবাদমেলত মন্তব্য কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছৰ বিধায়ক ৰছিদ মণ্ডলেও ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে তেওঁক চৰম অপমান কৰি আহিছে বুলি ক্ষোভ উজাৰিছিল ৷ যাৰ বাবে তেওঁ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনেৰ নিৰ্বাচনী প্ৰচাৰত সহযোগ নকৰে বুলি ক্ষোভ প্ৰকাশ কৰিছিল । সেয়েহে এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত ধুবুৰীত কংগ্ৰেছ নেতৃত্বৰ মাজত হোৱা সংঘাতে দলটোক বাৰুকৈয়ে ক্ষতি কৰিব বুলি চৰ্চা হৈছে ।
লগতে পঢ়ক:উত্তৰ নিদিলেও জনতাৰ স্বাৰ্থত মুখ্যমন্ত্রীক পত্র লিখি যাব বিৰোধী দলপতিয়ে - Debabrata Saikia To CM

