ETV Bharat / politics

মোদীৰ মিছাৰ কাৰখানাই কাম নকৰিব : কয়াকুছিত নিৰ্বাচনী প্ৰচাৰ মল্লিকাৰ্জুন খাৰ্গেৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 8:25 PM IST

MALLIKARJUN KHARGE IN ASSAM
বৰপেটাত নিৰ্বাচনী প্ৰচাৰ মল্লিকাৰ্জুন খাৰ্গেৰ

বৰপেটাত নিৰ্বাচনী ৰণডংকা বজালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৷ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ বিজেপি দলে ভুল প্ৰচাৰ চলাইছে বুলি কয় তেওঁ ৷

বৰপেটাত নিৰ্বাচনী ৰণডংকা সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ

বৰপেটা, 27 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে শনিবাৰে বৰপেটাত নিৰ্বাচনী ৰণডংকা বজালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৷ শনিবাৰে বৰপেটা জিলাৰ কয়াকুচিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতিজনে ৷ বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে দীপ বায়ন আৰু গৰ্জন মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই খাৰ্গেই ৷ দুয়োটা সমষ্টিক লৈ যৌথভাবে অনুষ্ঠিত হোৱা এই সভাত দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কমিটিৰ কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সভাত শাসনাধীষ্ঠ বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে কংগ্ৰেছ মুৰব্বীগৰাকী ৷ তেওঁ কয় যে, কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ বিজেপি দলে ভুল প্ৰচাৰ চলাইছে ৷ কংগ্ৰেছৰ ইস্তাহাৰত সকলো দৰিদ্ৰ, যুৱ, কৃষক আৰু মহিলাৰ বাবে আছে ৷ ইয়াৰ পিচতো প্ৰধানমন্ত্ৰীয়ে কিয় এয়া মুছলীম লীগৰ ইস্তাহাৰ বুলি ক’ব লাগে ৷ এয়া অতি লজ্জাজনক বুলি প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে কংগ্ৰেছৰ মুৰব্বীজনে ৷

ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মল্লিকাৰ্জুন খাৰ্গেই ভাৰতবৰ্ষক ৰক্ষা কৰিবলৈ, ভাৰতৰ সংবিধান সুৰক্ষিত কৰিবলৈ বিজেপিক শাসনৰ পৰা আতঁৰোৱাৰ এয়াই উপযুক্ত সময় বুলি মন্তব্য কৰে ৷ লগতে বিজেপিয়ে মিছা কথা প্ৰচাৰ কৰি নিৰ্বাচন জিকাৰ ষড়যন্ত্ৰ কৰা বুলিও খাৰ্গেই অভিযোগ কৰে ৷ এই ষড়যন্ত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব লোৱা বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনে ৷ আনহাতে বিজেপিয়ে দেশত ধৰ্মীয় ৰাজনীতি কৰাৰ অভিযোগ কৰি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰক লৈ চলোৱা প্ৰচাৰক লৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে খাৰ্গেই ৷ আনহাতে এইবাৰ কেন্দ্ৰত কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰি বিজেপিক ৰোধিব বুলি দাবী কৰে কংগ্ৰেছৰ মুৰব্বীজনে ৷

লগতে পঢ়ক : নৰেন্দ্ৰ মোদীৰ কথাত এতিয়া শক্তি নাই : মল্লিকাৰ্জুন খাৰ্গে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.