ETV Bharat / politics

শুকুৰবাৰেও মুখ্যমন্ত্ৰীৰ মুখখন দেওবাৰ দেওবাৰ লাগে : ৰকিবুল হুছেইন - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:07 PM IST

LOK SABHA ELECTION 2024
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ ৰকিবুল হুছেইন

বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন ৷ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ উল্টা গণনা আৰম্ভ হৈছে বুলি মন্তব্য তেওঁৰ ৷

কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ

জনীয়া, 13 এপ্ৰিল : ৰঙালী বিহুৰ উলাহৰ মাজতে ৰাজ্যজুৰি তীব্ৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ শনিবাৰে গৰু বিহুৰ দিনাও ৰাইজৰ কাষ চাপি প্ৰচাৰ চলাইছে প্ৰাৰ্থী তথা ৰাজনৈতিক দলৰ নেতাসকলে ৷ শনিবাৰে কলগাছিয়াৰ জনতাত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন চলালে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰচাৰ সভাত বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ প্ৰাৰ্থীজন ৷ মুখ্যমন্ত্ৰীয়ে 'নোম এডালো লৰাব নোৱাৰে' বুলি প্ৰত্যাহ্বান ৰকিবুল হুছেইনৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জনতা বেকী ভেলী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল খেল পথাৰ প্ৰাংগনত শনিবাৰে ৰূপসী ব্লক কংগ্ৰেছ কমিটি আৰু জনতা মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ তেওঁ কয়- "ঈদৰ পিচদিনাই ৰাইজৰ সমাগমে প্ৰমাণ কৰিছে যে বদৰুদ্দিন আজমল বহু ভোটত হাৰিব আৰু কংগ্ৰেছ ইয়াৰ পৰা বহু ভোটত জিকিব ৷ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ উল্টা গণনা আজি ইয়াৰ পৰাই আৰম্ভ হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই মানুহক বহু তুচ্ছ-তাচ্ছিল্য কৰি অপমান কৰিছে ৷ সেই অপমানৰ পোতক হিচাবে ৰাইজে হিমন্তৰ বুদু ভাই বদৰুদ্দিন আজমলক নাকচ কৰিব আৰু তেখেতৰ বিৰুদ্ধে ৰায় দি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰিব ৷"

ইফালে 'হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চালে দেওবাৰ দেওবাৰ লাগে' বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয়- "শুকুৰবাৰেও মুখ্যমন্ত্ৰীৰ মুখখন দেওবাৰ দেওবাৰ লাগে ৷ এইবাৰ তেওঁৰ গাদী লৰি আছে, সেয়েহে শুকুৰবাৰেও দেওবাৰ বুলি ভাবি লৈছে ৷" আজিৰ সভাত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খন্দকাৰকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : গৰু বিহুৰ দিনাও নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.