ETV Bharat / politics

চিৰাকুটিত বদৰুদ্দিন আজমলৰ প্ৰচাৰ সভা: সভাৰ মাজতে বিলালে পানী - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 11:17 AM IST

Updated : Apr 26, 2024, 12:50 PM IST

চিৰাকুটিত এ আই ইউ ডি এফ-ৰ নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ বদৰুদ্দিন আজমল । তৃতীয় নহয় পঞ্চমবাৰলৈ ধুবুৰীৰ সাংসদ হৈ থাকিব আজমল- এই দাবী খোদ এ আই ইউ ডি এফৰ নেতাগৰাকীৰ ৷

LOK SABHA ELECTION 2024
আজমলৰ প্ৰচাৰ সভা
চিৰাকুটিত বদৰুদ্দিন আজমলৰ প্ৰচাৰ সভা

গোৱালপাৰা, 26 এপ্ৰিল: ৰাজ্যত এতিয়া মাথো চাৰি সমষ্টিৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলৈ বাকী ৷ এই চাৰি সমষ্টি হৈছে ক্ৰমে- বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী ৷ তৃতীয় পৰ্যায় তথা অন্তিম পৰ্যায়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ’ব 7 মে’ ত ৷ যাৰ বাবে প্ৰতিটো সমষ্টিত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰতিটো শাসক-বিৰোধী ৰাজনৈতিক দলে ৷

বৃহস্পতিবাৰে গোৱালপাৰাৰ চিৰাকুটিত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে ৷ ধুবুৰী লোকসভা সমষ্টিৰ বিৰছিং জুৰুৱা বিধানসভা সমষ্টিৰ দক্ষিণপাৰৰ চিৰাকুটিত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে আজমলে ৷ তেওঁ ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক একপ্ৰকাৰ টাৰ্গেট কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷

তদুপৰি এইবাৰ আজমলে সভাত উপস্থিত মহিলাসকলক উদ্দেশ্যি কয় যে, পুৰুষতকৈ অধিক শক্তিশালী নাৰীসকল ৷ গতিকে এইবেলি নিৰ্বাচনতে তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ সুযোগ পাইছে ৷ গতিকে ৰকিবুল হুছেইনক দেখুৱাই প্ৰমাণ কৰিব লাগে যে তেওঁলোকৰ শক্তি কিমান ৷ ৰকিবুল হুছেইন আৰু জাভেদ ইছলামক তলা লগাই থ’বলৈ আজমলে ধুবুৰীবাসীক আহ্বান জনায় ।

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমল জয়ী হ’লে ক্ৰমাগত চতুৰ্থবাৰলৈ ধুবুৰীৰ সাংসদ হিচাপে দিল্লীলৈ যাব ৰাজনৈতিক নেতাগৰাকী ৷

আনহাতে, আমোদজনকভাৱে সভাৰ মাজে মাজে তেওঁ উপস্থিত ৰাইজৰ মাজত বিতৰণ কৰে পানী ৷ পূৰ্বৰে পৰা সাংসদগৰাকীৰ সভালৈ পানী নিবলৈ অহা সাধাৰণ লোকৰ সংখ্যা মন কৰিবলগীয়া ৷ এইবেলিও তাৰ ব্যতিক্ৰম নঘটা পৰিলক্ষিত হ’ল চিৰাকুটিৰ এই সভাত ৷ তাৰ সমান্তৰালকৈ আজমলে ব্য়ৱহাৰ কৰা হেলিকপ্টাৰ চাবলৈ ৰাইজে হেতা-ওপৰা কৰাত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগা হয় পৰিস্থিতি ৷

লগতে পঢ়ক: ধুবুৰীত মোৰ লগত মোৰেই প্ৰতিদ্বন্দ্বিতা হ'ব, ৰকিবুল হুছেইনে কান্দি যাব লাগিব: আজমলে ক'লে - Lok Sabha ELection 2024

১০ বছৰত বদৰুদ্দিন আজমলৰ সম্পত্তি বাঢ়িল ১০৮ কোটি টকা - Property Of Badruddin Ajmal

Last Updated : Apr 26, 2024, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.