ETV Bharat / politics

যাব খুজিছে দিল্লীলৈ : ৩৫ গৰাকী প্ৰাৰ্থীৰ কাৰ কি শিক্ষাগত অৰ্হতা ? - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 9:36 PM IST

Lok Sabha Election 2024: অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৩৫ গৰাকী প্ৰাৰ্থী ৷ তেওঁলোকৰ ভিতৰত আছে সপ্তম শ্ৰেণী উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ । সংসদত ৰাইজক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা এইসকল প্ৰাৰ্থীৰ বিষয়ে স্বাভাৱিকতে সকলোৰে জনাৰ আগ্ৰহ থাকে । এই সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক মাণিক ৰায়ৰ এক বিশেষ প্ৰতিবেদন-

EDUCATIONAL QUALIFICATION OF ASSAM LOK SABHA CANDIDATES
সাংসদ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা

গুৱাহাটী, ৫ এপ্ৰিল: অসমত ১৪ টা লোকসভা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় । ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ, ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ আৰু ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

ইতিমধ্যে পাঁচটা লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত শোণিতপুৰ সমষ্টিত ৮ গৰাকী, লখিমপুৰ সমষ্টিত ৯ গৰাকী, কাজিৰঙা সমষ্টিত ১১ গৰাকী, যোৰহাট সমষ্টিত ৪ গৰাকী আৰু আৰু ডিব্ৰুগড় সমষ্টিত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল । পৰীক্ষণৰ অন্তত দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছিল । বৈধ হিচাপে বিবেচিত হোৱা ৩৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এজনে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিচত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হয় ৩৫ গৰাকী । এই প্ৰাৰ্থীসকলৰ ভিতৰত কেবাগৰাকী সাংসদ আৰু বিধায়কৰ উপৰি বহু সংখ্যক নতুন মুখৰ নেতা আছে । সংসদত ৰাইজক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা এইসকল প্ৰাৰ্থীৰ বিষয়ে স্বাভাৱিকতে সকলোৰে জনাৰ আগ্ৰহ থাকে । আজিৰ এই প্ৰতিবেদনৰ যোগেদি প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত কিছু আলোকপাত কৰা হৈছে ।

প্ৰাৰ্থীসকলে দাখিল কৰা শপতনামা অনুসৰি শিক্ষাগত অৰ্হতাৰ এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । শোণিতপুৰ লোকসভা সমষ্টিত মুঠ আঠগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । তেওঁলোক হৈছে আম আদমি পাৰ্টীৰ ঋষিৰাজ কৌণ্ডিন্য, কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু, বিজেপিৰ ৰঞ্জিত দত্ত, বি পি এফৰ ৰাজু দেউৰী, বহুজন মহাপাৰ্টিৰ আলম আলী, ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী, গণ সুৰক্ষা পাৰ্টিৰ ৰিংকু ৰয় আৰু নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰী । অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিহালীৰ চাৰিবাৰৰ বিধায়ক ৰঞ্জিত দত্তক এইবাৰ বিজেপি দলে শোণিতপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

ৰঞ্জিত দত্তৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । তেওঁ তেজপুৰৰ দৰং কলেজৰ পৰা ১৯৭৪-৭৫ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । আনহাতে আম আদমি পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ঋষিৰাজ কৌণ্ডিন্যৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতক ডিগ্ৰীধাৰী । ২০০২ চনত তেওঁ তেজপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

সেইদৰে কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰেমলাল গঞ্জুৰ শিক্ষাগত অৰ্হতা হৈছে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । তেওঁ ২০১৮ চনত ঝাৰখণ্ড ৰাজ্যিক মুক্ত স্কুলৰ অধীনৰ প্ৰজ্ঞা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । বহুজন মহা পাৰ্টীৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আলম আলীৰ শিক্ষাগত অৰ্হতা সপ্তম শ্ৰেণী উত্তীৰ্ণ । তেওঁ ১৯৯৬ চনত তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰা সপ্তম শ্ৰেণী উত্তীৰ্ণ হয় ।

ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰীৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ । বি পি এফৰ প্ৰাৰ্থী ৰাজু দেউৰীৰ শিক্ষাগত অৰ্হতা আইনৰ স্নাতকোত্তৰ । তেওঁ ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । আনহাতে নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হোৱা প্ৰদীপ ভাণ্ডাৰীৰ শিক্ষাগত অৰ্হতা বাণিজ্য শাখাৰ স্নাতক । তেওঁ গুৱাহাটী কমাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । গণ সুৰক্ষা পাৰ্টীৰ ৰিংকু ৰয়ৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ ।

লখিমপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে মুঠ ৯ গৰাকী প্ৰাৰ্থী । তেওঁলোক হৈছে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা, বিজেপিৰ প্ৰদান বৰুৱা, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, কমিউনিষ্ট পাৰ্টী অব ইণ্ডিয়াৰ ধীৰেণ কছাৰী, ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু, ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেল বীৰেণ বাইলুং, নিৰ্দলীয় গোবিন বিশ্বকর্মা, নির্দলীয় দেৱ নাথ পাইট আৰু নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰী ।

ইয়াৰে কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতক ডিগ্ৰী । তেওঁ ১৯৮৩ চনত নৰ্থ লখিমপুৰ কলেজৰ পৰা অনাৰ্চসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা সাংসদ প্ৰদান বৰুৱাৰ শিক্ষাগত অৰ্হতা হৈছে মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী । তেওঁ ১৯৮০ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিচত ১৯৮৫ চনত মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা গ্ৰহণ কৰে । অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ । তেওঁ ২০০২ চনত শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ন হিল বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ।

চি পি আই দলৰ প্ৰাৰ্থী ধীৰেণ কছাৰীৰ শিক্ষাগত অৰ্হতা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ । তেওঁ ১৯৮২ চনত ধেমাজি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) প্ৰাৰ্থী পল্লৱ পেগুৰ শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী । তেওঁ ২০০৬ চনত নৰ্থ লখিমপুৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।

সেইদৰে ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচনেলৰ প্ৰাৰ্থী বীৰেণ বাইলুঙৰ শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ । তেওঁ ১৯৮৬ চনত পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰে । নির্দলীয় প্ৰাৰ্থী দেৱ নাথ পাইটৰ শিক্ষাগত অৰ্হতা স্নাতক আৰু এল এল বি ডিগ্ৰীধাৰী । তেওঁ ২০১২ চনত শিলাপথাৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে ২০১৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এল এল বি গ্ৰহণ কৰে ।

নিৰ্দলীয় প্ৰাৰ্থী বিক্ৰম ৰামচিয়াৰীৰ শিক্ষাগত অৰ্হতা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী । ২০১৬ চনত তেওঁ শিলাপথাৰৰ পূৰ্বাঞ্চল কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । নিৰ্দলীয় প্ৰাৰ্থী গোবিন বিশ্বকর্মাৰ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ । তেওঁ ২০১৬ চনত ফুলব‍াৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইচ এছ উত্তীৰ্ণ হয় ।

কাজিৰঙা লোকসভা সমষ্টিত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তির্কী, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা, অসম জনমৰ্চাৰ চেলিম আহমেদ, ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ (আঠাৱালে) ছালেহ আহমেদ মজুমদাৰ, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, নিৰ্দলীয় আব্দুল হক, নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী, নির্দলীয় ত্ৰিদীৱ জ্যোতি ভূঞা, নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী আৰু নিৰ্দলীয় বিনোদ গগৈ ।

বিজেপিৰ প্ৰাৰ্থী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ ডিগ্ৰী । তেওঁ ১৯৯৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তির্কীৰ শিক্ষাগত অৰ্হতা এম বি এ । তেওঁ ২০০৬ চনত ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্টৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰে । ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী অনিমা ডেকা গুপ্তাৰ শিক্ষাগত অৰ্হতা হৈছে স্নাতক ডিগ্ৰী । ২০২৩ চনত তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । অসম জনমৰ্চাৰ প্ৰাৰ্থী চেলিম আহমেদৰ শিক্ষাগত অৰ্হতা নৱম শ্ৰেণী উত্তীৰ্ণ ।

আনহাতে ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ (আঠাৱালে) প্ৰাৰ্থী ছালেহ আহমেদ মজুমদাৰ স্নাতক ডিগ্ৰীধাৰী । তেওঁ ২০২২ চনত হাজোৰ হ‍াজি আনফাৰ আলী কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । নির্দলীয় প্ৰাৰ্থী জ্যোতিষ্ক ৰঞ্জন গোস্বামীৰ শিক্ষাগত অৰ্হতা বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী আৰু এল এল বি উত্তীৰ্ণ ।

নির্দলীয় প্ৰাৰ্থী ত্রিদীৱ জ্যোতি ভূঞা ১৯৮৫ চনৰ ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী । নির্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ । নিৰ্দলীয় প্ৰাৰ্থী বিনোদ গগৈ স্নাতক ডিগ্ৰীধাৰী । সেইদৰে ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰে ১৯৭৮ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয় । কাজিৰঙা সমষ্টিৰ আন এজন নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হকৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে আম আদমী পাৰ্টীৰ মনোজ ধানোৱাৰ, বিজেপিৰ সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ ।

আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ শিক্ষাগত অৰ্হতা হৈছে মেকানিকেলত বি টেক । তেওঁ ১৯৯২ চনত অন্ধ্ৰপ্ৰদেশৰ ৰিজনেল ইঞ্জিনিয়াৰীং কলেজৰ পৰা মেকানিকেলত বি টেক ডিগ্ৰী গ্ৰহণ কৰে । আনহাতে বিজেপিৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ১৯৯৬ চনত আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে ক'মিউনিকেশ্যন এণ্ড জাৰ্নালিজমত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে । সেইদৰে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ শিক্ষাগত অৰ্হতা গণিতত স্নাতকোত্তৰ । তেওঁ ২০০৪ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ।

যোৰহাট লোকসভা সমষ্টিৰ বাবে মুঠ ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে কংগ্ৰেছৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈ, একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা । কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈয়ে ২০১০ চনত নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধীনত পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । আনহাতে বিজেপি প্ৰাৰ্থী সাংসদ তপন গগৈ কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী । তেওঁ ২০০৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ উপৰি ২০১১ চনত এল এল বি কৰে ।

একম সনাতন ভাৰত দলৰ প্ৰাৰ্থী অৰুণ চন্দ্ৰ সন্দিকৈ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ । আনহাতে নিৰ্দলীয় প্ৰাৰ্থী ৰাজ কুমাৰ দুৱৰাৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ । উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে সপ্তম শ্ৰেণী উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ । প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ অৰ্হতা আৰু অভিজ্ঞতা লৈ ৰাইজৰ হকে কাম কৰাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

অৱশ্যে পাঁচটা সমষ্টিৰ বাবে ৰাইজে পাঁচজনকহে নিৰ্বাচন কৰিব । কিহৰ ভিত্তিত ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব সেয়া ফলাফলতহে উপলব্ধি কৰিব পৰা যাব ।

লগতে পঢ়ক: দৰং ওদালগুৰি সমষ্টি: কোনগৰাকী প্ৰাৰ্থীৰ সম্পত্তি কিমান জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.