ETV Bharat / politics

মোৰ কাৰণে মহিলাসকল ওলাই আহিছে: বদৰুদ্দিন আজমল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 4:46 PM IST

Badruddin Ajmal : পূৰ্বতে ইমান মহিলা ভোট দিবলৈ ওলাই অহা দেখা নাছিল বদৰুদ্দিন আজমলে ৷ এইবাৰে কেৱল তেওঁৰ বাবে ওলাই অহা বুলি কয় প্ৰাৰ্থীগৰাকীয়ে ৷ মহিলাসকলক ধন্যবাদ জনালে বদৰুদ্দিন আজমলে ৷

Badruddin Ajmal
বিলাসীপাৰাৰ টিলাপাৰা ভোটকেন্দ্ৰত বদৰুদ্দিন আজমল (ETV Bharat Assam)

বিলাসীপাৰাৰ টিলাপাৰা ভোটকেন্দ্ৰত বদৰুদ্দিন আজমল (ETV Bharat Assam)

বিলাসীপাৰা, 7 মে’: ধুবুৰী লোকসভা সমষ্টিৰ মহিলাসকলক বিশেষ ধন্যবাদ জনালে বদৰুদ্দিন আজমলে ৷ মঙলবাৰে অনুষ্ঠিত অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত বিলাসীপাৰাৰ টিলাপাৰা ভোটকেন্দ্ৰত উপস্থিত হৈ বিশেষকৈ মহিলাসকলক ধন্যবাদ জনায় সাংসদ তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

ভোটদানৰ বাবে এইবেলি পূৰ্বতকৈ অধিক মহিলা ওলাই অহা বুলি উল্লেখ কৰি আজমলে কয়, ‘‘যিমান মহিলা আজি ওলাই আহিছে, সিমান আগতে মই কেতিয়াও দেখা নাই ৷ মহিলা আজিহে কেৱল মোৰ কাৰণে ৷ ৰকিবুল হুছেইন-জাভেদ ইছলামৰ কাৰণে ওলাই নাহে ৷’’

বিগত 20 বছৰৰ পৰা এইসকল লোকৰ বাবে কাম কৰি অহা বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলে কয়, ‘‘তেওঁলোক মোৰ ঘৰৰ মানুহৰ দৰে ৷ মোৰ ভাই, ভতিজা, ভাগিনৰ দৰে সকলো ৷ শিক্ষাৰ ক্ষেত্ৰত মই কাম কৰি আছোঁ ৷ NEETৰ কাৰণ 700 শিক্ষাৰ্থীক পঢ়াইছো ৷ অসমৰ কাৰণে এইটো বিশ্ব ৰেকৰ্ড হ’ব ৷’’

শিক্ষা লাগেনে আন কিবা লাগে সেয়া মানুহে সিদ্ধান্ত ল’ব লাগে বুলি মন্তব্য কৰি বদৰুদ্দিন আজমলে কয় যে ইয়ালৈ অমিতাভ বচ্চন, ছলমান খান অহা নাই; যাৰ বাবে মানুহ পাগল হৈ যাব ৷ যি কাম কৰিব তাৰ কাৰণেহে মানুহ পাগল হয় বুলি মন্তব্য কৰে আজমলে ৷

‘‘ শিক্ষা নিদি আমাৰ ল’ৰা-ছোৱালীক গোলাম বনাই দিছিল’’ বুলি মন্তব্য কৰে সাংসদ বদৰুদ্দিন আজমলে ৷ সেই গোলামীৰ পৰা স্বাধীন কৰাৰ বাবেই এই তেওঁৰ যুদ্ধ বুলি আজমলে মন্তব্য ৷

উল্লেখ্য যে মঙলবাৰে বিলাসীপাৰাৰ টিলাপাৰা ভোটকেন্দ্ৰত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশৰ বুজ লয় মৌলানা বদৰুদ্দিন আজমলে । ভোটাৰসকলৰ সৈতেও মত বিনিময় কৰে সাংসদগৰাকীয়ে ৷

লগতে পঢ়ক: ধাৰ কৰি বৰ বেছি দিন চৰকাৰ চলাব নোৱাৰি : অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.