ETV Bharat / politics

বৰপেটাত চি পি আই এমৰ শক্তি প্ৰদৰ্শন : মনোৰঞ্জন তালুকদাৰৰ হৈ সীতাৰাম য়েচুৰিৰ প্ৰচাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:49 PM IST

Sitaram Yechury in Assam: মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত বৰপেটাত বিশাল সমাৱেশ । উপস্থিত থাকিল সীতাৰাম য়েচুৰীও ৷ বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজি গণতন্ত্ৰ ৰক্ষাৰ আহ্বান ৰাষ্ট্ৰীয় নেতাগৰাকীৰ ৷

Sitaram Yechury in Assam
বৰপেটাত চি পি আই (এম)ৰ ৰাষ্ট্ৰীয় সম্পাদক সীতাৰাম য়েচুৰি (Etv Bharat)

গুৱাহাটী, ৪ মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমত চাৰিওটা সমষ্টিতে তুংগত উঠিছে প্ৰচাৰ অভিযান । বৰপেটাৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ আজি নিজৰ শক্তি প্ৰদৰ্শন চি পি আই এমৰ ৷ নলবাৰী, বজালী, সৰ্থেবাৰী, কয়াকুছিৰ পিচত এইবাৰ সৰভোগত বিশাল সমাৱেশ আয়োজন দলটোৰ । বৰপেটা লোকসভা সমষ্টিৰ গোটেইকেইটা বিধানসভা সমষ্টিত ধাৰাবাহিক প্ৰচাৰ চলোৱাৰ পিচত এইবাৰ গৃহ সমষ্টি সৰভোগত নিজৰ শক্তি প্ৰদৰ্শন কৰে মনোৰঞ্জন তালুকদাৰে ৷

শনিবাৰে বৰপেটা সংসদীয় সমষ্টিৰ সৰভোগ বিধানসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত এক বিশাল সমাৱেশ অনুষ্ঠিত হয় । সৰভোগত আয়োজন কৰা প্ৰচাৰ সমাৱেশখনত দেখা গ’ল বিপুল সংখ্যক লোকৰ উপস্থিতি । সমাৱেশত ভাগ ল’লে দলৰ সৰ্বভাৰতীয় সম্পাদক সীতাৰাম য়েচুৰিয়ে ।

এক কথাত বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰত পিচপৰি থকা নাই চি পি আই এম । সংসদীয় সমষ্টিটোৰ বিভিন্ন স্থানত ৰোড শ্ব’ আৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিচত আজি মনোৰঞ্জন তালুকদাৰৰ গৃহ সমষ্টিত বৃহৎ সমৰ্থকেৰে বিশাল সমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে চি পি আই এমে । এই সমাৱেশত উপস্থিত থাকে চি পি আই (এম)ৰ ৰাষ্ট্ৰীয় সম্পাদক সীতাৰাম য়েচুৰী ৷

বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজি গণতন্ত্ৰ ৰক্ষাৰ হকে সকলোকে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় । বৰপেটা সমষ্টিত চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় য়েচুৰীয়ে । য়েচুৰীৰ উপৰিও বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস, সুপ্ৰকাশ তালুকদাৰকে ধৰি NCP, CPI, CPI(ML) আৰু ফৰৱাৰ্ড ব্লকৰ নেতৃবৃন্দও উপস্থিত থাকে । ৰাইজৰ দলৰ উপদেষ্টা ঘনশ্যাম নাথ উপস্থিত থাকে । সংখ্যাগুৰু, সংখ্যালঘুকে ধৰি সকলো অংশৰ ৰাইজৰ ব্যাপক জনসমৰ্থন লাভ কৰিবলৈ চি পি আই এমে ব্যাপক চেষ্টা চলোৱা দেখা গৈছে ।

লগতে পঢ়ক: কপালত নাছিল কোকৰাঝাৰ; সেয়েহে নৱ শৰণীয়াই বাছি ল’লে বিহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.