ETV Bharat / politics

ৰাহুল গান্ধীয়ে অসমত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ পৰিকল্পনা কৰিছিল : মুখ্যমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:11 PM IST

Assam CM Slams Rahul Gandhi : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা সন্দৰ্ভত সংবাদমেলত সৰৱ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীয়ে এক পৰিৱেশ সৃষ্টি কৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানটো বিঘ্নিত কৰিব বিচাৰিছিল, কিন্তু সফল হ'ব নোৱাৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীৰ অহংকাৰৰ বাবে অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত কংগ্ৰেছক চাই ল'ব বুলিও কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই।

Assam CM Slams Rahul Gandhi
সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 25 জানুৱাৰী : অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নামত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ পৰিকল্পনা আছিল ৷ এই অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ বৃহস্পতিবাৰে জনতা ভৱনৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীক লৈ পুনৰ সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা বটদ্ৰবা থানলৈ যোৱাৰ আঁৰত ৰাহুল গান্ধীৰ সাম্প্ৰদায়িক সংঘাত লগোৱাৰ পৰিকল্পনা আছিল ৷ কিন্তু অসমৰ ৰাইজে সেয়া হ'বলৈ নিদিলে ৷ অসমত আঠ দিন কটাই যোৱা ৰাহুল গান্ধীক পুনৰ অসমলৈ অহাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মানুহ অতিথিপৰায়ণ, সেয়ে আকৌ অসমলৈ আহিব ৰাহুল গান্ধী ৷ নাহিলেও অনাৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীক বটদ্ৰবা থানলৈ যোৱাত বাধা দিয়া হোৱা নাছিল, কেৱল 3 বজাৰ পাছত যোৱাৰ কথা কোৱা হৈছিল ৷ কাৰণ সিদিনা অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান চলি আছিল আৰু সেই অনুষ্ঠান বটদ্ৰৱা থানত হাজাৰ হাজাৰ মানুহে চাই আছিল ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানটোক কংগ্ৰেছ বহিস্কাৰ কৰিছে ৷ তেনেস্থলত সেই সময়ত ৰাহুল গান্ধী বটদ্ৰবা থানলৈ গ'লে পৰিস্থিতি বেয়া হ'লহেতেন ৷ যাৰ বাবে 3 বজাৰ পাছত ৰাহুল গান্ধীক তালৈ যোৱাৰ বাবে কোৱা হৈছিল ৷ কিন্তু ৰাহুল গান্ধীয়ে তাকে নকৰি তালৈ গৈ 'তামাচা' কৰিলে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ লগতে কয় যে, ৰাহুল গান্ধীয়ে এক পৰিৱেশ সৃষ্টি কৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানটো বিঘ্নিত কৰিব বিচাৰিছিল ৷ কিন্তু সফল হ'ব নোৱাৰিলে ৷ দুঘন্টাও ৰ’বলৈ সময় নহ'ল ৰাহুল গান্ধীৰ ৷

ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে ওচৰৰে গ'ল যদিও ৰাহুল গান্ধী লাচিত বৰফুকনৰ সমাধিলৈ কিয় নগ'ল ৷ গুৱাহাটীলৈ আহি কামাখ্যা মন্দিৰলৈ নগ'ল ৰাহুল গান্ধী ৷ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰতো দুই মিনিট ৰ'বলৈ সময় নহ'ল ৰাহুল গান্ধীৰ ৷ আনহাতে হাজোৰ মাধৱ মন্দিৰ, পোৱা মক্কা তথা বৰপেটা সত্ৰ আৰু ধুবুৰীৰ গুৰুদ্বাৰালৈয়ো নগ'ল ৰাহুল গান্ধী ৷ তাত যাবলৈ মানা কৰা নাছিলোঁ বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰকৃততে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ উদ্দেশ্য আছিল ৰাহুল গান্ধীৰ ৷ ৰাহুল গান্ধীৰ এনে অহংকাৰমূলক আচৰণৰ বাবেই অসমৰ ৰাইজে লোকসভা নিৰ্বাচনত কংগ্ৰেছক চাই ল'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে কংগ্ৰেছে অসমত আগতকৈ কম আসন পাব তথা বহু ভোটৰ ব্যৱধানত হাৰিব ৷ তেওঁ লগতে কয় যে গুৱাহাটীৰ খানাপাৰাত বকো, ছয়গাঁও, ছমৰীয়াৰ পৰা এটা বিশেষ সম্প্ৰদায়ৰ মানুহ আনি ভিৰ কৰিছিল কংগ্ৰেছে ৷ আনহাতে গুৱাহাটী প্ৰেছ ক্লাবৰ লগত কিবা হৈছে, তাতো মোৰ নাম লৈছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খাদ্যত নিমখ বেছি হ'লে নাইবা মিঠা বেছি হ'লেও মোকেই জগৰীয়া কৰে ৰাহুল গান্ধীয়ে ৷ টি-চাৰ্ট পিন্ধি ৰাহুল গান্ধীয়ে বটদ্ৰবা থানলৈ যোৱাৰ প্ৰকৃততে নাটক কৰিছিল ৷ ৰাহুল গান্ধীৰ উদ্দেশ্য বেলেগ আছিল ৷ মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাটৰ ঘটনাৰ ভাষ্য সংগ্ৰহ কৰা হৈছে, আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব ৷ গুৱাহাটীৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰটো এছ আই টিক দিয়া হৈছে বুলি সদৰি কৰি ড৹ শৰ্মাই কয় যে লোকসভা নিৰ্বাচনৰ পাছত ৰাহুল গান্ধীক মতা হ'ব ৷

নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীৰ প্ৰয়োজন আছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী যিটো সমষ্টিতে যাব সেইটো সমষ্টিতে বিজেপি জয়ী হ'ব ৷ সেয়েহে লোকসভা নিৰ্বাচনত আমাক ৰাহুল গান্ধীক লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ এতিয়াৰ কংগ্ৰেছৰ শ্ল'গান বাওঁপন্থী হৈছে বুলি দলটোক কটাক্ষ কৰি তেওঁ কয় যে, কংগ্ৰেছৰ শ্ল'গান নক্সাল প্ৰভাৱিত ৷ আমি 22 বছৰ কংগ্ৰেছত থাকোতে কংগ্ৰেছৰ আদৰ্শ তেনে নাছিল বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷ ৰাহুল গান্ধীক সমস্যা আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গ‍ান্ধী যোৱাৰ বাবে অলপ শান্তি পাইছে তেওঁ ৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা বাহনখন পঞ্চতাৰকা হোটেলৰ দৰে ৷ বাহনখনত অত্যাধুনিক সকলো সা-সুবিধা আছে ৷ আঠজন লোক সুন্দৰভাৱে বহাৰ ঠাই থকা বাহনখনত ভিতৰত সকলো সময়তে ৰাহুল গান্ধী থাকে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে বাহনখনৰ ওপৰত সততে দেখিবলৈ পোৱা ৰাহুল গান্ধীক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা বাহনখনৰ ভিতৰ ভাগৰ বিলাসীপূৰ্ণ ফটোসমূহ দেখুৱাই এই যাত্ৰাক পঞ্চতাৰকা যাত্ৰা আখ্যা দিয়ে ৷

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.