ETV Bharat / politics

'৪৭ৰ পৰা '৭১লৈ সামৰি 'পলিটিকেল হিষ্টৰী অব্ আসাম'ৰ প্ৰথম খণ্ড মুকলি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:46 PM IST

Political History of Assam: মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৃহস্পতিবাৰে উন্মাচন কৰিলে 'প'লিটিকেল হিষ্টৰী অ’ব আসাম'ৰ প্ৰথম খণ্ড ৷ য’ত সন্নিৱিষ্ট কৰা হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দীঘলীয়া সময়ৰ ইতিবৃত্ত ৷ গ্ৰন্থখন সম্পাদনা কৰিছে বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ ৰাজেন শইকীয়াই ৷

Political History of Assam
পলিটিকেল হিষ্টৰী অব্ আসামৰ প্ৰথম খণ্ড মুকলি

গুৱাহাটী, ২৫ জানুৱাৰীঃ অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দীঘলীয়া সময়ৰ ইতিবৃত্ত সামৰি ৰচনা কৰা 'প'লিটিকেল হিষ্টৰী অ’ব আসাম (প্ৰথম খণ্ড)' গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । দিছপুৰৰ জনতা ভৱনৰ লোকসেৱা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থখন উন্মোচন কৰে ।

বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ ৰাজেন শইকীয়াই সম্পাদনা কৰা 'প'লিটিকেল হিষ্টৰী অ'ব আসাম (প্ৰথম খণ্ড)' গ্ৰন্থখনত ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈ অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপট দাঙি ধৰা হৈছে । গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বৌদ্ধিক আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ বাবে আজিৰ দিনটো উল্লেখযোগ্য । অসমৰ ২৪ বছৰীয়া ৰাজনৈতিক ইতিহাস সামৰি আজি গ্ৰন্থখনৰ প্ৰথমটো খণ্ড মুকলি কৰা হৈছে । গ্ৰন্থখনৰ দ্বিতীয় খণ্ডটোত ১৯৭২ চনৰ পৰা ২০০১ চনক সামৰি লোৱা হ'ব ‍আৰু তৃতীয় খণ্ডটোত ২০০২ চনৰ পৰা ২০২০ চনক সামৰি লোৱা হ'ব ।

২০১২ চনত ৰাজনৈতিক ইতিহাসসমৃদ্ধ এই গ্ৰন্থখনৰ কাম হাতত লোৱা হৈছিল যদিও বিভিন্ন কাৰণত হৈ উঠা নাছিল । অৱশেষত গ্ৰন্থখনৰ প্ৰথমটো খণ্ড প্ৰকাশ পালে । মুখ্যমন্ত্ৰীয়ে কয় যে আহোম ৰাজত্বৰ সময়ৰ পৰা ৰাজনৈতিক বুৰঞ্জী লিখা হৈছিল ।

ভাষণ প্ৰসংগত অসম বুৰঞ্জীৰ বিভিন্ন দিশ সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বুৰঞ্জী লিখাৰ সময় আৰু প্ৰাসংগিকতা নতুনধৰণে বিচাৰ কৰিব নালাগে । সত্যৰ অম্বেষণ কৰাই হৈছে বুৰঞ্জীৰ সমল । কংগ্ৰেছৰ দিনত সত্যক উপেক্ষা কৰি বুৰঞ্জী বিকৃত কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদানক উপেক্ষা কৰাৰ দিশটো দাঙি ধৰে । অসম বুৰঞ্জীত বহু বীৰক উপেক্ষা কৰাৰ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । সত্যক অনুধাৱন কৰি সেই সময়ৰ ইতিহাসক লিপিবদ্ধ কৰাৰ সময় আহি পৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বুৰঞ্জী দৰ্শন নহয় । মুখ্যমন্ত্ৰীয়ে কয় যে আমাক সত্যৰ ফচল থকা বুৰঞ্জী লাগে, আদৰ্শৰ উন্মাদনা নালাগে ।

মুখ্যমন্ত্ৰীয়ে গ্ৰন্থখনৰ ইতিবাচক সমালোচনা কাম্য কৰি কয় যে সমালোচনা তথ্যভিত্তিক হ'ব লাগে, আবেগৰ হ'ব নালাগে । তথ্যভিত্তিক শুধৰণিৰ কিবা থাকিলে ভৱিষ্যতে গ্ৰন্থখন পুনৰ সম্পাদিত ৰূপত প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

অনুষ্ঠ‍নাত গ্ৰন্থখনৰ সম্পাদক বিশিষ্ট ইতিহ‍াসবিদ ড৹ ৰাজেন শইকীয়াই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত, অতিৰিক্ত মুখ্য সচিব ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । গ্ৰন্থখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে ।

লগতে পঢ়ক: ৰাহুল গান্ধীয়ে অসমত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ পৰিকল্পনা কৰিছিল : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.